Logo
image

পেহলে আপ! দেশৰ ৰাজনীতিত নতুন বিকল্পৰ উত্থান

আমাৰ অসম, ১১ মাৰ্চঃ পেহলে আপ– উত্তৰ প্ৰদেশৰ ৰীতি৷ যিকোনো অভ্যাগতক প্ৰথমে আপুনি আগবাঢ়ক বা ‘পেহলে আপ’ বুলি উত্তৰ প্ৰদেশত এজনে আন এজনক সুযোগ দিয়ে৷ নিৰ্বাচন একে সময়তে হ’লেও উত্তৰ প্ৰদেশৰ এই ৰীতিৰ প্ৰতিফলন ঘটিল পঞ্জাবতহে, ৰাজ্য বিধানসভাৰ নিৰ্বাচনত৷ পঞ্জাবত এইবাৰ প্ৰথম হ’ল আপ– এই আপ হৈছে আম আদমী পাৰ্টী, যি স্বাধীনতা-উত্তৰ ভাৰতীয় নিৰ্বাচনত পঞ্জাবৰ ৰাজনৈতিক সমীকৰণ ভাঙি ক্ষমতা কুক্ষিগত কৰিবলৈ সক্ষম হ’ল৷ পৰম্পৰাগতভাৱে এৰাধৰাকৈ কংগ্ৰেছ আৰু আকালি দলে পঞ্জাবৰ শাসন ক্ষমতা অৰ্জন কৰাৰ পথ ৰুদ্ধ কৰি ৰাজ্যখনৰ ৰাজনীতিত নতুন শক্তিৰূপে উদয় হ’ল আম আদমী পাৰ্টীৰ৷ আম আদমী পাৰ্টীৰ এই বিজয়ৰ লগে লগে দেশৰ নাগৰিকে বিকল্পৰূপে এটা ৰাজনৈতিক দলো লাভ কৰিলে৷ অন্ততঃ পঞ্জাবত শক্তিশালী আৰু শাসনাধিষ্ঠিত কংগ্ৰেছ, আঞ্চলিক দল শিৰোমণি আকালি দল আৰু দেশৰ বৃহত্তম ৰাজনৈতিক দল বিজেপিক খোপনি ল’বলৈ নিদিয়াকৈ ধুলিসাৎ কৰাৰ পাছত আম আদমী পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে দাবী কৰিছে, আপৰ ৰূপত দেশবাসীয়ে নতুন ৰাজনৈতিক বিকল্প বিচাৰি পাইছে৷ দেশৰ ভোটাৰে পৰিয়ালতান্ত্ৰিক ৰাজনীতি প্ৰত্যাখ্যান কৰিছে আৰু সুশাসনক আদৰি লৈছে৷ 

