Logo
image

সুখী দেশৰ তালিকাত ‘অসুখী’ ভাৰত

বিগত কেইবা বছৰৰ পৰা ভাৰতক বিশ্বৰ দ্ৰুত অৰ্থনৈতিক উন্নয়ন  হোৱা দেশৰ অন্যতম হিচাপে গণ্য কৰা হৈছে৷ দেশৰ শাসনত থকা বৰ্তমানৰ চৰকাৰখনে জনসাধাৰণক সকাহ দিয়াৰ বাবে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনি সফলতাৰে কাৰ্যকৰী কৰা বুলি যিমানেই দাবী নকৰক কিয়, দেশখনে প্ৰকৃততে কিমান উন্নতি কৰিছে  আৰু চৰকাৰী কাম-কাজক লৈ সৰ্বসাধাৰণ কিমান সন্তুষ্ট তাৰ সম্যক ধাৰণা কৰিব পৰা যায় ৰাষ্ট্ৰসংঘৰ ‘ছাষ্টেইনেবল ডেভেলপমেণ্ট ছলিউশ্বন নেটৱৰ্ক’নামৰ সংস্থাটোৰ শেহতীয়া প্ৰতিবেদনৰ পৰা৷ যি সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিশ্বৰ সবাতোকৈ জনপ্ৰিয় নেতা হিচাপে বিবেচিত হৈছে, সেই সময়তে বিশ্বৰ শীৰ্ষৰ এশখন সুখী দেশৰ মাজত স্থান পাবলৈ সক্ষম হোৱা নাই ভাৰতে৷ বিশ্ব সুখী দিৱস উপলক্ষে প্ৰতিবছৰে বিশ্বৰ সুখী দেশ নিৰ্বাচনৰ বাবে এক সমীক্ষা চলোৱা হয়৷ এইবাৰ ১৪৬খন দেশৰ মাজত চলোৱা সমীক্ষাৰ প্ৰতিবেদন অনুসৰি সুখী দেশৰ তালিকাত ভাৰত আছে ১৩৬সংখ্যক স্থানত৷ আৰ্থিক বৃদ্ধিৰ হাৰ, মুঠ ঘৰুৱা উৎপাদন, সামাজিক ন্যায়, ব্যক্তিগত স্বাধীনতা, দুৰ্নীতিৰ হাৰ, দেশবাসীৰ গড় আয়ুস, সুস্বাস্থ্য আৰু নাগৰিকৰ মতামতৰ ভিত্তিত সুখী দেশৰ তালিকাখন প্ৰস্তুত কৰা হৈছে৷ সুখী দেশৰ বিষয়টোত একাংশই হয়তো যুক্তি দৰ্শাব পাৰে যে ভাৰত এতিয়াও এখন উন্নয়নশীল দেশ৷ সেয়েহে ভাৰতক পশ্চিমৰ দেশৰ লগত তুলনা কৰাটো সমীচীন নহ’ব৷ কিন্তু পশ্চিমৰ দেশ নহয়, চুবুৰীয়া দেশকেইখনৰ সৈতে তুলনা কৰিলেই বাস্তৱ ছবিখন স্পষ্ট হৈ পৰিব৷ যদি দক্ষিণ এছিয়াৰ দেশকেইখনৰ বিষয়ে উল্লেখ কৰা হয়, তেন্তে দেখা যাব যে কেৱল তালিবানশাসিত আফগানিস্তানৰহে অৱস্থা ভাৰততকৈ নিম্নস্তৰৰ৷ ১৪৬খন দেশৰ ভিতৰত আফগানিস্তানক সবাতোকৈ অসুখী দেশ হিচাপে চিহ্নিত কৰা হৈছে৷ সুখী দেশৰ তালিকাত ভাৰতৰ সীমাতে লাগি থকা নেপাল, বাংলাদেশ,পাকিস্তান আৰু শ্ৰীলংকা আছে ক্ৰমে ৮৪, ৯৪, ১২১ আৰু ১২৭সংখ্যক স্থানত৷ আনহাতে, এছিয়াৰ সবাতোকৈ সুখী দেশ হিচাপে বিবেচিত হৈছে ভূটান৷ বিশ্বৰ সুখী দেশৰ তালিকাৰ শীৰ্ষৰ পাঁচটা স্থানত আছে ক্ৰমে ফিনলেণ্ড, ডেনমাৰ্ক, ছুইজাৰলেণ্ড, আইচলেণ্ড আৰু নেদাৰলেণ্ডছ৷‘ছাষ্টেইনেবল ডেভেলপমেণ্ট ছলিউশ্বন নেটৱৰ্ক’ৰ প্ৰতিবেদনৰ পৰা এটা কথা স্পষ্ট হৈ পৰে যে ভাৰত বিশ্বৰ দ্ৰুত উন্নয়নশীল দেশসমূহৰ ভিতৰত অন্যতম হ’লেও বৰ্তমানৰ চৰকাৰখনে সৰ্বসাধাৰণক সুখী কৰি ৰাখিব পৰা নাই৷  ফিনলেণ্ড, ভূটান আদি দেশে সুখী দেশৰ তালিকাত আগস্থান পোৱাৰ মূলতে আছে বৰ্তমানৰ পৰ্যায়ত উপনীত হ’বলৈ সেই দেশত গ্ৰহণ কৰা বিভিন্ন জনহিতকৰ কৌশল৷ উদাহৰণস্বৰূপে ফিনলেণ্ডত শিক্ষা ব্যৱস্থাত বৃহৎ অংকৰ ধন বিনিয়োগ কৰা হৈছে৷ এছিয়াৰ অন্যতম সুখী দেশ হিচাপে স্বীকৃত হ’বলৈ হ’লে ভাৰতে ফিনলেণ্ডৰ দৰে দেশক অনুকৰণ কৰিব লাগিব৷ কেৱল ৰাজনৈতিক লাভালাভৰ বাবে সৰ্বসাধাৰণক ‘অচ্ছে দিন’ৰ সপোন দেখুওৱাৰ কৌশল ত্যাগ কৰি চৰকাৰে নাগৰিকৰ জীৱন ধাৰণৰ মান উন্নত কৰাত গুৰুত্ব দিব লাগিব৷ তাৰ লগতে কৰ্মসংস্থাপন সৃষ্টি কৰা, দুৰ্নীতি, মূল্যবৃদ্ধি ৰোধ কৰা আৰু শিক্ষা, স্বাস্থ্যক্ষেত্ৰত অধিক গুৰুত্ব দিব পাৰিলেহে সুখী দেশৰ তালিকাত ভাৰতৰ স্থানৰ উত্তৰণ ঘটিব৷ যদি তাকে নকৰি বৰ্তমানৰ দৰে চলি থাকিবলৈ দিয়া হয়, তেন্তে ভাৰত বিশ্বৰ সবাতোকৈ অসুখী দেশ হিচাপে পৰিচিত হ’বলৈ বেছি দিন নালাগিব৷