অসমীয়া ভাষা কোন দিশে
UNESCOৰ মতে, আমাৰ দেশৰ পূবকোণত অৱস্থিত বেছিভাগ অৱহেলিত ৰাজ্যৰ ভাষাই বিপদাপন্ন স্থিতিত আছে৷ ভাষাৰ নিজস্ব লিপি অবিহনে কোনো ভাষাই সময়ৰ হেঁচাত জীয়াই থকা টান হৈ পৰে৷ উপযুক্ত লিপিৰ সদ্ব্যৱহাৰ আৰু লগতে কোৱা মানুহৰ সংখ্যা দিনক দিনে বাঢ়ি গ’লেহে ভাষা ৰক্ষাত সহায় হয়৷ ভাষা কোৱা মানুহৰ নিম্নগামী সোঁতে বিপদৰ আগজাননী দিয়ে৷ ভাষা এটাই এটা জাতিৰ জীৱন্ত ছবি দাঙি ধৰে৷ নিজৰ ভাষাক সমৃদ্ধ কৰাত প্ৰতিজনৰে অপৰিসীম দায়িত্ব থাকে৷ মুষ্টিমেয় কেইজনমানৰ ওপৰত এৰি দিলে সময়ত ভাষাই কোন দিশে গতি কৰিব সহজেই অনুমেয়৷ আজিলৈ অসমীয়া ভাষায়ো কম সমস্যা, আহুকাল, সংকটৰ মাজেদি পাৰ হ’বলগীয়া হোৱা নাই৷ বহু যুঁজিও আজিলৈ অসমীয়া ভাষাক ইউনিক’ডৰ অন্তৰ্ভুক্ত কৰিব পৰা নাই বাবে প্ৰযুক্তিবিদ্যাত অসমীয়া [ভাষা, লিপি] প্ৰয়োগৰ বিজুতি ঘটিছে৷ আমাৰচামৰ, মানে ৫০১ দশকৰ বন্ধু-বান্ধৱসকলে অসমীয়া মাধ্যমত পঢ়িছিল যদিও বেছিভাগৰেই ল’ৰা-ছোৱালীক কিন্তু অসমীয়া মাধ্যমৰ স্কুলত নপঢ়াই আজিৰ ইংৰাজী-হিন্দীৰ যুগলবন্দী স্কুলত পঢ়াই ইংৰাজী, হিন্দী সলসলীয়াকৈ ক’বলৈ, লিখিবলৈ পৰা কৰিছে৷ ইংৰাজী, হিন্দী শিকাটো ভাল কথা৷ ইংৰাজী মাধ্যমৰ স্কুলত অসমীয়া বিষয় আছে যদিও এলাগি বিষয় হিচাপে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীয়ে বিশেষ গুৰুত্ব নিদিয়াকৈ পঢ়ায় বা পঢ়ে বাবে অসমীয়া ভাষা পাছলৈ আয়ত্ত কৰিব নোৱাৰে যেন অনুমান হয়৷ অসমীয়া ভাষাতকৈ আন বিষয়তহে প্ৰাধান্য দিয়াৰ কথা শুনা যায়৷ অসমীয়া ভাষা অনাগত দিনত বা জীৱিকা নিৰ্বাহৰ ক্ষেত্ৰত বিশেষ সহায়ক নহ’ব বুলি মনতে ভাবি কোনোমতে পৰীক্ষাত পাছ কৰি যোৱা বা কাম চলাধৰণৰ শিক্ষা গ্ৰহণ কৰে৷ তৎসত্ত্বেও পিছলৈ প্ৰতিটো বাক্যত অসমীয়াৰ– হয়, হিন্দীৰ– কিয়ো কি, ফিৰ মিলেংগে, ইংৰাজীৰ– আই ছী, টেক কেয়াৰ’ আদি শব্দ লগাই সমনীয়াৰ লগত কথা পতা শুনো৷ যেনে, এয়া মোৰ মা-দেউতা হয়, আজি মোৰ বাৰ্থডে’ হয়৷ অনাঅসমীয়াই অসমীয়া