Logo
image

আই পি এলত কোন হ’ব চেম্পিয়ন

আমাৰ অসম,২০ ছেপ্টেম্বৰঃ কৰ’না ভাইৰাছৰ আতংকৰ মাজতে শনিবাৰৰ পৰা ইউনাইটেড  আৰৱ এমীৰেটছত আৰম্ভ হৈছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ [আই পি এল] ত্ৰয়োদশ ছীজন৷ কৰ’নাসৃষ্ট সমস্যাৰ বাবেই এইবাৰ কোনো উদ্বোধনী অনুষ্ঠান অবিহনেই আৰম্ভ কৰা হৈছে টুৰ্নামেণ্টখন৷ কেৱল সেয়াই নহয়, টুৰ্নামেণ্টখনত দেখা নাযাব চীয়েৰলিদাৰ্ছ, নাথাকিব দৰ্শক৷ আনকি সাংবাদিকৰো প্ৰবেশত অনুমতি নাথাকিব৷ অনলাইনযোগে সাংবাদিকে আই পি এলৰ বিভিন্ন তথ্য সংগ্ৰহ কৰিব লাগিব৷ তথাপি টুৰ্নামেণ্টখনক লৈ ক্ৰিকেটপ্ৰেমীৰ মাজত উচ্ছাস কোনো গুণে কম হোৱা নাই৷  বিগত প্ৰায় পাঁচ মাহ ক্ৰিকেটৰ আনন্দ লোৱাৰ পৰা বঞ্চিত হৈ আছে ক্ৰিকেটানুৰাগী৷ ষ্টেডিয়ামলৈ গৈ খেল উপভোগ কৰাৰ সুযোগ নাপালেও কোনো কথা নাই৷ পৰিৱৰ্তিত পৰিস্থিতিত টেলিভিশ্বনত খেলৰ আনন্দ ল’ব পৰাটোৱেই তেওঁলোকৰ বাবে হ’ব যথেষ্ট৷বিশ্বৰ সবাতোকৈ জনপ্ৰিয় টুৱেণ্টী২০ লীগখনক লৈ যে কেৱল ভাৰতৰ ক্ৰিকেটেপ্ৰমীয়েই ব্যস্ত হৈ আছে তেনে নহয়, বিশ্বৰ আন দেশৰ ক্ৰিকেটপ্ৰেমীৰ মাজতো আৰম্ভ হৈছে আই পি এলকেন্দ্ৰিক উন্মাদনা৷ সেইবাবেই এইবাৰ টুৰ্নামেণ্টখনৰ সম্প্ৰচাৰক ষ্টাৰ স্প’ৰ্টছে বিশ্বৰ ১২০খন দেশত আই পি এলৰ সম্প্ৰচাৰ কৰাৰ সিদ্ধান্ত লৈছে৷নতুন পৰিবেশত এইবাৰ আই পি এলৰ শ্ৰেষ্ঠ দল হ’ব কোনটো? ইতিমধ্যে এই বিষয়টো লৈও আৰম্ভ হৈছে জল্পনা-কল্পনা৷ আই পি এলৰ সম্ভাৱ্য চেম্পিয়নক লৈ ভৱিষ্যদ্বাণীও কৰিছে বিভিন্নজনে৷ এতিয়ালৈকে চাৰিবাৰ আই পি এলৰ খিতাপ জয় কৰি টুৰ্নামেণ্টখনৰ সফলতম দল হিচাপে বিবেচিত হৈছে মুম্বাই ইণ্ডিয়ানছ৷ তাৰ পাছতে চেন্নাই ছুপাৰ কিংছে তিনিবাৰ আৰু কলকাতা নাইট ৰাইডাৰ্ছে দুবাৰ শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে৷ টুৰ্নামেণ্টখন আৰম্ভ হোৱাৰ আগৰ পৰায়ে কেইবাজনো