Logo
image

প্ৰতিদিনে মাজনিশা ১০ কিলোমিটাৰ দৌৰে প্ৰদীপে

ভাৰতীয় সেনাত যোগদানৰ লক্ষ্য

আমাৰ অসম, ২২ মাৰ্চঃ কোনো এটা লক্ষ্যত উপনীত হ’বলৈ লাগে কঠোৰ শ্ৰম আৰু মানসিক দৃঢ়তা৷ এয়া নাথাকিলে কোনো লোকেই জীৱনত সফল হ’ব নোৱাৰে৷ ভাৰতীয় সেনাত যোগ দিয়াৰ লক্ষ্যৰে উত্তৰাখণ্ডৰ আলমোৰাৰ এজন ১৯ বছৰীয়া যুৱকে প্ৰতিদিনে মাজনিশা কামৰ শেষত ১০ কিলোমিটাৰ দৌৰি ঘৰলৈ যোৱাৰ  কথাটোৱে এই কঠোৰ শ্ৰম আৰু মানসিক দৃঢ়তাকে প্ৰতিপন্ন কৰিলে৷ উত্তৰাখণ্ডৰ এই ল’ৰাজনে ককায়েকৰ সৈতে নয়দাত থাকি জীৱন যুদ্ধ অব্যাহত ৰাখিছে৷ প্ৰদীপ মেহৰা নামৰ যুৱকজনে নয়দাৰ ছেক্টৰ-১৬১ এখন বাৰ্গাৰৰ দোকানত কাম কৰে৷ পুৱা ৮ বজাত উঠি আহাৰ প্ৰস্তুত কৰি খাই-বৈ কামলৈ যোৱা প্ৰদীপে নিশা ১২ বজাত আজৰি হয় দোকানৰ পৰা৷ ছেক্টৰ-১৬১ পৰা বৰোলালৈ ১০ কিলোমিটাৰ পথ৷ মাজনিশা  পিঠিত এখন বেগ লৈ তেওঁ সদায় দৌৰি যায় এই দহ কিলোমিটাৰ পথ৷ তেওঁৰ একমাত্ৰ লক্ষ্য হৈছে ভাৰতীয় সেনাত যোগ দিয়া৷ ভাৰতীয় সেনাত যোগ দিবলৈ তেওঁ দৌৰত উত্তীৰ্ণ হ’বই লাগিব৷ সেয়ে তেওঁ মাজনিশা ভোক আৰু ভাগৰকো আওকান কৰি সদায় দৌৰে৷ প্ৰদীপ মেহৰাই কৰা এই কষ্টৰ ভিডিঅ’এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে৷ প্ৰখ্যাত চিনেমা নিৰ্মাতা বিনোদ কাপড়িয়ে ল’ৰাজনে দৌৰা এটা ভিডিঅ’ প্ৰস্তুত কৰি ছ’চিয়েল মিডয়াত আপলোড কৰাৰ পাছতে সেইটো  ভাইৰেল হয়৷