Logo
image

ৰণত পৰিল ৫ মুখ্যমন্ত্ৰী

উত্তৰ প্ৰদেশত নাও বুৰিল প্ৰিয়ংকাৰ

আমাৰ অসম, ১১ মাৰ্চঃ দেশৰ পাঁচখন ৰাজ্যৰ নিৰ্বাচনত পাঁচজন মুখ্যমন্ত্ৰী বা প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে পৰাজয় স্বীকাৰ কৰিছে আৰু উত্তৰ প্ৰদেশত কংগ্ৰেছক নেতৃত্ব দিয়া প্ৰিয়ংকা গান্ধীৰ ৰাজনৈতিক নাও গংগাৰ পানীত বুৰ গৈছে৷ পাঁচখন ৰাজ্যৰ নিৰ্বাচনী ফলাফল প্ৰকাশ হোৱাৰ পাছত এটা বিষয় অতি স্পষ্টভাৱে পৰিস্ফুট হৈ পৰিছে যে, ভাৰতীয় ৰাজনীতিত সম্প্ৰতি কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী আৰু ভগ্নী প্ৰিয়ংকা গান্ধীৰ ‘ব্ৰেণ্ড ভেল্যু’ শূন্য হৈ পৰিছে৷ এই কথা এতিয়া অনস্বীকাৰ্য যে, গান্ধী পৰিয়ালৰ সদস্য হিচাপে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ দলৰ ওপৰত যি কতৃৰ্ত্ব আছিল, ভোটাৰৰ ওচৰত যি গ্ৰহণযোগ্যতা আছিল সেয়া পাঁচখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনে সমূলি নোহোৱা কৰিলে৷ পঞ্জাব, মণিপুৰ, গোৱা আৰু উত্তৰাখণ্ডত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ ফলত কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী আৰু উত্তৰ প্ৰদেশত কংগ্ৰেছ গংগাৰ গভীৰ জলত নিমজ্জিত  হোৱাত দলনেত্ৰী প্ৰিয়ংকা গান্ধী দলৰ সাধাৰণ নেতা-নেত্ৰীলৈ পৰ্যবসিত হৈ পৰিল৷ এই নিৰ্বাচনে দুয়োৰ ৰাজনৈতিক আৰু নিৰ্বাচনী ‘ব্ৰেণ্ড ভেল্যু’ সমুলঞ্চে নোহোৱা কৰিলে বুলিয়েই ৰাজনৈতিক বিশ্লেষকে মত প্ৰকাশ কৰিছে৷ উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, মণিপুৰ আৰু গোৱাৰ বিজয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পুনৰ দেশৰ ৰাজনীতিত অপ্ৰতিদ্বন্দ্বী নেতা হিচাপে প্ৰতিষ্ঠিত কৰিলে৷ মোদীৰ যাদু শেষ হোৱা বুলি কিছুদিন আগৰে পৰা চৰ্চা চলি থাকিলেও উত্তৰ প্ৰদেশকে ধৰি চাৰিখন ৰাজ্যত বিজেপিৰ শাসন পুনৰ প্ৰতিষ্ঠা হোৱাত মোদীৰ যাদু অম্লান থকা  বুলি প্ৰমাণিত হৈছে৷ কৃষকৰ আন্দোলনৰ ফলত উত্তৰ প্ৰদেশত বিজেপিৰ বৃহৎ ক্ষতি হ’ব বুলি অনেকেই মত প্ৰকাশ কৰিছিল৷ কিন্তু মোদী-যোগী যুটীয়ে সেই আশংকা অমূলক প্ৰমাণিত কৰিলে৷ বুঢ়াৰ হাতত চেঙেলি পৰাৰ দৰে মোদীৰ সন্মুখত তেনে দশা হ’ল ৰাহুল-প্ৰিয়ংকাৰ৷ নিজৰ আৰু দলৰ বিজয়ৰ অন্তত দিয়া ১৭ মিনিটৰ ভাষণত যোগী আদিত্যনাথে বৃহস্পতিবাৰে মুঠেই তিনিবাৰ জয় শ্ৰীৰাম ধবনি দিলেও মোদীৰ নামত জয়ধবনি দিলে ১৪ বাৰ৷ অৱশ্যেই সেয়া  মোদীৰ প্ৰাপ্য৷ 