ক্ৰিকেট বিশেষজ্ঞই  মুম্বাই ইণ্ডিয়ানছৰে আই পি এলৰ ত্ৰয়োদশ ছীজনৰ খিতাপ জয়ৰ সম্ভাৱনা বেছি বুলি মন্তব্য কৰিছে৷ তেওঁলোকৰ মাজৰ অন্যতম হৈছে প্ৰাক্তন ভাৰতীয় অধিনায়ক  আৰু বৰ্তমানৰ ক্ৰিকেট ধাৰাভাষ্যকাৰ সুনীল গাভাস্কাৰ৷ গাভাস্কাৰৰ মতে, মুম্বাই ইণ্ডিয়ানছৰ মূল শক্তি হৈছে অভিজ্ঞতা৷ দ্বিতীয়তে যোৱা বছৰ আই পি এলৰ নিলামত দলটোৱে নতুন খেলুৱৈক আগ্ৰাধিকাৰ দিছিল আৰু  নতুন খেলুৱৈৰ ওপৰত আস্থা ৰখাটো এটা ইতিবাচক দিশ৷ সফল হোৱাৰ বাবে প্ৰয়োজনীয় সকলোখিনিয়েই  আছে মুম্বাই ইণ্ডিয়ানছত৷ ইউনাইটেড আৰৱ এমীৰেটছৰ পিটছবোৰ মন্থৰ হোৱাৰ  সম্ভাৱনালৈ চাই গাভাস্কাৰে কয় যে তেনে স্থি্‌তিত বেটছমেনৰ সন্মুখত আহি পৰিব পাৰে কঠিন পৰীক্ষা৷  অধিনায়ক ৰোহিত শৰ্মাৰ লগতে কাইৰন পোলাৰ্ড, কুইণ্টন ডে কক, সূৰ্যকুমাৰ যাদৱ, হাৰ্দিক পাণ্ডিয়াৰ দৰে বেটছমেনৰ উপস্থি্‌তিত মুম্বাই ইণ্ডিয়ানছৰ বেটিং যথেষ্ট শক্তিশালী বুলিয়েই কয় গাভাস্কাৰে৷ গাভাস্কাৰৰ এনে মন্তব্যৰ বিপৰীতে ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ কেভিন পিটাৰছেনৰ কথাৰ সুৰ কিছু বেলেগ৷ ইংলেণ্ড আৰু অষ্টে˜লিয়াৰ মাজত সদ্যসমাপ্ত ক্ৰিকেট শৃংখলাত ধাৰাভাষ্যকাৰ হিচাপে থকা পিটাৰছেনক আই পি এলতো দেখা যাব ধাৰাভাষ্যকাৰৰ ৰূপত৷ পিটাৰছেনৰ মতে, মুম্বাই ইণ্ডিয়ানছৰ শক্তিক লৈ সন্দেহৰ অৱকাশ নাই৷ কিন্তু এইবাৰৰ আই পি এলত কোনোৱে নভবা ফলাফল দেখুৱাব পাৰে দিল্লী কেপিটেলছে৷ দলটোত তাৰুণ্য আৰু অভিজ্ঞতাৰ অদ্ভুত মিশ্ৰণ৷ শ্ৰেয়াস আয়াৰৰ দলটো যদি এইবাৰ চেম্পিয়নো হয়, তাত আচৰিত হ’বলগীয়া একো নাথাকিব৷ গাভাস্কাৰে কোৱাৰ দৰে মুম্বাই ইণ্ডিয়ানছে পঞ্চমবাৰৰ বাবে আই পি এলৰ ট্ৰফী নিজৰ দখললৈ আনিব পাৰিবনে? নে সকলোকে আচৰিত কৰি প্ৰথমবাৰৰ বাবে চেম্পিয়ন হ’ব দিল্লী কেপিটেলছঞ্জ উত্তৰৰ বাবে অপেক্ষা কৰিব লাগিব ১০ নবেম্বৰলৈ৷