Logo
image

মালিগাঁৱৰ যান-জঁট আৰু বিকল্প পথ

গুৱাহাটী মহানগৰীৰ সদাব্যস্ত মালিগাঁও অঞ্চল এতিয়া বিখ্যাত হৈছে প্ৰচণ্ড যান-জঁটৰ বাবে৷ মুখ্যমন্ত্ৰীৰ নিজৰ সমষ্টি জালুকবাৰীৰ অন্তৰ্গত মালিগাঁৱত এখন উৰণীয়া সেতু নিৰ্মাণৰ কাম চলি আছে আৰু তেনে কাৰণতে দীৰ্ঘদিন ধৰি অঞ্চলটোত যান-জঁট চলি আছে৷ মালিগাঁৱৰ লগতে গুৱাহাটীৰ কেইবাঠাইতো উৰণীয়া সেতু নিৰ্মাণৰ কাম চলি আছে৷ আন অঞ্চলৰ তুলনাত মালিগাঁৱত যান-জঁট বেছি হোৱা দেখা গৈছে, কাৰণ মালিগাঁৱৰ যি ঠাইত উৰণীয়া সেতু নিৰ্মাণৰ কাম চলি আছে, সেই অঞ্চলটো আগৰে পৰা তুলনামূলকভাৱে ঠেক৷ মালিগাঁও গুৱাহাটী মহানগৰীত প্ৰৱেশৰ পথ হোৱাৰ উপৰি ইয়াত আছে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয়৷ ওচৰতে আছে কামাখ্যা ষ্টেচন৷ ষ্টেচনৰ পৰা ওলোৱা পথটো  যথেষ্ট ঠেক আৰু সৰু৷ পৰিকল্পনাহীনভাৱে মালিগাঁৱত গঢ়ি উঠিছে অজস্ৰ দোকান-পোহাৰ৷ মালিগাঁৱৰ ওচৰতে আছে বিখ্যাত কামাখ্যা মন্দিৰ৷ অসম চাবলৈ অহা বেছিভাগ মানুহে এবাৰ কামাখ্যা মন্দিৰলৈ যায়৷ ৰাষ্ট্ৰপতিৰ পৰা মুখ্যমন্ত্ৰীলৈ সকলোৱে কামাখ্যা দৰ্শনৰ বাবে যায়৷ ফলত সকলো সময়তে ইয়াত এক ব্যস্ততা চলি থাকে৷ কামাখ্যা মন্দিৰলৈ উঠি যোৱা পথছোৱাতে এতিয়া উৰণীয়া সেতু নিৰ্মাণৰ কাম চলি আছে৷ সাতে-সোতৰে মিলি মালিগাঁৱৰ উৰণীয়া সেতু নিৰ্মাণস্থলী হৈ পৰিছে যমৰ যাতনাস্থলী৷ 

 গুৱাহাটীৰ পৰা উত্তৰদিশে বাহিৰলৈ যাবলৈ হ’লে মালিগাঁৱৰ মাজেদি যাবই লাগে৷ গতিকে, যান-বাহনেৰে মালিগাঁও পাৰ হোৱাটো এতিয়া হৈ পৰিছে কঠিন সংগ্ৰামৰ দৰে৷ খোলা দিনত পুৱাৰ পৰা গধূলিলৈকে অঞ্চলটোত যান-বাহনৰ ভিৰ লাগে৷ ওচৰতে থকা কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এইটো হৈ পৰিছে ভীষণ যন্ত্ৰণা৷ যিটো গতিত কাম চলিছে, হয়তো অহা দুটা বছৰলৈ এনে যান-জঁট চলি থাকিব, হয়তো বাঢ়িব৷

লক্ষণীয় কথাটো হ’ল– জনসাধাৰণৰ বাবে ভীষণ কষ্টকৰ হৈ পৰা কথাটোক লৈ চৰকাৰ আৰু প্ৰশাসন তেনেই নিৰ্বিকাৰ৷ অলপতে ৰাষ্ট্ৰপতি আহোঁতে আৰক্ষীৰ যান-বাহন শাখা মালিগাঁৱৰ যান-জঁট নিয়ন্ত্ৰণৰ বাবে জঁপিয়াই পৰা দেখা গৈছিল৷ বাকী সময়ত কাকো দেখা নাযায়৷ প্ৰায় এক কিলোমিটাৰজুৰি হোৱা যান-জ’ট নিয়ন্ত্ৰণ কৰিবলৈ কোনো আৰক্ষীক দেখা নাযায়৷ ফলত যান-বাহনৰ গৰাকীয়ে প্ৰতিযোগিতাৰ মনোভাবেৰে আগুৱাই যাবলৈ খোজোঁতে অধিক যান-জঁটৰহে সৃষ্টি হয়৷ অথচ, এই পথছোৱাত কেইজনমান আৰক্ষী-কনিষ্টবল নিয়োগ কৰিলেই এনে ভিৰ কমেও পঞ্চাছ শতাংশ কমাৰ আশা আছে৷ স্বয়ং মুখ্যমন্ত্ৰীয়ে এই বিষয়ত মনোযোগ নিদিয়াটো ৰহস্যজনক৷

মালিগাঁৱত এখন  উৰণীয়া সেতু নিৰ্মাণ হ’লেই অঞ্চলটোৰ যান-জঁট বহুত কমিব বুলি ভবা নাযায়, যদিহে আন বিকল্পৰ ব্যৱস্থাও কৰা নাযায়৷ প্ৰয়াত হোমেন বৰগোহাঞিয়ে  তাহানিতে গুৱাহাটীৰ যান-জঁট নিয়ন্ত্ৰণৰ বাবে পাণ্ডুৰ পৰা নুনমাটিলৈ স্থানীয় ৰে’ল চলোৱাৰ পৰামৰ্শ দি থৈ গৈছে৷ বহুতৰ মতে গুৱাহাটীৰ মাজমজিয়াৰ পৰা গুৱাহাটী ৰে’ল ষ্টেচনটো উঠাই নিনিয়ালৈকে মহানগৰীৰ যান-জঁট সমস্যাৰ স্থায়ী সমাধান নোলায়৷ এসময়ত গুৱাহাটী ৰে’ল ষ্টেচনটো গুৱাহাটীৰ বাহিৰলৈ লৈ যোৱাৰ কথা চলিছিল৷ অগপ চৰকাৰৰ দিনত  অতুল বৰাই [জ্যেষ্ঠজন] গুৱাহাটী ৰে’ল ষ্টেচন উঠাই নিব নোৱাৰিলে মন্ত্ৰিত্ব এৰাৰ প্ৰতিজ্ঞা কৰি বাতৰিৰ সৃষ্টি কৰিছিল৷ ৰে’ল ষ্টেচন আগৰ ঠাইতে থাকিল, বৰঞ্চ ডাঙৰ হ’ল৷ পিছে অতুল বৰাই সেই সময়ত মন্ত্ৰিত্ব নেৰিলে৷ পাছত যেনিবা ৰাজনৈতিক পৰিৱৰ্তনৰ ঢৌত তাহানিৰ অগপৰ মন্ত্ৰী অতুল বৰাই বিজেপিৰ বিধায়ক হ’ব পৰাটোৱে ভাগ্য হৈ পৰিল আৰু দিনে দিনে গুৱাহাটীৰ যান-জঁট বাঢ়ি থাকিল৷

মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ উন্নয়নৰ বাবে বহুত পৰিকল্পনা হাতত লোৱা দেখা গৈছে যদিও মালিগাঁও অঞ্চলটোৰ কোনো উন্নয়ন চকুত পৰাবিধৰ হোৱা নাই৷ এতিয়া হয়তো মালিগাঁওখন উৰণীয়া সেতুৰ তলৰ এটা অঞ্চল হৈ ৰ’ব৷ ভৰলু- শান্তিপুৰ পাৰ হৈ ভূতনাথ অঞ্চলৰ পৰা মালিগাঁও হৈ জালুকবাৰীলৈ পশ্চিম দিশেৰে ৰে’ললাইনৰ সমান্তৰালকৈ এক বিকল্প পথ নিৰ্মাণৰ ব্যৱস্থা কৰি গুৱাহাটী মহানগৰীৰ যান-জ’ট আধা কমোৱাৰ সম্ভাৱনা আছে৷ সম্প্ৰতি বেদখলৰ কবলত থকা ৰে’লৰ দাঁতিৰ মাটিত এনে বিকল্প পথ নিৰ্মাণ কৰিলে মালিগাঁও অঞ্চল হৈ পৰিব পাৰে গুৱাহাটীৰ অন্যতম সুন্দৰ অঞ্চল৷ নিৰ্মীয়মান অৱস্থাত থকা উৰণীয়া সেতুৰ এটা অংশৰে ৰে’ললাইনৰ ওপৰেদি পশ্চিম দিশটোক সংযোগ কৰাৰ সুযোগ লোৱা নহ’ল৷ সুযোগ লোৱা হ’লে হয়তো পশ্চিম দিশৰ জনসাধাৰণৰ দীৰ্ঘদিনীয়া সমস্যা এটা পূৰণ হ’লহেঁতেন, কাৰণ ৰে’ললাইনটোৱে অঞ্চলটোৰ উন্নয়নৰ বাধা হৈ পৰিছে৷ চৰকাৰ আৰু প্ৰশাসনে এই দিশত চিন্তা নকৰিলে কম দিনৰ ভিতৰত মালিগাঁৱৰ গৌৰৱ হেৰাই যোৱাৰ লগতে উৰণীয়া সেতু নিৰ্মাণৰ আচল উদ্দেশ্য পূৰণ নোহোৱাকৈ থাকি যাব! ৰে’ললাইনৰ সমান্তৰালকৈ এক বিকল্প পথে গুৱাহাটীৰ পশ্চিম প্ৰান্তত অৱস্থিত বৃহত্তৰ মালিগাঁও অঞ্চলটোক এটা নতুন ৰূপ দিব বুলি আশা কৰিব পাৰি৷