দিল্লীৰ মুখ্যমন্ত্ৰী, এসময়ৰ খড়গপুৰ আই আই টিৰ ছাত্ৰ অৰবিন্দ কেজৰিৱালৰ এই বক্তব্যৰ যথাৰ্থতা আছে৷ দিল্লীৰ পাছত দেশৰ আন এখন ৰাজ্যত সীমিত শক্তি আৰু নূ্যনতম ধনবলৰ গৰাকী আপৰ বাবে ক্ষমতা দখল কৰাটো মুঠেই সহজ নাছিল৷ সাংগঠনিক শক্তিৰ দিশৰ পৰা বিজেপিৰ কাষ চাপিব নোৱাৰা, শক্তিৰ দিশত কংগ্ৰেছৰো বহুযোজন পিছত থকা আপৰ দলীয় ধনবল বিজেপি, কংগ্ৰেছৰ তুলনাত হাতী আৰু মাখিৰ দৰে৷ তথাপি আপে পঞ্জাবত শাসনাধিষ্ঠিত কংগ্ৰেছক ওফৰাই, সৰ্বদিশতে শক্তিশালী বিজেপি আৰু বৃহৎ আঞ্চলিক শক্তি আকালি দলক খোপনি ল’বলৈ নিদিয়াকৈ পৰাভূত কৰাৰ ঘটনাই দেশৰ ৰাজনীতিত এক পৃথক বৈশিষ্টৰ আমদানি ঘটাইছে৷ সেয়া হৈছে পৰিয়ালতন্ত্ৰ আৰু একছত্ৰী শাসনৰ বিৰুদ্ধে সুশাসন৷ আপে তেওঁলোকৰ দিল্লীৰ সুশাসন প্ৰতিফলিত কৰিবলৈ সক্ষম হৈছে গোৱাৰ বিধানসভাৰ নিৰ্বাচন আৰু আনকি বুধবাৰে ফলাফল ঘোষণা হোৱা অসমৰ পৌৰসভাৰ নিৰ্বাচনতো৷ কোনো সাংগঠনিক শক্তি আৰু অস্তিত্ব নথকা অসমত পৌৰসভাৰ নিৰ্বাচনত বুধবাৰে আপে দুখনকৈ আসন দখল কৰাটো তেনেই সামান্য ঘটনা নহয়৷ আপৰ দুজনকৈ ৱাৰ্ড মেম্বাৰ প্ৰাৰ্থী বুধবাৰে বিজয়ী হৈছিল তিনিচুকীয়া আৰু লখিমপুৰত৷ স্বাভাৱিকতে সেই বিজয়ক সুশাসনৰ প্ৰতি অসমৰ ভোটাৰ আকৰ্ষিত হোৱা বুলি কৈছিল অৰবিন্দ কেজৰিৱালে৷ বৃহস্পতিবাৰে প্ৰকাশিত গোৱা বিধানসভাৰ নিৰ্বাচনী ফলাফলত আপৰ সাফল্যই কেজৰিৱালৰ দাবীৰ সাৰ্থকতা প্ৰমান কৰিলে৷ কিয়নো, গোৱাত প্ৰত্যাশিতভাৱে বিজেপিয়ে সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিলেও আম আদমী পাৰ্টীয়ে দুখন আসন লাভ কৰিবলৈ সক্ষম হৈছে৷ পুঁজি, সাংগঠনিক দিশৰ পৰা দুৰ্বল, কোনো বাহুবলী নেতা নথকা,  কেন্দ্ৰীয় পুঁজিৰে প্ৰলোভিত কৰিব নোৱাৰা, নিৰ্বাচনৰ পূৰ্বে অসংখ্য প্ৰকল্প-আঁচনিৰে ভোটাৰক মুহিব নোৱাৰা আপৰ দুজন বিধায়ক গোৱাৰ বিধানসভালৈ নিৰ্বাচিত হোৱাটো প্ৰকৃততে সামান্য ঘটনা নহয়৷ দেশৰ ভোটাৰে সম্ভৱতঃ আপৰ ৰূপতে এতিয়া বিকল্প ৰাজনৈতিক শক্তিৰ ছাঁয়া দেখিবলৈ পাইছে৷ কংগ্ৰেছৰ ওপৰত আস্থা ৰাখিবলৈ ইচ্ছুক নোহোৱা দেশৰ বহু ভোটাৰ বিজেপিৰ দমনমূলক ৰাজনীতিৰো পৰিপন্থী৷ সৰ্বাধিনায়কৰ দৰে দল চলোৱা নৰেন্দ্ৰ মোদী আৰু তেওঁৰ সীমিতসংখ্যক সতীৰ্থৰ কাৰ্যকলাপত দেশৰ বহু ভোটাৰ নাৰাজ৷ এনে পৰিপ্ৰেক্ষিততে দেশৰ ভৱিষ্যতৰ ৰাজনীতিত আম আদমী পাৰ্টী বিজেপি আৰু কংগ্ৰেছৰ বিকল্প ৰাজনৈতিক দল হিচাপে শক্তিশালী ৰূপত থিয় হ’ব পাৰে৷ বিশেষ শক্তি নোহোৱাকৈ দুখন ৰাজ্যলৈ ক্ষমতা বিস্তাৰ কৰি আপে এতিয়া সৰ্বভাৰতীয় দল হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে৷ নিকট ভৱিষ্যতত সেয়ে আম আদমী পাৰ্টী ভাৰতৰ অগণন ভোটাৰৰ প্ৰথম পছন্দৰ দল হৈ উঠিব পাৰে৷