কোৱাৰ দৰে হয়৷ শুনিও ভাল লাগে৷ ইয়াতে এইটোও কৈ থোৱা ভাল হব যে আমাৰ বন্ধুসকলৰ খাচ অসমীয়া মাতৃৰ কোলাত সন্তানবোৰ জন্ম হোৱা সূত্ৰে জীৱনৰ আটাইতকৈ মৰমৰ কেতিয়াও পাহৰিব নোৱৰা মিঠা, কোমল, শুৱলা শিশুৰ প্ৰথম শব্দ মা বুলি উচ্ছাৰণ কৰে বাবে মাতৃভাষা অসমীয়া ক’ব পাৰে৷ মাৰ মুখৰ পৰা জন্মৰ পাছতে যি উচ্ছাৰণ কৰোঁ, শিকোঁ তাকে মাতৃভাষা বুলি কওঁ৷ ৫০-৬০ দশকলৈ অসমৰ স্কুলত অসমীয়াত শিক্ষা লোৱাত বাদে আন অপশ্বন বা পছন্দৰ কথাই নাছিল৷ যেনে, পাটাছাৰকুছিৰ ওচৰে-পাঁজৰে থকা ল’ৰা-ছোৱালীয়ে পাটাছাৰকুছিৰ বিদ্যাপীঠতেই পঢ়িবলৈ বাধ্য হৈছিল৷ ভাল-বেয়াৰ কথা নাছিল৷ বেলেগত পঢ়াৰ চিন্তাই নকৰিছিল৷ ৫০-৬০ দশকৰ এইচামৰ অসমীয়া শিক্ষাই আছিল মূলতঃ অসমীয়া ভাষাক জীয়াই ৰক্ষাৰ প্ৰথমপালি জীৱনদায়িনী মহাশক্তিধাৰী বৃক্ষৰ ৰূপ বুলি ক’ব পাৰি৷ আগলৈ অসমীয়া ভাষাক বোৱঁতী সুঁতি হিচাপে আগবঢ়াই নিছে৷ কিন্তু ৭০ দশকৰ পাছৰ অভিভাৱকৰ ল’ৰা-ছোৱালীৰ কথা ক’বই নালাগে৷ তাৰমানে ৭০ দশকমানৰ পৰাই অসমীয়া মাধ্যমৰ স্কুলৰ আৰু লগতে ছাত্ৰ-ছাত্ৰীৰ নিম্নগামী সংখ্যা আৰম্ভ হয় আৰু আজিও অব্যাহত আছে৷ এই নিম্নগামী ধাৰা চৰকাৰৰ চকুতো পৰিছে৷ উদাহণৰস্বৰূপে, বজালী জিলাৰ পাটাছাৰকুছিৰ বিখ্যাত, ঐতিহ্যপূৰ্ণ, শিক্ষিত বুলি গোটেই অসমখ্যাত আৰু গৰ্ব কৰা দেৱ চৌধুৰী বংশৰ সাম্প্ৰতিক কালৰ উঠি অহা ল’ৰা-ছোৱালীৰ মাজত কিন্তু অসমীয়া ভাষাৰ প্ৰচলন একেবাৰে কমি যোৱা বুলি ক’লেও বঢ়াই কোৱা নহ’ব৷ এনেকুৱাও দেখা গৈছে যে ন-প্ৰজন্মৰ নাতি-পুতিৰ লগত ইংৰাজীৰ ব্যৱহাৰে অগ্ৰাধিকাৰ পাইছে৷ ৭০ দশকৰ পৰাই উঠি অহা খাচ অসমীয়া বুলি দাবী কৰা নিজৰ মাতৃভাষাৰ পূৰ্ণ সমাপ্তি ঘটিছে৷ এইধৰণৰ শিক্ষাই অসমীয়া ভাষাক আধামৰা কৰিলে৷ আমি ভাবোঁ অসমৰ সকলো ঠাইৰে সাম্প্ৰতিক কালৰ উঠি অহাচামৰ মাজতো একে দশা আৰম্ভ হৈছে৷ এইটো এটা আজিৰ ছাত্ৰসমাজৰ মনত সোমাই গৈছে যে অসমতো চাকৰি-বাকৰিৰ কোনো সম্ভাৱনাই নাই [টে’টৰ চাকৰিকেইটাত বাদে] আৰু যিকেইটা ওলায় তাতো কিনা-বেচাৰ কাৰবাৰ আছে, গতিকে অসমতে ব্যক্তিগত ইংৰাজী মাধ্যমৰ স্কুলত বুনিয়াদ গঢ়ি পিছৰছোৱা বাহিৰলৈ ঢাপলি মেলি জীৱিকা বা কেৰিয়াৰ গঢ়াত অগ্ৰাধিকাৰ দি আগবাঢ়ে৷ গতিকে এই গতিধাৰাই অসমীয়া ভাষাক থমকি ৰোৱাতহে অৰিহণা যোগাইছে৷ এই থমকি ৰোৱা গতিধাৰাক কিন্তু আন সুযোগসন্ধানী প্ৰভাৱশালী, শক্তিশালী ভাষাই শেনচকু দি আছে আৰু সুযোগ লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ আনহাতে ২০ বছৰমান আগতে আমাৰ মাজৰে বড়ো ভাইসকলে অসমীয়া সমাজৰ গুৰুত্বপূ্ৰ্ণ বৃহৎ অংশীদাৰ হিচাপে বৃহত্তৰ অসমীয়া ভাষাক কঠিন পৰিস্থিতিত ঠন ধৰি উঠাত সহায় কৰিছিল৷ সময়ত নিজক বুজি পাই জনজাতি সংস্কৃতিক অগ্ৰাধিকাৰ দিলে৷ বড়ো ভাষাটোৰ কাৰণে আজি তেওঁলোকে কি কৰা নাই? অতি দৃঢ় পদক্ষেপ লৈ ভাষা-সংস্কৃতিৰ লগতে জাতি একত্ৰীকৰণত মজবুত স্থিতি ল’বলৈ সক্ষম হৈছে৷ ইয়াৰ পৰা আমি কিবা গ্ৰহণ কৰিব পাৰোঁ নেকি? ২০০০ চনমানৰ পৰা ইংৰাজী মাধ্যমৰ স্কুলৰ প্ৰাৰ্দুভাৱ ইমান বাঢ়িছে যে গাঁৱতো ইংৰাজী মাধ্যমৰ স্কুল গঢ়ি উঠিছে৷ ডিজিটেল মাধ্যমেও গাঁও আৰু চহৰৰ পাৰ্থক্য একেবাৰে শূন্য কৰিলে৷ বাট সহজ কৰি দিলে৷ ইংৰাজী মাধ্যমৰ স্কুলৰ ৰমৰমীয়া বজাৰ গঢ়ি তোলাত আমি ভাবোঁ অসমীয়া স্কুলৰ পুতৌলগা প্ৰদৰ্শন, চৰকাৰ সোপাঢিলা-সঘনাই পৰিৱৰ্তিত নীতি, গোটেই বছৰ নাচি-বাগি উৎসৱ-মেনিয়া হৈ, পৰৰ ওপৰত নিৰ্ভৰশীল অসমীয়াই নিজৰ ভাষাটোক আজিও চিনি নোপোৱাৰ লগতে আমি তথাকথিত শিক্ষিত সমাজে ইংৰাজীত কথা পাতিহে গৰ্ব অনুভৱ কৰা আদিয়েই দায়ী৷ ফুৰিবলৈ আহিলে ৩-৪ বছৰীয়া ল’ৰা-ছোৱালীক ইংৰাজী ৰাইম আওৰাবলৈ দি মাক-দেউতাকে গৰ্ব কৰে৷ আমিও হাত তালি মাৰোঁ৷ তাৰমানে অসমীয়া ভাষা কোৱাৰ সংখ্যা এটা কমিলেই৷ কমাৰ উদাহৰণ৷ সহজ ভাষাত, সময় সলনিৰ লগে লগে এই দেখনিয়াৰ ধামাকা, ব্যৱসায়ক অগ্ৰাধিকাৰ দিয়া ইংৰাজী মাধ্যমৰ স্কুলবোৰে বাৰটা মাহত তেৰটা বন্ধ থকা অসমীয়া স্কুলবোৰক চেৰ পেলাই অসমীয়া স্কুলৰ ল’ৰা-ছোৱালীক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ ক’ব নোৱৰাকৈ ইংৰাজী মাধ্যমৰ স্কুলবোৰে অসমীয়া স্কুলৰ দুৰ্বল দিশবোৰক সুবিধা বা আপাৰ হেণ্ডলৈ কাৰ্যকৰী কৰি আগবাঢ়িছে৷ বাল্যকালছোৱাত শিশুৰ স্কুল বাছনিৰ নিজস্ব মতামত নাথাকে৷ সময়ত সমনীয়ায়ো ইয়াত অৰিহণা নোযোগোৱা নহয়৷ কিছুমানে অভিভাৱকে আৰ্থিক দৈন্যৰ কথা পাহৰিও ইংৰাজী মাধ্যমত পিছলৈ পঢ়াব পাৰিব নে নাই আগ-পাছ নাভাবিও আগবাঢ়ে৷ ল’ৰা-ছোৱালীৰ ইংৰাজী মাধ্যমৰ স্কুলখনক লৈ গৌৰৱ কৰে৷ ওকালতি কৰে৷ সন্তানে দুটামান ইংৰাজী শব্দ ফুটাব পাৰিলেই সু-নাগৰিক হোৱাৰ মোহৰ লোৱা বুলি ভাবে৷ এইটোও সত্য যে অসমীয়াৰ বিশেষকৈ মধ্যবিত্তৰ [উচ্ছবৰ্গৰ কথাটো ক’বই নালাগে] এটা নতুন ঢং বা ট্ৰেণ্ড হৈছে যে সন্তানক আমি ঘৰত কোৱা আৰু বুজি পোৱা ভাষাত শিক্ষা গ্ৰহণ নকৰাওঁ বা সুবিধাৰ পৰা বঞ্চিত কৰোঁ৷ বিশ্বৰ প্ৰায় ৪০ শতাংশ লোকে, কাৰণ যিয়েই নহওক কিয়, সন্তানক মাতৃভাষাত শিক্ষা নিদি বহুভাষিক সমাজৰ হেঁচাত আন ভাষাত শিক্ষা দিয়া দেখা গৈছে৷ ইয়ে ক্ষেত্ৰীয় ভাষিক বৈচিত্ৰ্য সংৰক্ষণৰ [যেনে অসমীয়া ভাষা] ক্ষেত্ৰত কিছু বেমেজালি ঘটাইছে৷ উদাহৰণস্বৰূপে ডাঙৰ ডাঙৰ নতুবা ৰাষ্ট্ৰীয় কোম্পানীবোৰৰ নিজে পৰিচালনা কৰা আৱাসিক স্কুলবোৰত সেই সেই ঠাইৰ জাতীয় ভাষিক অধঃপতন, অৱনমন ঘটাইছে৷ স্থানীয় ভাষাই গুৰুত্ব নাপায়, চেপা মাৰি ধৰে৷ বহুলভাৱে ব্যৱহৃত প্ৰযুক্তিবিদ্যায়ো ইয়াত অৰিহণা যোগাইছে৷ চৰকাৰেও অসমীয়া ভাষাক কাগজে-কলমে চৰকাৰী ভাষা হিচাপে মৰ্যাদা দিছে যদিও ইয়াক দৃঢ়ভাৱে প্ৰয়োগ কৰিব পৰা নাই৷ ৰাজ্যৰ ভিতৰতে আন মাতৃভাষাৰ প্ৰয়োগেও অসমীয়া ভাষাৰ বিপদ আনিছে৷ গতিকে অসমীয়া ভাষা সংকুচিত হোৱাৰ ইও এটা কাৰণ৷ দেশৰ বহু ৰাজ্যত মাতৃভাষা শিক্ষা বাধ্যতামূলক কৰিছে আৰু সঠিকভাৱে বলৱতো হৈছে৷ অসমীয়া বিষয়াই যদি চৰকাৰী কামত নিজৰ ভাষা প্ৰয়োগ নকৰে, তেতিয়াহ’লে অনাঅসমীয়াক কৈ কি লাভ৷ এতিয়া বহু অনাঅসমীয়াই অসমীয়া ভাষাটো সলসলীয়াকৈ ক’ব পাৰে৷ চৰকাৰৰ ভাষা সম্পৰ্কত অসমীয়া ভাষাৰ স্থিতি অতি দুৰ্বল৷ অসমীয়া