Logo
image

মুখ্যমন্ত্ৰী হ’ব কমেডিয়ান, মন্ত্ৰী হ’ব পাৰে মোবাইল মেকানিকো

আমাৰ অসম, ১২ মাৰ্চঃ এসময়ৰ জনপ্ৰিয় কমেডিয়ান ভগৱন্ত মান হ’ব পঞ্জাৱৰ নতুন মুখ্যমন্ত্ৰী৷ পঞ্জাৱত প্ৰথমবাৰৰ বাবে ক্ষমতালৈ অহা ‘আপ’ চৰকাৰৰ মুখ্যমন্ত্ৰী ৰূপে ভগৱন্ত মানে অহা ১৬ মাৰ্চত শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে৷ এসময়ত পঞ্জাৱৰ বাটে-ঘাটে, বজাৰে-খেতিপথাৰে শুনিবলৈ পোৱা গৈছিল এইজন ভগৱন্ত মানে পৰিৱেশন কৰা বিভিন্ন কৌতুক৷ মূলতঃ পঞ্জাৱী ভাষাত মানে ৰাজনীতি সম্পৰ্কীয় বিভিন্ন বিষয়ক কৌতুক আকাৰে সৰ্বসাধাৰণৰ মাজত বিলাই দিছিল৷ ৰাজনৈতিক নেতাক লৈয়ো তেওঁৰ আছে বহু কৌতুক৷ আজিও ভগৱন্ত মানৰ নাম শুনিলেই পঞ্জাৱৰ মানুহৰ মুখত হাঁহিৰ ৰোঁল উঠে৷ টিভি চেনেলৰ জনপ্ৰিয় অনুষ্ঠান ‘কপিল শৰ্মা শ্ব’তো ভাগ লৈছিল ভগৱন্ত মানে৷ ২০০৬ চনত জনপ্ৰিয় কৌতুক ৰিয়েলিটি শ্ব’ৰ অন্যতম প্ৰতিযোগী আছিল ভগৱন্ত সিং মান৷ সেই অনুষ্ঠানটোত বিচাৰকৰ আসনত আছিল তেওঁৰ বৰ্তমানৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বী নৱজ্যোত সিং সিদ্ধু৷ সেইজন ভগৱন্ত মানেই পঞ্জাৱৰ নতুন চৰকাৰৰ মুখ্যমন্ত্ৰী হ’বলৈ ওলাইছে৷ উল্লেখ্য যে ভগৱন্ত মান ইয়াৰ পূৰ্বে আম আদমি পাৰ্টীৰ সাংসদ আছিল৷ ২০১৪ চনৰ লোকসভা নিৰ্বাচনত আম আদমি পাৰ্টীৰ প্ৰাৰ্থীৰূপে তেওঁ পঞ্জাৱৰ ছাংৰুল সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হয়৷ অৱশ্যে ৰাজনীতিক হিচাপে তেওঁ ইয়াৰ পূৰ্বে পঞ্জাৱৰ সাধাৰণ নাগৰিকৰ পৰিচিত মুখ নাছিল৷ এইবাৰ পঞ্জাৱ বিধানসভা নিৰ্বাচন ঘোষণা হোৱাৰ পাছতে অৰবিন্দ কেজৰিৱালৰ দল ‘আপে’ তেওঁক পঞ্জাৱৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ৰূপে প্ৰক্ষেপ কৰে৷ আৰু অৱশেষত ধুৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি তেওঁ বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰাৰ উপৰিও মুখ্যমন্ত্ৰীৰ আসন দখল কৰাটো নিশ্চিত কৰে৷

আনহাতে আম আদমি পাৰ্টীৰ আন এজন নিৰ্বাচিত প্ৰাৰ্থী লাভ সিং উগোক লৈয়ো এতিয়া সৰ্বসাধাৰণৰ মাজত চৰ্চা চলিছে৷ এসময়ৰ ম’বাইল ফোনৰ মেকানিক লাভ সিং উগোৱে পৰাজিত কৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ দলৰ হেভিৱেট প্ৰাৰ্থী চৰণজিৎ সিং ছান্নিক৷ ভাদৌ সমষ্টিত লাভ সিঙৰ হাতত বিপুল ভোটৰ ব্যৱধানত পৰাজয় বৰণ কৰিবলগীয়া হয় ছান্নি৷ উল্লেখ্য যে লাভ সিঙৰ পিতৃ পেছাত এজন গাড়ীচালক৷ মাতৃ চৰকাৰী বিদ্যালয় এখনৰ চাফাই কৰ্মী৷ ৰাজনীতিত প্ৰৱেশৰ পূৰ্বে দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱা লাভ সিঙে এখন ম’বাইল ফোন মেৰামতিৰ দোকান চলাইছিল৷ পঞ্জাৱৰ নতুন চৰকাৰখনত লাভ সিং উগোকে মন্ত্ৰিত্ব পোৱাৰ আশা আছে৷ ইপিনে পঞ্জাৱ বিধানসভা নিৰ্বাচনত এইবাৰ ১৩জনকৈ চিকিৎসকো বিধায়কৰূপে নিৰ্বাচিত হৈছে৷ ভাৰতীয় ৰাজনীতিত এনে বৃহৎসংখ্যক চিকিৎসক বিধায়ক হিচাপে নিৰ্বাচিত হোৱাটো এয়াই প্ৰথম৷