Logo
image

ভোটৰ এই ফলাফল ২৪১ পূৰ্বাভাস নহয়

মোদীক বাৰ্তা প্ৰশান্ত কিশোৰৰ

আমাৰ অসম, ১৩ মাৰ্চঃ পশ্চিমবংগত অত্যধিক আত্মবিশ্বাস দেখুৱাই মমতা বেনাৰ্জীৰ হাতত শোচনীয়ভাৱে পৰাজিত হোৱাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপিৰ শীৰ্ষমহল দীৰ্ঘদিন আপেক্ষিকভাৱে নীৰৱ আছিল৷ চৰ্চা হৈছিল, নৰেন্দ্ৰ মোদীৰ যাদু দেশৰ ৰাজনীতিত ক্ৰমাৎ ম্লান হৈ আহিছে৷ কিন্তু শেহতীয়া পাঁচখন ৰাজ্যৰ নিৰ্বাচনী ফলাফল প্ৰকাশ হোৱাৰ পাছত চাৰিখনতে বিজেপিয়ে ক্ষমতা অৰ্জন কৰাত সকলোৱে স্বীকাৰ কৰিছে  ।নৰেন্দ্ৰ মোদীৰ যাদু এতিয়াও শেষ হোৱা নাই, অম্লান আছে৷ সেই ধাৰণা অধিক প্ৰতিষ্ঠিত কৰাৰ মানসেৰে উত্তৰ প্ৰদেশৰ বিজয়ৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গৃহৰাজ্য গুজৰাটত এটা বিশাল ৰোড শ্ব’ অনুষ্ঠিত কৰি ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ বতাহ আৰম্ভ কৰি দিলে৷ উত্তৰ প্ৰদেশকে ধৰি দেশৰ চাৰিখন ৰাজ্যত ক্ষমতা দখল কৰাৰ দিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ৰ পৰা দলীয় কৰ্মীক উদ্দেশ্যি দিয়া ভাষণত সেই ফলাফল ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ বিজয়ৰ ইংগিত বুলিও মন্তব্য কৰিছিল৷ এককথাত, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ বিজয়ৰ শৃংখল ২০২৪ চনৰ সাধাৰণ নিৰ্বাচন পৰ্যন্ত টানি নিয়াৰ চেষ্টা চলাইছে৷ তেওঁ দেশবাসীক বুজাবলৈ চেষ্টা কৰিছে যে বিজেপিৰ প্ৰতি দেশৰ ভোটাৰ এতিয়াও আকৃষ্ট আৰু তেওঁৰ নিৰ্বাচনী বিজয়ৰ যাদু এতিয়াও অম্লান৷ বিজেপি অবিহনে দেশত বিকল্প নাই৷ সেই বিষয়টো অতি কৌশলেৰে মোদীয়ে দেশবাসীক পতিয়ন নিয়াবলৈ চেষ্টা কৰাৰ সময়তে নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰে মোদীক উদ্দেশ্য কৰি কৈছে এই যুঁজ আৰু ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ যুঁজ সম্পূৰ্ণ পৃথক হ’ব৷ উত্তৰ প্ৰদেশত সপক্ষে সৃষ্টি হোৱা ঢৌ সমগ্ৰ দেশত দেখা নাযাব৷ প্ৰশান্ত কিশোৰে এটা টুইট কৰি কৈছে– ‘ভাৰতৰ যুদ্ধ হ’ব ২০২৪ চনত,  আৰু সেয়া কোনো ৰাজ্যৰ নিৰ্বাচনত নহয়৷ চাহাবে সেই কথা জানে৷ সেয়ে অতি চতুৰভাৱে তেওঁ বিৰোধী ৰাজনৈতিক দলৰ ওপৰত মনস্তাত্বিক হেঁচা তৈয়াৰ কৰি প্ৰাধান্য বিস্তাৰৰ বাবে ৰাজ্য বিধানসভাৰ ভোটৰ ফলাফলক লৈ উন্মাদনা সৃষ্টিৰ চেষ্টা চলাইছে৷ তেওঁৰ এই মিছা ব্যাখ্যা মানি ল’ব নালাগে৷’ পি কে বা প্ৰশান্ত কিশোৰে চাহাব বুলি মোদীকেই যে ইংগিত কৰিছে তাত কোনো সন্দেহ নাই৷ তদুপৰি তেওঁ প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ এই কৌশলো দেশবাসীৰ সন্মুখত উদঙাই দেখুৱাইছে৷ উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, মণিপুৰ আৰু গোৱাত সাব্যস্ত কৰা বিজয়ৰ ঢৌ আৰু শৃংখল মোদীয়ে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচন পৰ্যন্ত দেশত অব্যাহত ৰাখিবলৈ চেষ্টা কৰিছে, যাতে দেশবাসীয়ে এই বিজয়ত চকুত থৈ ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত পুনৰ বিজেপিক বিজয়ী কৰায়৷ প্ৰশান্ত কিশোৰৰ মতে, স্বয়ং মোদীয়ে এই কথা ভালদৰেই জানে যে চাৰি ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত প্ৰভাৱ পেলাব নোৱাৰে৷ সেই নিৰ্বাচনী যুঁজ, কৌশল আৰু ফলাফল সম্পূৰ্ণ পৃথক হ’ব৷ পিছে নিৰ্বাচনী যুঁজত অতি বিচক্ষণ মোদী আৰু অমিত শ্বাহে  এই বিজয়ৰ ঢৌ আৰু দুবছৰ যেনেতেনে অব্যাহত ৰাখিবলৈ বিচাৰিছে৷ তাৰেই বিৰোধিতা কৰি পি কেই দেশৰ ভোটাৰক সেয়া যে বিজেপিৰ মিথ্যাচাৰ সেয়া দেখুৱাই দিছে আৰু একেলগে তেওঁ চাহাব বুলি প্ৰধানমন্ত্ৰী মোদীলৈও এপাট শেল এৰিছে৷ উল্লেখ্য, পশ্চিমবংগত সৰ্বশক্তি প্ৰয়োগ কৰি বিজেপিয়ে ক্ষমতা দখল কৰিবলৈ কৰা চেষ্টা মমতা বেনাৰ্জীয়ে প্ৰতিহত কৰিছিল এই প্ৰশান্ত কিশোৰৰ ৰাজনৈতিক পৰামৰ্শত৷ প্ৰকৃততে পি কেৰ আই পেক নামৰ সংগঠনটোৰ সহায়ত তৃণমূল কংগ্ৰেছে শেহতীয়া বিধানসভাৰ নিৰ্বাচনত যুঁজিছিল আৰু প্ৰৱল শক্তিশালী বিজেপিক প্ৰতিহত কৰিবলৈ সক্ষম হৈছিল৷ সেয়ে পি কেই প্ৰধানমন্ত্ৰীক উদ্দেশ্যি কৰা এই মন্তব্যই দেশজুৰি চৰ্চা লাভ কৰিছে আৰু শেহতীয়া নিৰ্বাচনৰ ব্যৰ্থতাত হতাশাগ্ৰস্ত বিৰোধী ৰাজনৈতিক দলৰ বাবে তেওঁৰ মন্তব্য সঞ্জীৱনী যেন হৈ পৰিছে৷