Logo
image

অসমৰ মডেলৰ বাবে শপত গ্ৰহণত বিঘিনি বীৰেন সিঙৰ

আমাৰ অসম ১৬ মাৰ্চঃ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ এসপ্তাহ হ’ল যদিও এই মুহূৰ্তলৈ চূড়ান্ত হোৱা চুবুৰীয়া ৰাজ্য মণিপুৰৰ মুখ্যমন্ত্ৰীৰ নাম৷ বিধানসভাৰ নিৰ্বাচনত ৩২খন আসনত বিজেপিয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পাছতো বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিবলৈ গৈ বাৰে বাৰে থমকিবলগীয়া হৈছে৷ মণিপুৰৰ তদানীন্তন মুখ্যমন্ত্ৰী এম বীৰেন সিঙৰ নেতৃত্বতে ৰাজ্যখনত বিজেপিয়ে নিৰ্বাচনী যুঁজ দি সফলতা লাভ কৰিলেও মুখ্যমন্ত্ৰীৰ পদৰ বাবে বীৰেন সিঙৰ প্ৰতিদ্বন্দ্বী হৈ থিয় দিছে মণিপুৰৰ প্ৰভাৱশালী নেতা থংগাম বিশ্বজিত সিঙে৷ যাৰ বাবে মঙলবাৰে বিজেপিৰ কেন্দ্ৰীয় সভাপতি জে পি নড্ডাই দুয়োজন নেতাকে দিল্লীলৈ তলব কৰি মুখ্যমন্ত্ৰীৰ পদৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়৷ নেতাদ্বয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকো দিল্লীত সাক্ষাৎ কৰা বুলি জানিব পৰা গৈছে৷ নেডাৰ আহ৩ায়ক তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অতিকে ঘনিষ্ঠ এম বীৰেন সিঙক পুনৰ বাৰ মুখ্যমন্ত্ৰীৰ পদত অধিস্থিত কৰোৱাৰ বাবে দাবী উত্থাপন হ’লেও অসমৰ এগৰাকীৰ মডেল-অভিনেত্ৰী আৰু তেওঁৰ স্বামী  এতিয়া বীৰেন সিঙৰ মুখ্যমন্ত্ৰিত্বৰ যাত্ৰা পথত কাঁইট হিচাপে থিয় দিয়া বুলি চৰ্চা লাভ কৰিছে৷ এম বীৰেন সিঙৰ অসমৰ মডেলগৰাকী আৰু তেওঁৰ স্বামীৰ সৈতে থকা সম্পৰ্কক লৈ শেহতীয়া নিৰ্বাচনী প্ৰচাৰ সভাসমূহত বিৰোধীৰ আক্ৰমণৰ ইচ্ছু হিচাপেও স্থান লাভ কৰিছিল৷ উত্তৰ-পূবৰ অন্যতম শক্তিশালী বিজেপি নেতা এম বীৰেন সিঙক পুনৰবাৰ মুখ্যমন্ত্ৰীৰ পদৰ বাবে নাম ঘোষণা কৰাত কেন্দ্ৰীয় নেতৃত্বই বাৰে বাৰে চিন্তা কৰিবলগীয়া কাৰণৰ অন্তৰালৰ অন্যতম অসমৰ মডেলগৰাকী হৈছে তৰা খাছগিৰ৷ নগাঁৱৰ জীয়ৰী তথা বলীউদৰ অভিনেত্ৰী তৰা খাছগিৰ আৰু তেওঁৰ স্বামীৰ বাবেই টোপনি হৰিছে বীৰেন সিঙৰ৷ সন্দিকৈ মহাবিদ্যালয়ত শিক্ষাগ্ৰহণ কৰা তৰাই ১৯৯৩ চনত মিছ গুৱাহাটী খিতাপ দখল কৰাই নহয়, ফেমিনা মিছ ইণ্ডিয়াৰ ফাইনেলিষ্টও আছিল৷ অসমৰ এইগৰাকী মডেলৰ স্বামী হৈছে ডাঃ ৰেজা বৰহানি৷ স্বামী ৰেজা বৰহানি এজন অষ্ট্ৰেলিয়ান নাগৰিক৷ মডেল তৰা খাছগিৰ আৰু ডাঃ ৰেজা বৰহানিয়ে ২০১৯ চনৰ গুৱাহাটীৰ উলুবাৰীৰ মুছাফিৰ খানা পথৰ ৰ নম্বৰ উপ-পথৰ জ্জ্ব নম্বৰ বাসগৃহৰ ঠিকনাত কান্নাবিছ হেল্‌থ এণ্ড চায়েন্স প্ৰাইভেট লিমিটেড নামৰ এটা ঔষধ কোম্পানী গঢ়ি তুলিছিল৷ কোম্পানীটোৰ সঞ্চালক পদত আছে তৰা খাছগিৰ আৰু ডাঃ ৰেজা বৰহানি৷ কিন্তু ২০১৯ চনৰ এপ্ৰিলত কোম্পানীটো স্থাপন কৰি একেটা বৰ্ষৰ ছেপ্টেম্বৰত মডেল তৰাৰ স্বামী বৰহানিয়ে সাক্ষাৎ কৰিছিল মণিপুৰৰ তেতিয়াৰ মুখ্যমন্ত্ৰী বীৰেন সিঙক৷ ১৭ ছেপ্টেম্বৰত ইম্ফলত মুখ্যমন্ত্ৰী সিঙক সাক্ষাৎ কৰি এখন বিশেষ আৱেদন দিছিল বৰহানিয়ে৷ মডেল তৰা খাছগিৰ স্বামীৰ বিশেষ আৱেদন পত্ৰখন লাভ কৰিয়েই লগে লগে মুখ্যমন্ত্ৰী বীৰেন সিঙে স্বাক্ষৰ কৰি বৰহানিৰ আৱেদন মঞ্জুৰ কৰিবলৈ এজন মন্ত্ৰীলৈ প্ৰেৰণ কৰে আৱেদন পত্ৰখন৷ উল্লেখ্য এই আৱেদনত তৰাৰ স্বামীয়ে গৱেষণাজনিত কাৰণত কান্নাবিছ নামৰ মাৰিজুৱানাৰ সৰবৰাহৰ বাবে অনুমতি বিচাৰিছিল৷ কোৱা হৈছিল যে মণিপুৰৰ বিভিন্ন স্থানৰ লগতে অসমকে ধৰি মিজোৰাম, মেঘালয়, কৰ্ণাটক, ওড়িশা, গোৱা আৰু মহাৰাষ্ট্ৰলৈ এই মাৰিজুৱানা সৰবৰাহ কৰিব৷ সম্পূৰ্ণ বৈজ্ঞানিক কাৰণত এই মাৰিজুৱানা সৰবৰাহ কৰিব বুলিও সদৰি কৰিছিল৷ ইয়াৰ বাবে কান্নাবিছ হেল্‌থ এণ্ড চায়েন্স প্ৰাইভেট লিমিটেডক মণিপুৰ চৰকাৰে এখন অনুজ্ঞাপত্ৰ দিব লাগে৷ এই আৱেদন পত্ৰ ততালিকে মুখ্যমন্ত্ৰী বীৰেন সিঙে তেওঁৰ তেতিয়াৰ বিশেষ সচিব ৰঘুমণি সিঙলৈ প্ৰেৰণ কৰে৷ এইজন ৰঘুমণি সিঙ শেহতীয়া নিৰ্বাচনত উৰিপোক বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীও আছিল৷ বিশেষ সচিবলৈ দিয়া পত্ৰত মুখ্যমন্ত্ৰী বীৰেন সিঙে স্পষ্টভাৱে কান্নাবিছ হেল্‌থ এণ্ড চায়েন্স প্ৰাইভেট লিমিটেডক মাৰিজুৱানাৰ সৰবৰাহৰ অনুমতি প্ৰদান কৰিব লাগে বুলিও  উল্লেখ কৰি স্বাক্ষৰ কৰিছিল৷ কিন্তু এখন ৰাজ্য চৰকাৰে নিষিদ্ধ মাৰিজুৱানাৰ সৰবৰাহৰ অনুমতি প্ৰদানক লৈ সেই সময়ত বিভিন্ন মহলত প্ৰশ্ন উত্থাপন হৈছিল৷ কাৰণ, এন ডি পি এছ-এক্ট অনুসৰি কান্নাবিছ বা মাৰিজুৱানা ভাৰতত সম্পূৰ্ণৰূপে নিষিদ্ধ৷ কিন্তু চিকিৎসাজনিত গৱেষণাৰ নামত ৰেজা বৰহানিৰ কোম্পেনীয়ে মণিপুৰ চৰকাৰৰ সন্মতি সাপেক্ষে কান্নাবিছ বা মাৰিজুৱানা সৰবৰাহৰ আৰম্ভ কৰে৷ তাৰ পাছতেই ২০১৯ চনৰ ২৪ নৱেম্বৰত গ্ৰেপ্তাৰ হয় অসমৰ মডেল তৰা খাছগিৰৰ স্বামী ৰেজা বৰহানি৷ মুম্বাইত এণ্টি নাৰ্কোটিক স্কোৱাডৰ হাতত গ্ৰেপ্তাৰ হোৱা ৰেজা বৰহানিৰ পৰা উদ্ধাৰ কৰিছিল ৰ.৮০ কোটি টকা মূল্যৰ নিষিদ্ধ ড্ৰাগ্‌ছ [এল এছ ডি]৷ এণ্টি নাৰ্কোটিক স্কোৱাডে গ্ৰেপ্তাৰৰ পূৰ্বে তৰাৰ স্বামীয়ে মণিপুৰৰ তেতিয়াৰ মুখ্যমন্ত্ৰী এম বীৰেন সিঙক সাক্ষাৎ কৰাক লৈ বিতৰ্কৰ সৃষ্টি হৈছে৷ নিষিদ্ধ মাৰিজুৱানাৰ ব্যৱসায়ৰ অনুমতি দিয়াক লৈ মণিপুৰৰ সদ্য প্ৰাক্তন মুখ্যমন্ত্ৰী বীৰেন সিঙৰ মুখ্যমন্ত্ৰী পদক লৈ টনা আজোৰাৰ সৃষ্টি হৈছে৷ যাৰ বাবে বিজেপি কেন্দ্ৰীয় নেতৃত্বই মুখ্যমন্ত্ৰীৰ নাম চূড়ান্ত কৰিবলৈ গৈয়ো থমকি ৰ’বলগীয়া হৈছে৷