স্কুলৰ অৱনতি ৰোধ কৰিব নোৱৰাক চাই আপাততঃ চৰকাৰেই আগভাগ লৈ পাইলট্ প্ৰজেক্ট হিচাপে ইংৰাজী স্কুল পাতিবলৈ ওলাইছে৷ মাজে-সময়ে খবৰ ওলায় যে স্কুলত ল’ৰা-ছোৱালীতকৈ শিক্ষকৰ সংখ্যাহে বেছি৷ এই ইংগিত আৰামদায়ক নহয়৷ চৰ বা সংখ্যালঘু অঞ্চলত [কাজেই সেইবোৰ অঞ্চল সংখ্যাগৰিষ্ঠ অধ্যুষিত অঞ্চললৈ পৰিণত হৈছেই] আন স্কুলে গা কৰিব পৰা নাই৷ যিখিনি শিক্ষা আছে সিখিনি মাতৃভাষাতেই [অসমীয়া নহয়] হয়৷ বস্তু-পাতি কিনি অত বছৰে বেপাৰ কৰি অসমীয়া সমাজৰ লগত মিলি হাড়ে-হিমজুৱে অসমীয়া হোৱা বেপাৰীৰ লগতো আমি হিন্দীতে কথা পাতিহে গৰ্ব কৰোঁ৷ পৰোক্ষভাৱে অসমীয়া শিকাটো আমিয়ে বন্ধ কৰিছোঁ৷ অসমীয়া স্কুলে অসমীয়া ভাষা শিক্ষাৰ লগতে ব্যৱসায়িক মনোবৃত্তিত আগবাঢ়িব পৰা নাই৷ মেনেজমেণ্ট ষ্টাইলৰ অভাৱ৷ চৰকাৰৰ তৰফৰ পৰা শিক্ষা সংক্ৰান্তত যদিও বহু বিজ্ঞাপন দেখা পাওঁ তথাপি প্ৰতিখন জিলাৰ কেইখনমান নামজ্বলা অসমীয়া স্কুলৰ একে সময়তে নিজৰ সাফল্যৰ, গৰিমাৰ কথা ৰাইজক-সমাজক নজনায় বাবে মাৰ্কা বা ব্ৰেণ্ড ইমেজ গঢ়িব পৰা নাই৷ দেশত সু-নাগৰিক হোৱাৰ পথ যে অকল ইংৰাজী স্কুলেহে ল’ৰা-ছোৱালীক দিব পাৰে সেইটো নহয়৷ আজিৰ নম্বৰকেন্দ্ৰিক শিক্ষাই সৰহসংখ্যক ইংৰাজী স্কুলত বেছিভাগ শিক্ষকে শ্ৰেণীত শিকোৱা পাঠ ভাটৌবিদ্যাৰ দৰে ছাত্ৰ-ছাত্ৰীক ১২ মাহৰ কাৰণে নম্বৰ-মেচিনলৈ পৰিৱৰ্তন কৰাতহে জোৰ দিয়ে৷ নিজে বুজি লিখাত অকণো গুৰুত্ব নিদিয়ে৷ এইধৰণৰ চমক দিয়া নম্বৰকেন্দ্ৰিক কৃত্ৰিম শিক্ষাই শিক্ষাসমাজত বাহ্যিক বা ব্ৰেণ্ড ইমেজৰ জৰিয়তে ল’ৰা-ছোৱালীৰ সোঁত অব্যাহত ৰাখে৷ এইটোও দেখা গৈছে মুখস্থ মাতি শ্ৰেণীত শ্ৰেষ্ঠ বা টপাৰ হৈ চূড়ান্ত পৰীক্ষাত কোনোমতে পাছ কৰাও দেখা যায়৷ সময়ৰ সোঁতত তাল মিলাই আগবঢ়া ইংৰাজী স্কুলবোৰৰ লগত লাহে লাহে চেতনা পোৱা, সময়ৰ বহু পাছত চলি থকা অসমীয়া মাধ্যমৰ স্কুলৰ ফেৰ মাৰা, তিষ্ঠা টান হৈ পৰে৷ সময়ত অলাগতিয়াল বুলি প্ৰমাণ হোৱা বিভাগীয় কাৰ্যালয়ৰ হস্তক্ষেপেও অসমীয়া মাধ্যমৰ স্কুলৰ বহু