Logo
image

ব্যক্তিগতভাৱে উদ্ধাৰ অভিযানত নামিল চনু ছুড

আমাৰ অসম, ৪ মাৰ্চঃ পুনৰ আকৌ চৰ্চালৈ আহিছে বলীউডৰ জনপ্ৰিয় অভিনেতা তথা সমাজকৰ্মী চনু ছুড৷ ক’ভিড মহামাৰীৰ সময়ছোৱাত দুখীয়া তথা আৰ্তজনক সহায়ৰ হাত আগবঢ়াই সকলোৰে নয়নৰ মণি হোৱা অভিনেতা চনু ছুড এইবাৰ চৰ্চালৈ আহিছে যুদ্ধবিধবস্ত ইউক্ৰেইনত আৱদ্ধ হৈ থকা ভাৰতীয় শিক্ষাৰ্থীসকলক নিজ দেশলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত গ্ৰহণ কৰা বিশেষ উদ্যোগৰ বাবে৷ চনু ছুড আৰু তেওঁৰ নেতৃত্বাধীন স্বেচ্ছাসেৱী সংগঠনে গ্ৰহণ কৰা বিশেষ উদ্যোগৰ বাবে ইতিমধ্যে বহুকেইজন শিক্ষাৰ্থী সুকলমে ভাৰতত আহি উপস্থিত হৈছে৷ সংবাদ মাধ্যমৰ আগত চনু ছুডে শিক্ষাৰ্থীসকলক সহায়ৰ হাত আগবঢ়োৱা সন্দৰ্ভত এইদৰে কয়– ‘মই আজিলৈকে বহুতকে সহায়ৰ হাত আগবঢ়াইছোঁ যদিও এইবাৰ অলপ ব্যতিক্ৰম আৰু কঠিন৷ ইউক্ৰেইনত আৱদ্ধ হৈ থকা ভাৰতীয় শিক্ষাৰ্থীসকলৰ বাবে এইখিনি বৰ কঠিন সময়৷ কিন্তু সৌভাগ্যক্ৰমে মই মোৰ সংগঠনৰ সহায়ত তাত থকা শিক্ষাৰ্থীসকলক সুকলমে ইউক্ৰেইন সীমান্ত পাৰ হোৱাৰ উপৰি বিভিন্ন নিৰাপদ স্থানত উপস্থিত হ’বলৈ সহায় কৰিবলৈ সক্ষম হৈছোঁ৷ সহায় বিচাৰি আমাক যোগাযোগ কৰা শিক্ষাৰ্থীসকলৰ  লোকেশ্বনলৈ আমি ‘লোকেল টেক্সী’ পঠিওৱাৰ ব্যৱস্থা কৰি দিছিলোঁ৷ লোকেশ্বনৰ পৰা শিক্ষাৰ্থীসকলক টেক্সীয়ে খাৰকিভৰ ৰে’লৱে ষ্টেচনলৈ লৈ গৈছিল৷ ৰে’লযোগে শিক্ষাৰ্থীসকল তুলনামূলকভাৱে নিৰাপদ স্থান লিভাইভলৈ গৈছিল৷ লিভাইভত আগৰে পৰা সাজু কৰি ৰখা বাছৰ সহায়ত শিক্ষাৰ্থীসকল পলিচ সীমান্তলৈ গৈছিল৷ যিসকল শিক্ষাৰ্থী আৰ্থিক সংকটত ভূগি আছিল, সেইসকলক আমি বিমানভাড়াও প্ৰদান কৰিছিলোঁ৷ ইতিমধ্যে বহুকেইজন শিক্ষাৰ্থী আহি নিজ গৃহত উপস্থিত হৈছে৷’ ভাৰত চৰকাৰ, বৈদেশিক পৰিক্ৰমা বিভাগ আৰু ভাৰতীয় দূতাবাসে ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়সকলক দেশলৈ ঘূৰাই আনিবলৈ বৰ্তি ৰখা চেষ্টাক অভিনেতাজনে প্ৰশংসা কৰে৷ ইউক্ৰেইনৰ পৰা ভাৰতত আহি উপস্থিত হোৱা তথা বৰ্তমানেও ইউক্ৰেইনত আৱদ্ধ হৈ থকা একাংশ শিক্ষাৰ্থীয়ে চনু ছুডৰ পৰা লাভ কৰা সহায়ৰ বিষয়ে ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰিছে৷ চনু ছুডক প্ৰশংসাৰে ওপচাই পেলোৱা বাৰ্তাসমূহ ইতিমধ্যে ভাইৰেল হৈছে৷ ভাৰতত আহি উপস্থিত হোৱা টাৰ্ণ’পিল নেশ্বনেল মেডিকেল ইউনিভাৰ্ছিটীত তৃতীয় ষান্মাসিকত অধ্যয়নৰত গুজৰাটৰ ছাত্ৰ এজনে ছ’চিয়েল মিডিয়াত এইবুলি উল্লেখ কৰিছে– ‘মই চনু ছুড আৰু তেওঁৰ স্বেচ্ছাসেৱী সংগঠনে কৰা সহায়ৰ ফলত দিল্লী বিমানবন্দৰত সুকলমে আহি উপস্থিত হৈছেঁা৷ বৰ্তমান মই আহমেদাবাদলৈ যোৱা বিমানৰ বাবে অপেক্ষা কৰি আছোঁ৷ আমি ইউক্ৰেইনৰ লিভাইভ চহৰত এটা পেট্ৰ’ল পাম্পত আৱদ্ধ হৈ থকা সময়ত চনু ছুডৰ টীমৰ বাবেই খাদ্য, খোৱাপানী লাভ কৰিছিলোঁ৷ বৰ্তমান মই আহমেদাবাদলৈ যাব লগা বিমান ভাড়াও চনু ছুডেই যোগান ধৰিছে৷’ ইয়াৰ উপৰি ইউক্ৰেইনৰ বিভিন্ন স্থানত আৱদ্ধ হৈ থকা বহুকেইজন শিক্ষাৰ্থীয়ে বিপদৰ সময়ছোৱাত চনুৰ সংস্থাৰ পৰা সহায় লাভ কৰাৰ বিষয়ে ছ’চিয়েল মিডিয়াত উল্লেখ কৰাৰ লগতে চনু তথা তেওঁৰ সংস্থাক ধন্যবাদেৰে ওপচাই পেলাইছে৷