Logo
image

খাদ্য সংকটত হাহাকাৰ কৰা জনতা আহিছে ভাৰতলৈ

শ্ৰীলংকাত ৪০০ গ্ৰাম গাখীৰৰ দাম ৭৯০ টকা

আমাৰ অসম, ২৪ মাৰ্চঃ ভাৰতৰ চুবুৰীয়া দেশ শ্ৰীলংকাৰ পৰিস্থিতি এতিয়া শোচনীয়৷ ভয়ংকৰ আৰ্থিক সংকটে জুৰুলা কৰা সৰু দেশখনৰ জনতাই সকলো সামগ্ৰীৰ বাবেই হাহাকাৰ কৰিবলগীয়া হৈছে৷ ইন্ধন, তেলৰ পৰা আৰম্ভ কৰি খাদ্য সামগ্ৰীলৈকে সৃষ্টি হোৱা ভয়ংকৰ নাটনিয়ে দেশখনৰ জনতাক অতিষ্ঠ কৰি তুলিছে৷ খাদ্য সামগ্ৰীৰ নাটনিৰ ফলত সেইবোৰৰ দাম আকাশলংঘী হৈছে৷ খাদ্য সামগ্ৰী পাবৰ বাবে জনতাই দীঘলীয়া শাৰী পাতিবলগীয়া হৈছে৷ শেহতীয়াকৈ অহা বাতৰি অনুসৰি শ্ৰীলংকাত ৪০০ গ্ৰাম পাউদাৰ গাখীৰৰ দাম হৈছেগৈ ৭৯০টকা৷ গতিকে খাদ্য সামগ্ৰীৰ অভাৱত পৰা দেশখনৰ পৰা বহু তামিল লোকে ভাৰতলৈ ঢাপলি মেলিছে৷ মঙলবাৰে শ্ৰীলংকাৰ পৰা তামিলনাডুলৈ আহে ১৬জন নাগৰিক৷ তেওঁলোকে ভাৰতত আশ্ৰয় বিচাৰিছে৷ এতিয়ালৈকে প্ৰায় দুহাজাৰৰো অধিক শ্ৰীলংকাৰ লোকে তামিলনাডুত আশ্ৰয় লোৱাৰ মানসেৰে উপকূলীয় অঞ্চলত আশ্ৰয় লৈছেহি৷ শ্ৰীলংকাত এতিয়া প্ৰতি কিলো চাউলৰ দাম ৫০০ টকা, ৪০০ গ্ৰাম পাউদাৰ গাখীৰৰ দাম ৭৯০ টকা, এক কিলো চেনীৰ দাম ২৯০ টকা [শ্ৰীলংকাৰ মুদ্ৰাত]৷ গতিকে জনতাই মূৰে-কপালে হাত দিছে৷