Logo
image

‘অসুখী’ দেশ ভাৰত জনপ্ৰিয়তম নেতা মোদী

আমাৰ অসম, ২১মাৰ্চঃ ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে নৰেন্দ্ৰ মোদীয়ে তেওঁ প্ৰধানমন্ত্ৰী হ’লে দেশবাসীক ‘অচ্ছে দিন’ৰ প্ৰতিশ্ৰুতি দিছিল৷ প্ৰধানমন্ত্ৰী হোৱাৰ পাছত তেওঁ সেই শব্দ দুটা বৰ বেছিকৈ উচ্ছাৰণ নকৰিলে৷ ২০১৯ চনত তেওঁ পুনৰ দেশৰ প্ৰধানমন্ত্ৰী হ’ল৷ এতিয়া নৰেন্দ্ৰ মোদীয়ে সেই শব্দ দুটা একেবাৰেই পাহৰি পেলালে৷ কোনো অনুষ্ঠানত কেতিয়াও তেওঁ ভাৰতবাসীক অচ্ছে দিনৰ প্ৰতিশ্ৰুতিও নিদিয়ে আৰু অচ্ছে দিন তেওঁ আনি দিলে বুলিও দাবী নকৰে৷ ভাৰতত অচ্ছে দিন চলি আছে নে নাই সেয়া জানিবৰ বাবে তেনেই উপায় নোহোৱা নহয়৷ দেশখনৰ নাগৰিকসকল যদি সুখী তেন্তে ভাৰতত অচ্ছে দিন চলি আছে আৰু যদি দেশখনৰ নাগৰিক সুখী নহয় তেন্তে ভাৰতলৈ অচ্ছে দিন অহা নাই৷ ২০ মাৰ্চত ৰাষ্ট্ৰসংঘৰ ‘ছাষ্টেনেবল ডেভলপমেণ্ট ছলিউশ্বন নেটৱৰ্ক’নামৰ সংস্থাটোৱে বিগত বহু বছৰ ধৰি ‘ৱল্ডৰ্ হেপীনেছ ডে’বা বিশ্ব সুখী দিৱসত এই পৃথিৱীৰ সুখী দেশ কোন সেয়া প্ৰকাশ কৰে৷ ৰাষ্ট্ৰসংঘ উক্ত সংস্থাই এইবাৰো সেই তালিকা প্ৰকাশ কৰিছে৷ মুঠতে ১৪৬ খন দেশৰ মাজত কৰা সমীক্ষাত ভাৰতৰ স্থান সুখী দেশৰ তালিকাত ১৩৬ নম্বৰত৷ অৰ্থাৎ দুখী দেশ বা অসুখী দেশ হিচাপে ভৱিষ্যতে যিকোনো দিনাই ভাৰতে অভিলেখ সৃষ্টি কৰিব পাৰিব৷ কিয়নো ১৪৬ খন দেশৰ ভিতৰত সুখী দেশ হিচাপে ১৩৬ নম্বৰত থকা ভাৰত আৰু ভাৰতৰ বাসিন্দা সুখী নে অসুখী সেয়া সম্ভৱতঃ কাকো বিশেষভাৱে বুজাই দিব নালাগে৷ সেই তালিকাৰ ভাৰতৰ কেইখনমান প্ৰতিৱেশী দেশৰ ক্ৰমিক নম্বৰ চালে ভাৰতৰ দুৰ্দশা ওলাই পৰে৷ ভাৰতৰ চুবুৰীয়া ক্ষুদ্ৰ দেশ নেপাল এই তালিকাত ৮৫ নম্বৰত আছে৷ বাংলাদেশ আছে ৯৯ নম্বৰত, পাকিস্তান আছে ১০৩ নম্বৰত আৰু শ্ৰীলংকা আছে ১২৬ নম্বৰত৷ অৰ্থাৎ ভাৰতৰ চুবুৰীয়া নেপাল, পাকিস্তান, বাংলাদেশ, শ্ৰীলংকা ইত্যাদি দেশৰ নাগৰিক ভাৰততকৈ সুখী৷ এই তালিকাৰ একেবাৰে শীৰ্ষত আছে ফিনলেণ্ড৷ অৰ্থাৎ ফিনলেণ্ড হৈছে বিশ্বৰ আটাইতকৈ সুখী লোকৰ দেশ৷ তাৰ পাছৰ চাৰিটা স্থান লাভ কৰিছে ক্ৰমে ডেনমাৰ্ক, ছুইজাৰলেণ্ড, আইচলেণ্ড আৰু নেদাৰলেণ্ডছে৷ ৰাষ্ট্ৰসংঘৰ যিটো সংস্থাই এই তালিকা প্ৰকাশ কৰে তেওঁলোকে বিভিন্ন দেশৰ নাগৰিকক ফোন কৰি তেওঁলোক সুখী হয় নে নহয় সেই বিষয়ে প্ৰশ্ন কৰে৷ তদুপৰি সেই দেশসমূহৰ আৰ্থিক বৃদ্ধিৰ হাৰ, দেশবাসীৰ গড় আয়ুস, কাম কৰাৰ স্বাধীনতা, সামাজিক ন্যায়, দুৰ্নীতি ইত্যাদিৰ তথ্য সংগ্ৰহ কৰে৷ তাৰ পাছত উক্ত সংস্থাই নিৰ্ধাৰণ কৰে সুখী দেশৰ তালিকা৷ এনেদৰে সমীক্ষা চলোৱাৰ অন্তত ভাৰতক এই সংস্থাটোৱে ১৩৬ সংখ্যক স্থান দিছে৷ ইয়াৰ অৰ্থ ভাৰতীয় নাগৰিক সুখী নহয়৷ অৰ্থাৎ ভাৰতত অচ্ছে দিন চলি থকা নাই৷ এই সমীক্ষা প্ৰকাশ হোৱাৰ দিনাই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৃথিৱীৰ আটাইতকৈ জনপ্ৰিয় নেতা হিচাপে নিৰ্বাচিত হৈছে৷ অসুখী দেশৰ প্ৰধানমন্ত্ৰী হ’লেও নৰেন্দ্ৰ মোদী বিশ্বৰ আটাইতকৈ জনপ্ৰিয় নেতা হিচাপে পৰিগণিত অতি তাৎপৰ্যপূৰ্ণ বিষয়৷ প্ৰধানমন্ত্ৰী মোদীয়ে এই ক্ষেত্ৰত পিছ পেলাইছে বিশ্বৰ ১২ জন ডাঙৰ ডাঙৰ ৰাষ্ট˜নেতাক৷ আনকি মোদীৰ সন্মুখত পৰি এই সমীক্ষাত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন সপ্তম স্থানলৈ পৰ্যৱসিত হৈছে৷ দ্বিতীয় স্থানত আছে মেক্সিকোৰ ৰাষ্ট্ৰপতি ল’পেজ ৱাৰ্ডাৰ আৰু তৃতীয় স্থানত আছে ইটালীৰ প্ৰধানমন্ত্ৰী মেৰিঅ’দ্ৰাঘী৷ অসুখী মানুহৰ দেশৰ প্ৰধানমন্ত্ৰী হ’লেও মোদীৰ এই সাফল্যই দেশবাসীক সুখী কৰিছে৷ উল্লেখ্য, এই সমীক্ষা চলাইছে আমেৰিকাৰ অখ্যাতপ্ৰায় এটা অনলাইন সংস্থা ‘মৰ্ণিং কনচাল্টে’,যিটো সংস্থা মোদী প্ৰধানমন্ত্ৰী হোৱা বছৰটোতে অৰ্থাৎ ২০১৪ চনত গঠিত হৈছিল৷