চৌদিশে গেৰুৱা দলৰ জয়লাভৰ মাজত উত্তৰাখণ্ডত পৰাজিত হ’ল মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামী৷ খাতিমা সমষ্টিত মুখ্যমন্ত্ৰী ধামী পৰাজিত হ’ল কংগ্ৰেছৰ ভূৱন চন্দ্ৰ কাপ্ৰিৰ হাতত৷ ৰাজ্যখনত বিজেপিয়ে দুবাৰকৈ মুখ্যমন্ত্ৰী সলনি কৰিও শেষৰক্ষা কৰিবলৈ সক্ষম নহ’ল৷ কোনো জনসংযোগ নোহোৱা আৰু নিজ সমষ্টিৰ উন্নয়ন সাধন কৰিব নোৱাৰাৰ বাবেই ধামীৰ এই দশা হোৱা বুলি চৰ্চা হৈছে৷ ৰাজ্যত শাসন ক্ষমতা অক্ষুণ্ণ ৰখা বিজেপিৰ বাবে সেয়ে এইবাৰ মুখ্যমন্ত্ৰী নিৰ্বাচন অতি কঠিন হ’ব৷ উত্তৰাখণ্ডৰ নিৰ্বাচনত ৰাজ্যখনৰ প্ৰাক্তন কংগ্ৰেছী মুখ্যমন্ত্ৰী হৰিশ ৰাৱাট ৰণত পৰিল৷ লালকুঁৱা সমষ্টিত কংগ্ৰেছৰ আগশাৰীৰ নেতা ৰাৱাটক বিজেপিৰ মোহন সিং বিস্তে পৰাজিত কৰে৷ বৃহস্পতিবাৰে প্ৰকাশিত নিৰ্বাচনী ফলাফলত সৰ্বাধিক মুখ্যমন্ত্ৰী আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী পৰাজিত হৈছে পঞ্জাবত৷ বিদায়ী কংগ্ৰেছ চৰকাৰৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং ছন্নী দুটাকৈ সমষ্টি ক্ৰমে– চমকৌৰ চাহিব আৰু ভাদৌৰ সমষ্টিত পৰাজিত হ’ল৷ দুয়োটা সমষ্টিতে তেওঁ চিকাৰ হ’ল আপৰ প্ৰতিদ্বন্দ্বীৰ৷ আনহাতে যোৱা ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীৰ আসন হেৰুৱাই কংগ্ৰেছ দল ত্যাগ কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিং নিজৰ দুৰ্গ পাতিয়ালাত পৰাজিত হ’ল৷ নতুন দল গঠন কৰি বিজেপিৰ সৈতে জোঁট বান্ধি নিৰ্বাচনত নামিলেও নিজৰ দুৰ্গ ৰক্ষা কৰিব নোৱাৰিলে প্ৰাক্তন কংগ্ৰেছী মুখ্যমন্ত্ৰীয়ে৷ পঞ্জাবৰ আন এজন প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদলো পৰাজিত হ’ল৷ লাম্বি বিধানসভা সমষ্টিত প্ৰকাশ সিং বাদলক পৰাস্ত কৰিলে আপৰ গুৰমিত সিঙে৷ পঞ্জাবৰ ৰাজনীতিৰ পিতামহ প্ৰকাশ সিং বাদলৰ পৰিয়ালৰ কোনো সদস্যই এইবাৰ বিধানসভালৈ নিৰ্বাচিত নহ’ল৷ বিগত তিনিটা দশকৰ ভিতৰত এইবাৰেই বাদল পৰিয়ালৰ সদস্যবিহীন হ’ব পঞ্জাব বিধানসভা৷ প্ৰকাশ সিং বাদলৰ পুত্ৰ সুখবীৰ সিং বাদল, সুখবীৰৰ ভতিজাক মনপ্ৰীত সিং বাদল, সুখবীৰৰ খুলশালী বিক্ৰম সিং মাজিথিয়া আৰু প্ৰকাশ সিং বাদলৰ নাতিজোঁৱাই আদাইছ প্ৰতাপ সিং এই নিৰ্বাচনত পৰাজিত হোৱাৰ লগে লগে পঞ্জাব বিধানসভা বাদল- পৰিয়ালশূন্য হৈ পৰিল৷