Logo
image

শিক্ষানুষ্ঠানত হিজাব নচলিব, আৱেদন খাৰিজ

আমাৰ অসম ১৬মাৰ্চঃ 'হিজাব পৰিধান কৰাটো আৱশ্যকীয় ধৰ্মীয় প্ৰথা নহয়৷ সেয়েহে শিক্ষানুষ্ঠানত হিজাব পৰিধান কৰিব নোৱাৰিব৷’– শিক্ষানুষ্ঠানত হিজাব পৰিধানৰ অনুমতি বিচাৰি দাখিল কৰা আৱেদন খাৰিজ কৰি কৰ্ণাটক উচ্ছ ন্যায়ালয়ে মঙলবাৰে এই গুৰুত্বপূৰ্ণ তথা ঐতিহাসিক ৰায় প্ৰদান কৰে৷ উল্লেখ্য, চলিত বৰ্ষৰ জানুৱাৰীত কৰ্ণাটকৰ উডুপীৰ এখন শিক্ষানুষ্ঠানত এগৰাকী ছাত্ৰীয়ে হিজাব পৰিধান কৰি যোৱাৰ বাবে শিক্ষানুষ্ঠানত তেওঁৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ ফলত ৰাজ্যখনৰ লগতে দেশজুৰি ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছিল৷ এই সন্দৰ্ভত কৰ্ণাটক উচ্ছ ন্যায়ালয়ত শিক্ষানুষ্ঠানত হিজাব পৰিধান কৰাৰ অনুমতি প্ৰদানৰ বাবে বহুসংখ্যক শিক্ষাৰ্থী, মহিলাই আৱেদন দাখিল কৰিছিল৷ কৰ্ণাটক চৰকাৰে ৫ফেব্ৰুৱাৰীত জাৰি কৰা এক নিৰ্দেশযোগে শিক্ষানুষ্ঠানত হিজাব পৰিধান কৰাটো নিষিদ্ধ কৰিছিল৷ এই নিৰ্দেশৰ পাছত সমগ্ৰ ৰাজ্যখনত ব্যাপক আন্দোলন-প্ৰতিবাদ হোৱাৰ উপৰি বিশেষকৈ উডুপী জিলাৰ বিদ্যালয়-মহাবিদ্যালয়সমূহত বিক্ষোভৰ ফলত শিক্ষানুষ্ঠানৰ চৌহদ ৰণক্ষেত্ৰলৈ পৰিণত হৈছিল৷ বিক্ষোভ-প্ৰতিবাদৰ বাবে বহুদিনলৈ কৰ্ণাটক চৰকাৰে শিক্ষানুষ্ঠান বন্ধ ৰাখিবলগীয়া পৰিস্থিতিৰো সৃষ্টি হৈছিল৷ সেইমৰ্মে হিজাব পৰিধান সন্দৰ্ভত দাখিল কৰা আৱেদন মঙলবাৰে খাৰিজ কৰি মুখ্য ন্যায়াধীশ ৰিতু ৰাজ অৱস্থি নেতৃত্বাধীন বিচাৰপীঠে কয় যে ইছলাম ধৰ্মত হিজাব বাধ্যতামূলক নহয়৷ শিক্ষানুষ্ঠানত ‘ড্ৰেছ কোড’ থাকিব পাৰে৷ ন্যায়ালয়ৰ এই সিদ্ধান্তক কৰ্ণাটকৰ চৰকাৰে আদৰণি জনাইছে৷