Logo
image

হঠাৎ মোদীক প্ৰশংসা কংগ্ৰেছ সাংসদ শশী থাৰুৰ

বিজেপিলৈ যোৱাৰ ইংগিত নহয়তো?

নতুন দিল্লী, ১৫ মাৰ্চঃ উত্তৰ প্ৰদেশত বিজেপিয়ে বৃহৎ সফলতা লাভ কৰাৰ পাছত হঠাৎ কংগ্ৰেছ নেতা শশী থাৰুৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসাৰে ওপচাই পেলাইছে৷ শশী থাৰুৰ মতে– ‘মোদী প্ৰচণ্ড কৰ্মদক্ষতা থকা লোক৷ সকলো সময়তে তেওঁ সক্ৰিয়৷’ তদুপৰি কংগ্ৰেছৰ দুৰ্বলতাকো স্বীকাৰ কৰিছে থাৰুৰে৷ ইপিনে উত্তৰ প্ৰদেশত বিজেপিৰ বৃহৎ জয়লাভৰ পাছতে শশী থাৰুৰে মোদীক প্ৰশংসা কৰিবলৈ লোৱাটো নতুন ৰাজনৈতিক সমীকৰণৰ ইংগিত বুলি পৰ্যৱেক্ষকমহলে ধাৰণা কৰিবলৈ লৈছে৷ উল্লেখ্য, দেওবাৰে জয়পুৰৰ এক সাহিত্য উৎসৱত ভাগ লয় থিৰুঅনন্তপুৰমৰ কংগ্ৰেছ সাংসদ শশী থাৰুৰে৷ তাত তেওঁ সংবাদ মাধ্যমৰ সৈতে মতবিনিময় কৰা কালত মোদীক উচ্ছ প্ৰশংসা কৰে৷ তেওঁ কয়– ৰাজনৈতিক নেতা হিচাপে মোদীৰ কৰ্মদক্ষতা সাংঘাতিক৷ যাৰ বাবে বিজেপিয়ে এনে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ আমি কোনোৱে ভাবিবই পৰা নাছিলো যে ইমান বৃহৎ ব্যৱধানত উত্তৰ প্ৰদেশত বিজেপিয়ে জয়লাভ কৰিব? কিন্তু  মোদীয়ে সেইটো কৰি দেখুৱালে৷’ অৱশ্যে প্ৰশংসা কৰিলেও ধৰ্মক লৈ কৰা ৰাজনীতি সন্দৰ্ভত মোদীক সমালোচনাও কৰে কংগ্ৰেছ সাংসদজনে৷ তেওঁৰ মতে প্ৰধানমন্ত্ৰীৰ কেতবোৰ কাৰ্যকলাপৰ বাবে, ধৰ্ম-সাম্প্ৰদায়িকতাৰ বাবে আমাৰ সমাজখনত বিভাজন আহিছে৷ যিটো ভৱিষ্যতৰ বাবে খুবেই দুৰ্ভাগ্যজনক৷ শেহতীয়াকৈ নিজৰ টুইটাৰ হেণ্ডেলত পঞ্জাবৰ নতুন মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ সৈতে এখন ছেলফিও প’ষ্ট কৰিছে শশী থাৰুৰে৷