Logo
image

মোদীৰ কাষত যোগী, আদৰিলে সৰ্বানন্দয়ো

আমাৰ অসম, ১৪ মাৰ্চঃ উত্তৰ প্ৰদেশ বিধানসভাৰ নিৰ্বাচনী ফলাফল ঘোষণাৰ তিনিদিনৰ পাছত দেওবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিলে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে৷ জানিব পৰা মতে যোগী আদিত্যনাথে এই সাক্ষাতৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁ শপতগ্ৰহণ অনুষ্ঠানলৈ আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনায়৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত বিপুল ভোটত জয়লাভ কৰাৰ বাবে যোগী আদিত্যনাথক অভিনন্দন জনায়৷ উল্লেখ্য, যোগী আদিত্যনাথে দেওবাৰে উপ-ৰাষ্ট্ৰপতি এম ভেংকায়ানাইডু, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা আৰু ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষকো সাক্ষাৎ কৰে৷ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও দেওবাৰে নতুন দিল্লীত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক সাক্ষাৎ কৰি অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে৷ অসমীয়া গামোচাৰে সোণোৱালে যোগীক সম্বৰ্ধনা জনায়৷ সাক্ষাতৰ সময়ত বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক বি এল সন্তোষো উপস্থিত আছিল৷ যোগী আদিত্যনাথেও পাছত টুইট কৰি নিজৰ অমূল্য সময় প্ৰদান কৰাৰ বাবে কেন্দ্ৰীয়মন্ত্ৰী সোণোৱালৰ প্ৰতি কৃতজ্ঞতা ব্যক্ত কৰে৷ যোগী আৰু সোণোৱালৰ হাস্যমুখ স্থিৰ ছবিয়ে সামাজিক মাধ্যমত দেশজুৰি চৰ্চা লাভ কৰে৷ উল্লেখ্য, ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি হোলীৰ পাছতেই দ্বিতীয়টো কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব যোগী আদিত্যনাথে৷ যোৱা ৩৭ বছৰৰ পাছত উত্তৰ প্ৰদেশত কেৱল যোগী আদিত্যনাথেই একেৰাহে দ্বিতীয়টো কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত বহিবলৈ সক্ষম হৈছে৷ এয়া দেশৰ ৰাজনীতিতে এক অসাধাৰণ ঘটনা বুলি পৰিগণিত হৈছে৷ কাৰ্যতঃ উত্তৰ প্ৰদেশৰ বিজেপিৰ এই বৃহৎ সাফল্যক বিজেপি তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ৰ লোকসভাৰ নিৰ্বাচনৰ বাবে ব্ৰেণ্ডিং হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰিছে৷ ‘দেশত পুনৰ বিজেপি আৰু মোদীৰ প্ৰতি জনআস্থা ঘূৰি আহিছে৷ ২০২৪ত পুনৰ দেশত হ’ব মোদী চৰকাৰ’– এই মেগা প্ৰচাৰ চলাবলৈ তৎপৰ হৈছে বিজেপি৷ যোগী আদিত্যনাথৰ শপতগ্ৰহণ অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয়মন্ত্ৰী সৰ্বানন্দ সোণোৱালো উপস্থিত থকাৰ সম্ভাৱনা আছে৷ প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰীকে ধৰি বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ লগতে দেশৰ বিজেপিশাসিত ৰাজ্যসমূহৰ সকলো মুখ্যমন্ত্ৰীয়ে যোগীৰ শপতগ্ৰহণ অনুষ্ঠানত থকাটো প্ৰায় নিশ্চিত হৈছে৷