সময় নষ্ট কৰে৷ লগতে আভ্যন্তৰীণ আৰু বাহ্যিক কাৰণবশতঃ সময়ৰ লগত খোজ দি আগবাঢ়িব নোৱৰা হৈ পৰে৷ আনকি বাৰে বাৰে হৈ যোৱা ভুল শুধৰাবলৈও কোনো পদক্ষেপ লোৱা দেখা নাযায়৷ এনেবোৰ কথা চৰকাৰী কতৃৰ্পক্ষয়ো মানি লোৱাৰ দৰে হৈছে৷ ধামাকা দিয়া ইংৰাজী স্কুলৰ শিক্ষালৈ সুখ্যাতিৰে উত্তীৰ্ণ হৈ অষ্টম মানলৈ উঠা ছাত্ৰ-ছাত্ৰীক যদি ছমাহ মানৰ পাছত এৰি অহা সপ্তম মানৰ কোনো এটা বিষয়ত কিবা সোধা বা লিখিবলৈ দিয়া যায় বেছিভাগেই হয়তো ভেবা লাগি চাই থাকিব, কাৰণ সপ্তম মানৰ শিকাবোৰ আছিল কেৱল ১২ মাহৰ বা ডিচেম্বৰলৈহে নিজ জ্ঞান-ভাণ্ডাৰত ৰাখিবলৈহে৷ তাৰপাছত মস্তিষ্কৰ পৰা মচি দিয়ে৷ সেইবোৰ পৰৱৰ্তী সময়ত সুনাগৰিক হোৱাত কিবা কামত নাহিব বুলি শিক্ষা সমাপ্তিৰ বৰ্ষতেই বিদায় দিয়ে৷ কোনোদিন ভালকৈ স্কুলত নপঢ়ি শেষত কিছু অসৎ উপায় অৱলম্বন কৰি কোনোমতে পাছ কৰাজন আৰু শিক্ষকৰ আদৰ্শ প্ৰিয়পাত্ৰ শিক্ষাৰ্থী হৈ ভাটৌ বিদ্যা আহৰণ কৰি পাছ কৰাজনৰ মাজত পাৰ্থক্যইবা কি? ইয়াত নিজস্ব বোলা কথা নাই, লাগে মাথোঁ মুখস্থ বিদ্যাৰ যাদু৷ শিক্ষাৰ বোজা বাঢ়ি গ’লে এই মুখস্থ যাদুই ইপাৰ-সিপাৰ নোপোৱা হয়৷ নিজে বুজি, নিজস্ব বুদ্ধি লগাই শিকাজনৰ জীৱনত আগবঢ়াত সহায় হয়৷ এইধৰণৰ কথা-বাৰ্তা অসমীয়া মাধ্যমৰ স্কুলতো কিছুপৰিমাণে শিপাইছে যেন ভাব হয়৷ অসমীয়া মাধ্যমৰ স্কুলত ড্ৰপ আউট বা আধাতে শিক্ষা সামৰা আন এটা শিক্ষাব্যৱস্থাৰ চিন্তনীয় বিষয়, যিটো ইংৰাজী মাধ্যমৰ স্কুলত আনুপাতিকভাবে কম৷ ইয়াৰ কাৰণসমূহ হৈছে মূলতঃ আৰ্থিক দৈন্য, দুৰ্বল আন্তঃগাঁথনি, শৌচাগাৰৰ অভাৱ, অস্বাস্থ্যকৰ পৰিৱেশ, সময়ত পাঠ্যপুঠি যোগান ধৰিব নোৱৰা ব্যৱস্থা, উপযুক্ত নিষ্ঠাৱান শিক্ষকৰ অভাৱ, শিক্ষাৰ প্ৰয়োজন সম্পৰ্কে সমাজৰ নেতিবাচক প্ৰভাৱৰ দ্বাৰা চালিত, কিছু অভিভাৱকৰ অজ্ঞতা, পৰম্পৰা, ৰীতি-নীতি, অন্ধবিশ্বাসৰ বলি, যাতায়াতৰ অসুবিধা, নিকৃষ্টমানৰ শিক্ষণ পদ্ধতি আদি৷ উদাহৰণস্বৰপে, ৰ’টাৰী ক্লাব দক্ষিণে কেইবছৰমান আগতে নলবাৰী জিলাৰ ১২খন