Logo
image

বিশ্বৰ এশ দূষিত চহৰৰ ৬৩খনেই ভাৰতত

আমাৰ অসম,২৩ মাৰ্চঃ বিশ্বৰ সৰ্বাধিক প্ৰদূষিত ১০০ খন চহৰৰ ভিতৰত ৬৩ খন চহৰেই ভাৰতৰ৷ এই কৃতিত্বৰেই প্ৰদূষণৰ ক্ষেত্ৰত ভাৰতে বিশ্ব অভিলেখ প্ৰতিষ্ঠা কৰিছে৷ কিয়নো বিশ্বৰ সৰ্বাধিক প্ৰদূষিত ৰাজধানীখন হৈছে ভাৰতৰ ৰাজধানী নতুন দিল্লী৷ তদুপৰি বিশ্বৰ সৰ্বাধিক প্ৰদূষিত চহৰখনো ভাৰতৰে৷ ৰাজস্থানৰ ভিৱাণ্ডি চহৰখনে বিশ্বৰ ১০০ খন প্ৰদূষিত চহৰৰ ভিতৰত শীৰ্ষস্থান অধিকাৰ কৰিছে৷ তাৎপৰ্যপূৰ্ণ এয়াই যে সৰ্বাধিক প্ৰদূষিত বিশ্বৰ ১৫ খন চহৰৰ ভিতৰত দহখনেই ভাৰতীয় চহৰ আৰু সৰ্বাধিক প্ৰদূষিত ২০ খন চহৰৰ ভিতৰত ১৬ খন ভাৰতৰ চহৰে স্থান অধিকাৰ কৰিছে৷ নিম্নমানৰ বায়ুমণ্ডলেৰে ভৰা চহৰৰ ক্ষেত্ৰত উত্তৰ ভাৰতৰ ইখনৰ পিছত সিখন চহৰে স্থান লাভ কৰাটোৱে ভাৰত যে এখন সম্পূৰ্ণভাৱে প্ৰদূষিত দেশ সেয়া সকলোৰে সন্মুখত উন্মোচিত হৈ পৰিছে৷ সেই অনুসৰি উত্তৰ প্ৰদেশৰ গাজিয়াবাদে সামগ্ৰিকভাৱে দ্বিতীয় স্থান, দিল্লীয়ে চতুৰ্থ স্থান, উত্তৰ প্ৰদেশৰ জৌনপুৰে পঞ্চম স্থান, উত্তৰ প্ৰদেশৰ নইদাই সপ্তম স্থান, উত্তৰ প্ৰদেশৰে বাগপটে দশম স্থান, হাৰিয়ানাৰ হিছাৰ আৰু ফৰিদাবাদে ক্ৰমে একাদশ আৰু দ্বাদশ স্থান, উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাই ত্ৰয়োদশ স্থান আৰু হাৰিয়ানাৰ ৰোহটকে চতুৰ্দশ স্থান লাভ কৰিছে৷ প্ৰদূষিত চহৰৰ ক্ষেত্ৰত ষষ্ঠদশ স্থানত আছে উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌ, সপ্তদশ স্থান জিন্দ, অষ্টাদশ স্থানত গুৰুগ্ৰাম আৰু বিংশতিতম স্থানত আছে উত্তৰ প্ৰদেশৰে আন এখন আগশাৰীৰ চহৰ কানপুৰ৷ উল্লেখ্য, ছুইজাৰলেণ্ডৰ ‘আইকিউএয়াৰ’ নামৰ সংগঠনটোৱে বিশ্বৰ বায়ু প্ৰদূষণৰ মান নিৰূপণ কৰি প্ৰতিবেদন প্ৰকাশ কৰে৷ ২০২১ চনৰ বায়ু প্ৰদূষণৰ ওপৰত ভিত্তি কৰি ছুইজাৰলেণ্ডৰ সংগঠনটোৱে প্ৰকাশ কৰা এই তালিকাত নতুন দিল্লীয়ে একেৰাহে দ্বিতীয় বছৰৰ বাবে বিশ্বৰ সৰ্বাধিক প্ৰদূষিত ৰাজধানীৰ অনাকাংক্ষিত অভিলেখ স্থাপন কৰিছে৷ ছুইজাৰলেণ্ডৰ সংগঠনটোৱে সমগ্ৰ বিশ্বৰ মুঠতে ৬,৪৭৫ খন চহৰৰ বায়ুমণ্ডলৰ মান নিৰূপণ কৰি এই তালিকা প্ৰকাশ কৰিছে৷ সংগঠনটোৱে তেওঁলোকৰ প্ৰতিবেদনত জনোৱা অনুসৰি ‘হু’বা বিশ্ব স্বাস্থ্য সংস্থাই এখন চহৰৰ বায়ুৰ মানৰ ক্ষেত্ৰত যি যোগ্যতাৰ মাপকাঠি নিৰূপণ কৰিছে সেয়া বিশ্বৰ কোনো এখন চহৰে স্পৰ্শ কৰিব পৰা নাই৷ অৰ্থাৎ বিশ্বৰ সকলো চহৰেই কম-বেছি পৰিমাণে প্ৰদূষণেৰে ভৰা৷ তাৰ ভিতৰত ভাৰতৰ সৰ্বাধিক সংখ্যক চহৰ থকাটো দেশখনৰ বাবে চৰম লজ্জাজনক স্থিতি হিচাপে বিবেচিত হৈছে৷ নৰেন্দ্ৰ মোদী চৰকাৰে স্বচ্ছ ভাৰত নাম দি এখন আঁচনি ৰূপায়ণ কৰি সমগ্ৰ দেশক স্বচ্ছ আৰু প্ৰদূষণমুক্ত কৰি ৰখাৰ চেষ্টা চলাইছে৷ পিছে সেই স্বচ্ছ ভাৰত অভিযান এতিয়া চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বাবে আঁচনিৰ পৰা চৰকাৰী ধন আত্মসাৎ কৰাৰ লোভনীয় বিভাগ হৈ পৰিছে৷ এতিয়াৰ পৰা সাত বছৰৰ পূৰ্বে আৰম্ভ কৰা স্বচ্ছ ভাৰত অভিযান যদি চৰকাৰে দাবী কৰা অনুসৰি কাৰ্যকৰী হৈছে তেন্তে ভাৰতৰ ৬৩ খন চহৰে পৃথিৱীৰ ১০০ খন প্ৰদূষিত চহৰৰ মাজত স্থান নাপালেহেঁতেন৷