Logo
image

চলচ্চিত্ৰ পৰিচালক গৌৰী বৰ্মন আৰু নাই

আমাৰ অসম, ২৯ অক্টোবৰঃ চলচ্চিত্ৰ পৰিচালক গৌৰী বৰ্মন আৰু নাই। বৃহস্পতিবাৰে পুৱা মৃত্যু হয় বিশিষ্ট চলচ্চিত্ৰ পৰিচালক গৰাকীৰ। 'আপোনজন', 'হৃদয়ৰ প্ৰয়োজন', 'অপৰাজেয়' আদিকে ধৰি বহুকেইখন ছবি পৰিচালনা কৰিছিল প্ৰয়াত বৰ্মনে। চলচ্চিত্ৰ পৰিচালকৰ উপৰি তেওঁ এগৰাকী সুদক্ষ চিত্ৰশিল্পীও আছিল। এগৰাকী লেখক হিচাপেও তেওঁ পৰিচিত আছিল।