Logo
image

ছোনিয়াৰ নেতৃত্বতে থাকিল কংগ্ৰেছ

প্ৰস্তাৱ উত্থাপনেই নহ’ল

আমাৰ অসম, ১৪ মাৰ্চঃ ‘গান্ধী পৰিয়ালৰ হাততে থাকিব কংগ্ৰেছৰ বাঘজৰী৷ ছোনিয়া গান্ধীৰ নেতৃত্বতে চলিব কংগ্ৰেছ৷’ দেওবাৰে সন্ধিয়া নতুন দিল্লীত পাঁচ ঘণ্টা ধৰি চলা কংগ্ৰেছৰ বৈঠকত ঘূৰি ঘূৰি টাকুৰি ঘূৰি পুনৰ এই সিদ্ধান্তকে গ্ৰহণ কৰা হ’ল৷ উল্লেখ্য যে দেশৰ পাঁচ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পাছত নিয়মমাফিক কাৰণ বিশ্লেষণৰ বাবে আজি সন্ধিয়া ৪ বজাৰ পৰা অনুষ্ঠিত হৈছিল কংগ্ৰেছ ৱৰ্কিং কমিটীৰ এই বৈঠক৷ কংগ্ৰেছৰ চিৰাচৰিত এই বৈঠকত আজি ৰাহুল গান্ধী, ছোনিয়া গান্ধী, প্ৰিয়ংকা গান্ধীৰ উপৰিও জ্যেষ্ঠ কংগ্ৰেছ নেতা ক্ৰমে কে চি বেণুগোপাল, ৰণদীপ সিং সূৰ্যৱালা, ৰাজ্যসভাৰ নেতা মল্লিকাৰ্জুন খৰ্গে, পি চিদাম্বৰম, অম্বিকা ছোনী, ছলমান খুৰছিদ, অজয় মাকেন, অশোক গেহলট, ভূপেশ ৱাঘেলা, হৰিশ ৰাৱট আদি উপস্থিত আছিল৷ বৈঠকৰ পাছত মল্লিকাৰ্জুন খৰ্গেই প্ৰথমে সাংবাদিকৰ আগত কৰে সেই প্ৰত্যাশিত ঘোষণা– ‘ছোনিয়া গান্ধীয়েই আমাক নেতৃত্ব দিব আৰু ভৱিষ্যতৰ খোজ নিৰ্ধাৰণ কৰিব৷ আমাৰ সকলোৰে তেওঁৰ ওচৰত অগাধ বিশ্বাস আছে’৷ একেই প্ৰসংগত পাছত কংগ্ৰেছৰ দুই সাধাৰণ সম্পাদক কে চি বেণু গোপাল আৰু ৰণদীপ সিং সূৰ্যৱালাই এক সংবাদ মেলো সম্বোধন কৰে৷ তেওঁলোকে ৱৰ্কিং কমিটীৰ বৈঠকত গ্ৰহণ কৰা এক প্ৰস্তাৱ পাঠ কৰে৷ দেওবাৰৰ কংগ্ৰেছ ৱৰ্কিং কমিটীৰ বৈঠকে আনুষ্ঠানিকভাৱে এই সিদ্ধান্তও গ্ৰহণ কৰে যে অহা আগষ্ট-ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া কংগ্ৰেছৰ সাংগঠনিক নিৰ্বাচন দুই-তিনিমাহ আগুৱাই অনা হ’ব৷ উল্লেখ্য যে দেওবাৰৰ কংগ্ৰেছ ৱৰ্কিং কমিটীৰ বৈঠকৰ পূৰ্বে ছোনিয়া, ৰাহুল, প্ৰিয়ংকাই দলৰ দায়িত্বৰ পৰা পদত্যাগ কৰিব বুলি দেশজুৰি চৰ্চা হৈছিল যদিও মূৰকত সেই কথা ধাৰণা কৰাৰ দৰেই অসত্যত পৰিণত হয়৷ অৱশ্যে কংগ্ৰেছৰ ফালৰ পৰা পূৰ্বেই স্পষ্ট কৰি দিয়া হৈছিল যে কংগ্ৰেছ ৱৰ্কিং কমিটীৰ পৰা গান্ধী পৰিয়ালে পদত্যাগ কৰিব বুলি ওলোৱা কথা ভিত্তিহীন আৰু অসত্য৷ অৱশেষত আজি অনুষ্ঠিত ৱৰ্কিং কমিটীৰ বৈঠকে এই আনুষ্ঠানিকতাত মোহৰ লগালে৷ কংগ্ৰেছৰ হাইকমাণ্ড সলনিৰ কোনো প্ৰস্তাৱ বৈঠকত উত্থাপনেই নহ’ল৷ বৰঞ্চ সকলোৱে ছোনিয়া গান্ধীৰ নেতৃত্বত ভূৰি ভূৰি প্ৰশংসা কৰি তেওঁৰ নেতৃত্বতে দল আগবাঢ়িব বুলি মত ব্যক্ত কৰিলে৷ উল্লেখ্য যে পাঁচ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ পাছতে পুনৰ প্ৰশ্ন উঠিছিল কংগ্ৰেছৰ নেতৃত্বৰ প্ৰসংগত৷ গান্ধী পৰিয়ালৰ ছত্ৰছায়াত কংগ্ৰেছ দলৰ ভৱিষ্যৎ শূন্য বুলি দলটোৰ ভিতৰতে চৰ্চা হৈছিল৷ পাঁচ ৰাজ্যৰ ভিতৰত কোনো এখনতে ক্ষমতা দখলৰ জোখেৰে মূৰ দাঙি উঠিবলৈ সক্ষম নহ’ল কংগ্ৰেছ৷ আনকি শাসনত থকা পঞ্জাবৰো তেওঁলোকে নিজৰ ভুলৰ বাবে বিসৰ্জন দিলে আপৰ হাতত৷ উত্তৰ প্ৰদেশত প্ৰিয়ংকা গান্ধীৰ অভিজাত প্ৰচাৰে কোনো প্ৰভাৱেই পেলাব নোৱাৰিলে ভোটাৰৰ মাজত৷ ১৪৮ গৰাকী মহিলা প্ৰাৰ্থীক টিকট দিছিল যদিও  জয়ী হ’ল মাত্ৰ এখনত৷ কেইবাগৰাকী প্ৰাৰ্থীয়ে মাত্ৰ ১৫০০-৩০০০ ভোটহে পাবলৈ সক্ষম হ’ল৷ প্ৰিয়ংকা গান্ধীৰ ‘লড়কী হু লড় ছকতী হু’ শীৰ্ষক চৰ্চিত প্ৰচাৰ ফেইল হ’ল৷ আনকি  উন্নাও সদৰ সমষ্টিটো কংগ্ৰেছ প্ৰাৰ্থী বেয়াকৈ হাৰিল৷ নিৰ্বাচনী ফলাফলৰ পাছতে কংগ্ৰেছৰ নেতৃত্বৰ সলনিৰ প্ৰসংগত মুখ খুলিছিল জ্যেষ্ঠ কংগ্ৰেছ নেতা শশী থাৰুৰে৷ জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাম নবী আজাদৰ বাসভৱনত কংগ্ৰেছৰ জি-২৩ নেতাৰ বৈঠক অনুষ্ঠিত হৈছিল, এই বৈঠকতো কংগ্ৰেছৰ নেতৃত্বক তীব্ৰ সমালোচনা কৰা হৈছিল৷ বৈঠকত কপিল ছিবাল, আনন্দ শৰ্মাৰ দৰে নেতাও উপস্থিত আছিল৷