Logo
image

দেশৰ ৮৫ শতাংশ কৃষক সংগঠনেই সমৰ্থন কৰিছিল কেন্দ্ৰৰ ৩খন কৃষি আইন

ছুপ্ৰিম ক’ৰ্টৰ দ্বাৰা গঠিত কমিটীৰ দাবী

আমাৰ অসম, ২৩মাৰ্চঃ দেশৰ কৃষকৰ কল্যাণৰ বাবে কেন্দ্ৰৰ মোদী চৰকাৰে গ্ৰহণ কৰা ৩খন কৃষি আইন বাতিলৰ দাবীৰে পঞ্জাব, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ একাংশ কৃষক সংগঠনে এবছৰৰো অধিক কাল প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ এই আইন তিনিখন বাতিলৰ দাবীৰে কৃষকে দিল্লীৰ তিনিটা সীমান্তত প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ যাৰ ফলত নৰেন্দ্ৰ মোদী চৰকাৰে এই আইন তিনিখন বাতিল কৰিবলৈ বাধ্য হৈছিল৷ ইয়াৰ ফলত দেশত কেৱল পঞ্জাব, হাৰিয়ানাৰ কৃষকৰ স্বাৰ্থই বাহাল থাকিল৷ দেশৰ বাকী ৰাজ্যৰ কৃষকৰ অৱস্থা আগৰ দৰেই শোচনীয় হৈ থকাৰ পথ মুকলি হৈ থাকিল৷ উচ্ছতম ন্যায়ালয়ৰ দ্বাৰা গঠন কৰা কমিটীয়ে মঙলবাৰে দাবী কৰে যে দেশৰ ৮৫ শতাংশ কৃষক সংগঠনেই কেন্দ্ৰৰ কৃষি আইন তিনিখনৰ সমৰ্থন কৰিছিল৷ মাত্ৰ ১৩.৬ শতাংশ কৃষক সংগঠনেহে ইয়াৰ বিৰোধিতা কৰিছিল৷ কেন্দ্ৰৰ তিনিখন কৃষি আইনৰ সমীক্ষা আৰু ইয়াৰ সন্দৰ্ভত সকলো পক্ষৰ ৰায় জানিবৰ বাবে উচ্ছতম ন্যায়ালয়ে গঠন কৰি দিয়া কমিটীয়ে মঙলবাৰে এই কথা প্ৰকাশ কৰে৷ এই কমিটীখনেও বিচৰা নাছিল কৃষি আইন তিনিখন সম্পূৰ্ণৰূপে বাতিল কৰা হওক৷ কাৰণ এই আইন তিনিখনে কৃষকক যথেষ্ট সহায় কৰিলেহেঁতেন৷