Logo
image

’২৪ৰ প্ৰচাৰ আৰম্ভ কৰি দিলে মোদীয়ে

গুজৰাটত প্ৰধানমন্ত্ৰীৰ বিশাল ৰোড শ্ব’

আমাৰ অসম, ১২ মাৰ্চঃ সদ্যসমাপ্ত পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে উত্তৰ প্ৰদেশকে ধৰি চাৰিখন ৰাজ্যত বিজয় সাব্যস্ত কৰাত গেৰুৱা দলটোৱে দেশজুৰি আজি বিজয় উৎসৱ পালন কৰে৷ আজিৰ দিনটোত  কেইবাখনো ৰাজ্যত বিজেপিৰ নেতা-কৰ্মী তথা সমৰ্থকসকলে ৰং-ফাকুৰে এক প্ৰকাৰ আগতীয়া হোলী উদ্‌যাপন কৰে৷ ৰাজপথত হাজাৰ হাজাৰ লোকৰ সমদল আৰু দলীয় শ্লোগানে আকাশ-বতাহ মুখৰিত কৰি তোলে৷ ইপিনে উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, মণিপুৰ আৰু গোৱা দখল কৰাৰ  পাছত এইবাৰ মোদীৰ লক্ষ্য হৈ পৰিছে গুজৰাট৷ উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে গুজৰাটখন আটাইতকৈ গুৰুত্বপূৰ্ণ ৰাজ্য৷ কিয়নো তেওঁ গুজৰাটৰ ভূমিপুত্ৰ৷ আৰু সেয়ে হয়তো উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, মণিপুৰ আৰু গোৱাত বিজয় সাব্যস্ত কৰাৰ পাছত অকণো সময় নষ্ট নকৰি শুকুৰবাৰে প্ৰধানমন্ত্ৰী মোদী উপস্থিত হয় গুজৰাটত৷ গুজৰাটত দুদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে পুৱা উপস্থিত হোৱা মোদীয়ে আহমেদাবাদত এক বিশাল ৰোড শ্ব’ত অংশগ্ৰহণ কৰে৷ কেইবালাখ লোকে ভাগ লোৱা এই ৰোড শ্ব’ৰ সময়ত আহমেদাবাদৰ আকাশে-বতাহে প্ৰতিধবনিত হয় ‘মোদী জিন্দাবাদ’ আৰু বিজেপি দলৰ শ্লোগান৷ আহমেদাবাদৰ বিমান বন্দৰৰ পৰা আৰম্ভ হোৱা প্ৰায় ৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰোড শ্ব’টো গান্ধীনগৰস্থিত গুজৰাট বিজেপিৰ সদৰ কাৰ্যালয়ত অন্ত পৰে৷ ৰোড শ্ব’টোত ভাগ লোৱাৰ সময়ত প্ৰধানমন্ত্ৰী মোদীক দেখা যায় এখন অ’ডিকাৰৰ খোলা হুডত৷ তাৰ পৰা তেওঁ পথৰ দুয়োকাষে সমবেত হৈ থকা ৰাইজক হাতবাউল দি অভিনন্দন জনায়৷ স্মৰ্তব্য যে চলিত বৰ্ষৰ ডিচেম্বৰ মাহত গুজৰাট বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছে৷ আৰু সেয়ে প্ৰধানমন্ত্ৰী মোদীয়ে সদ্যসমাপ্ত নিৰ্বাচনত চাৰিখনকৈ ৰাজ্য দখলৰ পাছত গুজৰাটৰ বাবে আজি কাৰ্যতঃ নিৰ্বাচনী ডংকা বজায়৷ আজি ৰোড শ্ব’ত ভাগ লোৱাৰ পাছতে মোদীয়ে আহমেদাবাদত পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ নিৰ্বাচিত প্ৰতিনিধিসকলৰ এক সন্মিলনত অংশগ্ৰহণ কৰে৷ উক্ত সন্মিলনত ভাষণ দি মোদীয়ে সদ্যসমাপ্ত নিৰ্বাচনৰ ফলাফলে ২০২৪ত যে কেন্দ্ৰত পুনৰ বিজেপি চৰকাৰ আহিব তাৰেই ইংগিত দিয়া বুলি উল্লেখ কৰে৷ তদুপৰি ২০২৪ৰ বাবে সকলোকে এতিয়াৰে পৰা সাজু হ’বলৈ মোদীয়ে আহ্বান জনায়৷ সন্মিলনখনত গুজৰাটৰ গাঁও পঞ্চায়ত আৰু জিলা পঞ্চায়তৰ সদস্যসকলৰ লগতে প্ৰায় এক লাখ লোকৰ সমাগম ঘটে৷ দুদিনীয়া গুজৰাট ভ্ৰমণকালত মোদীয়ে আহমেদাবাদত ‘খেল মহাকুম্ভ’ শীৰ্ষক এক ক্ৰীড়া মহোৎসৱৰ উদ্বোধন কৰাৰ লগতে গান্ধীনগৰ জিলাৰ লাভাডত থকা ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বিশ্ববিদ্যালয়ৰ প্ৰথম সমাৱৰ্তনতো মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰিব৷

ইপিনে পাঁচ ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলক ভিত্তি কৰি লোকসভা নিৰ্বাচনতো বিজেপিৰ জয় নিশ্চিত বুলি মোদীয়ে আগবঢ়োৱা তত্ত্বক খাৰিজ কৰিছে ভোটকৌশলী প্ৰশান্ত কিশোৰে৷ এক টুইট বাৰ্তাত প্ৰশান্ত কিশোৰে উল্লেখ কৰে– ‘লোকসভা নিৰ্বাচনত কি হ’ব, সেয়া ২০২৪ত ঠিক হ’ব৷ কোনো ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলৰ ভিত্তিত নহয়৷’ টুইট বাৰ্তাটোত মোদীক ‘চাহেব’ বুলিও কটাক্ষ কৰে প্ৰশান্ত কিশোৰে৷ টুইটাৰত তেওঁ উল্লেখ কৰে– ‘ভাৰতৰ বাবে যি যুদ্ধ ২০২৪ত হ’ব, তেতিয়াই তাৰ ফল নিৰ্ধাৰিত হ’ব৷ কোনো ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলৰ ভিত্তিত যে নহয় সেয়া ‘চাহেবে’ও জানে৷ তেওঁ মাথোঁ বিধানসভা নিৰ্বাচনৰ ফলক লৈ এটা উন্মাদনাৰ সৃষ্টি কৰি বিৰোধীৰ ওপৰত মনস্তাত্ত্বিক চাপ সৃষ্টি কৰাৰ কৌশল অৱলম্বন কৰিছে৷ এই মিছা প্ৰচাৰৰ ফান্দত নপৰিব বা ভাগ নল’ব৷’