Logo
image

মূল্যবৃদ্ধি

বিজ্ঞান-প্ৰযুক্তিৰ উন্নয়নৰ অহমিকাৰে গৰ্বিত মানৱ সমাজক এটা মাত্ৰ ক্ষুদ্ৰ ভাইৰাছে ২০২০ বৰ্ষৰ পৰা প্ৰায় দুটা বছৰ স্তব্ধ কৰাৰ উপৰি মৃত্যু বিভীষিকাৰ সৃষ্টি কৰে৷ ভাৰতৰ দৰে জনবহুল উন্নয়নশীল দেশ এখনত ক’ভিড-১৯১ বাবেই বহুজনে সংস্থাপনৰ পথ হেৰুৱায়৷ দেশত ‘অচ্ছে দিন’ৰ সপোন দেখুৱাই শাসন ক্ষমতা দখল কৰা মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰৰ দিনত জনসাধাৰণৰ অৱস্থা পূৰ্বতকৈ অধিক পুতৌলগাহে হৈছে৷ ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছৰে পৰা প্ৰতিখন চৰকাৰে জনতাৰ উন্নয়নৰ বাবে কৰা কামৰ বাবে জনসাধাৰণৰ জীৱন-ধাৰণৰ মান কিছু উন্নত হৈছিল যদিও মোদীৰ শাসনকালত জনতাৰ অৱস্থা শোচনীয়া হৈ পৰিছে৷ ২০১৭-১৮ত দেশত নিবনুৱাৰ সংখ্যাই সৰ্বকালৰ অভিলেখ ভংগ কৰাৰ পাছত কৰ’না কালত পুনৰ নতুন অভিলেখহে গঢ়ে৷ কিয়নো নিৰ্মাণ খণ্ড, কৃষিখণ্ড, সেৱাখণ্ডকে ধৰি সকলোতে সংস্থাপনৰ পথ সংকুচিত হোৱাত দেশত নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ দেশত নতুন চাকৰি সৃষ্টিৰ পৰিৱৰ্তে চাকৰিয়ালে চাকৰি হেৰুৱাব লগাহে হৈছে৷ ফলত জনসাধাৰণৰ উপাৰ্জনৰ পথ ৰুদ্ধ হৈছে৷ বহুজনে পৰিয়ালৰ ভৰণ-পোষণ দিব নোৱাৰি আত্মহননৰ দৰে পথ বাছি লৈছে৷ ইপিনে সামগ্ৰীৰ অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিয়ে জনসাধাৰণক যমৰ যাতনা ভোগাইছে৷ অৱশ্যে, বিগত বৰ্ষৰ ৬ অক্টোবৰৰ পৰা ঘৰুৱা ৰন্ধন গেছৰ দাম এটা নিৰ্দিষ্ট নিৰিখত আছিল৷ সেইদৰে পেট্ৰ’ল-ডিজেলৰ দামে বিগত বৰ্ষৰ ৪ নৱেম্বৰৰ পৰা স্থিৰ আছিল৷ পেট্ৰ’ল-ডিজেলৰ দাম বিগত ১৩৭ দিন এটা নিৰ্দিষ্ট নিৰিখত থকাৰ বাবে আন সামগ্ৰীৰ মূল্যবৃদ্ধিৰ হাৰ এই সময়ছোৱাত বৰ বেছি বৃদ্ধি হোৱা নাছিল৷ কিন্তু ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত খাৰুৱা তেলৰ দাম আন্তৰ্জাতিক বজাৰত বৃদ্ধি হোৱাত আৰু ভাৰতৰ তেল কোম্পানীসমূহ লোকচানৰ সন্মুখীন হোৱাত মঙলবাৰৰ পৰা পুনৰ পেট্ৰ’ল-ডিজেলত ৮০ পইচা আৰু ৰন্ধন গেছ চিলিণ্ডাৰত ৫০ টকাকৈ বৃদ্ধি কৰে৷ মূলতঃ দেশৰ পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ দাম বৃদ্ধি কৰা নাছিল, যাতে ইয়ে নিৰ্বাচনত প্ৰভাৱ পেলাব নোৱাৰে৷ নিৰ্বাচন যিহেতু শেষ হৈছে, সেয়ে এতিয়া কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ দাম পুনৰ বৃদ্ধি কৰিবলৈ লৈছে৷ যিহেতু পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ দাম বৃদ্ধিয়ে আন সামগ্ৰীৰ দাম বৃদ্ধিত অৰিহণা যোগায়, সেয়ে তেনে সামগ্ৰীৰ দাম নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে জনসাধাৰণৰ জীৱন দুৰ্বিষহ হৈ পৰে৷ কৃষিকৰ্মৰ পৰা কৃষিসামগ্ৰীৰ লগতে সকলো সামগ্ৰী পৰিবহণৰ বাবে যিহেতু পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ প্ৰয়োজন, সেয়ে খাদ্যসামগ্ৰীকে ধৰি সকলো সামগ্ৰীৰে দাম অভাৱনীয় হাৰত বৃদ্ধি পাব৷ এনে অৱস্থাত জনসাধাৰণে নিত্যপ্ৰয়োজনীয় সামগ্ৰীৰ যোগাৰ কৰাত ভীষণ সমস্যা হ’ব৷ পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ দাম অত্যধিক বৃদ্ধি হোৱাৰ বাবে পৰিবহণ ব্যয় বৃদ্ধিৰ ফলত সকলো বয়বস্তুৰে দাম অভাৱনীয় হাৰত বৃদ্ধি পাব৷ ইয়াৰ লগতে ভূতৰ ওপৰত দানহ পৰাৰ দৰে ৰাজ্য চৰকাৰে বিদ্যুৎ মাচুল প্ৰতি ইউনিটত ৫০ পইচাকৈ বৃদ্ধি কৰিছে৷ অসম শক্তি বিতৰণ নিগম লিমিটেডে অৱশ্যে লোকচানৰ দোহাই দি প্ৰতি ইউনিটত ২.৪১ টকাকৈ বৃদ্ধিৰ পোষকতা কৰিছিল যদিও বিদ্যুৎ বিভাগে সদ্যহতে প্ৰতি ইউনিটত ৫০ পইচাকৈ বৃদ্ধি কৰি বিদ্যুৎ গ্ৰাহকক নিগমে মৰিবলৈ দিয়া নাই যদিও আগত সময়ত পুনৰ যে বিদ্যুৎ মাচুল বৃদ্ধি হ’ব, সেইটো নিশ্চিত৷ বিদ্যুৎ মাচুলৰ লগতে ইন্ধনৰ মূল্যবৃদ্ধিয়ে কল-কাৰখানা, উদ্যোগ-প্ৰতিষ্ঠান, পৰিবহণ, কৃষিকাৰ্য সকলোতে প্ৰভাৱ পেলাব আৰু ইয়ে জনসাধাৰণক দুবেলা-দুমুঠি যোগাৰ কৰাত সমস্যাৰ সৃষ্টি কৰিব৷ ফলত দেশত পুষ্টিহীনতাত ভোগা, ৰক্তহীনতাত ভোগা লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ লগতে চুৰি-ডকাইতি আদি অপৰাধজনিত ঘটনাও বৃদ্ধি পাব৷ জনতাৰ মংগলৰ অৰ্থে চৰকাৰে সকলো সামগ্ৰীৰে দাম নিয়ন্ত্ৰণ কৰাৰ লগতে জনসাধাৰণক উপাৰ্জনৰ পথ দিব লাগিব, তেতিয়াহে দেশৰ আৰ্থিক বিকাশ সম্ভৱ হ’ব৷