হাইস্কুলত ছোৱালীৰ বাবে শৌচালয় আৰু শিক্ষাৰ্থীৰ বাবে আৰ্ছেনিকমুক্ত খোৱাপানীৰ ব্যৱস্থা কৰি দিছে৷ এনেকুৱা অৱস্থাৰ কাৰণে ছোৱালীৰ ড্ৰপ আউটৰ সংখ্যা বঢ়াতো একো ডাঙৰ কথা নহয়৷ এইটোও মানি ল’ব লাগিব যে অফুৰন্ত টকা-পইচা খটুৱাই শিক্ষাব্যৱস্থাৰ সঘনাই সলনি কৰি, নিত্য নতুন কথা সংযোজন ঘটায়ো অসমীয়া শিক্ষাৰ চকুত পৰাকৈ বিশেষ চমক দিব পৰা নাই৷ দিল্লীৰ চৰকাৰী স্কুলবোৰক ব্যক্তিগত স্কুলৰ লগত খাপ খোৱাকৈ ন-ৰূপত সজাই শিক্ষাৰ মান উজ্জীৱিত কৰি সমপৰ্যায়লৈ নিছে৷ আমাৰ ইয়াত ইংৰাজী স্কুলৰ তুলনাত অসমীয়া মাধ্যমৰ স্কুলৰ পুতৌলগা আন্তগাঁথনি, ৰাজনীতিত লিপ্ত, ধৰ্ণা দিয়া বা আন ব্যৱসায়ত ৰাইজে দেখাকৈ লিপ্ত থকা, দায়বদ্ধতা নোহোৱা, হোম-ৱৰ্ক কেতিয়াও কৰি নহা শিক্ষকৰ দ্বাৰা পাঠদান, বাৰিষা যেতিয়াই তেতিয়াই শিক্ষাদান বন্ধ থকাত অসমীয়া শিক্ষা নিম্নগামী হোৱাৰ সম্ভাৱনাই দেখা দিছে৷ ইংৰাজী মাধ্যমৰ স্কুলত সংস্থাৰ বন্ধৰ দিনাখনো স্কুলত থ’বলৈ অভিভাৱকৰ হেতা-ওপৰা লগা দেখা যায়৷ অৱশ্যে সকলোতে ব্যতিক্ৰম থাকেই৷ বহু অসমীয়া ল’ৰা-ছোৱালীয়ে সুফল দেখুৱাই মা-দেউতাকৰ নাম উজলাই লগতে সমাজকো গৌৰৱান্বিত কৰিছে৷ আমি পঢ়ি অহা অসমীয়া মাধ্যমৰ স্কুলত নিষ্ঠা, আদৰ্শৱান শিক্ষকৰ পৰা কি শিকিছিলোঁ আজিও বহুখিনি মনত আছে, যিহেতু আমি কঠোৰ অনুশাসন, শৃংখলা, নিয়মানুৱৰ্তিতাৰে পাৰ হৈ আহিছিলোঁ৷ আজিৰ সমাজত চাকৰিৰ বজাৰত ব্যক্তিগত স্কুলত শিক্ষা আৰম্ভ কৰি উচ্ছ শিক্ষা গ্ৰহণ কৰা প্ৰডাক্টক প্ৰাধান্য দিলেও যোগ্যতাৰ ভিত্তিত অসমীয়া স্কুলৰ প্ৰডাক্টেও স্থান ল’বলৈ সক্ষম হৈছে৷ কিন্তু তুলনামূলকভাৱে কম৷ একে ঠাইতে থকা ইংৰাজী আৰু অসমীয়া মাধ্যমৰ স্কুলৰ স্থিতিয়ে স্কুলৰ মাজত প্ৰতিযোগিতামূলক ভাব আনি দিয়াত দুই কুলে লাভৱান হ’ব বুলি আশা কৰিব পাৰি৷ অসমীয়া বা ইংৰাজীয়ে হওক, যি শিক্ষাই শিক্ষাৰ্থীক প্ৰকৃত অৰ্থত মানৱীয়, মনুষ্য গুণৰ অধিকাৰী থকা সমাজ গঢ়াৰ সুযোগ দিয়ে, সেই শিক্ষাহে সময়ত প্ৰকৃত শিক্ষা বুলি গণ্য হ’ব৷