Logo
image

ভাৰতীয় বায়ু সেনাবাহিনীৰ উইং কমাণ্ডাৰ হিচাপে নিযুক্ত অসম জীয়ৰী বৰ্ণালী গগৈৰ বাসগৃহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

আমাৰ অসম, ৩০ অক্টোবৰঃ ভাৰতীয় বায়ু সেনাবাহিনীৰ উইং কমাণ্ডাৰ হিচাপে নিযুক্ত হৈ অসমৰ লগতে দেশমাতৃক গৌৰৱান্বিত কৰা অসম জীয়ৰী বৰ্ণালী গগৈৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। শুকুৰবাৰে লখিমপুৰত তেখেতৰ মাতৃক সাক্ষাৎ কৰি বৰ্ণালী গগৈৰ এই সফলতাৰ বাবে আন্তৰিক অভিনন্দন আৰু সম্বৰ্ধনা জনায় মুখ্যমন্ত্ৰী সোণোৱালে। বৰ্ণালীয়ে দেশমাতৃৰ প্ৰতি নিষ্ঠা আৰু অদম্য সাহসেৰে সেৱা আগবঢ়াই যাওক, তাৰ বাবে শুভকামনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।