Logo
image

ৰাজনীতি বহুত হৈছে

কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ এটা মন্তব্যই আগন্তুক দিনত ভাৰত-পাকিস্তানৰ এখন সম্ভাব্য যুদ্ধৰ বতৰা কঢ়িয়াই আনিছে৷ জিতেন্দ্ৰ সিঙে কৈছে যে বিজেপি দলে নিজৰ প্ৰতিশ্ৰুতি অনুসৰিয়েই যিদৰে কাশ্মীৰৰ পৰা ৩৭০ ধাৰা প্ৰত্যাহাৰ কৰিলে, ঠিক তেনেদৰে পাক অধিকৃত কাশ্মীৰক উদ্ধাৰ কৰিব৷ এয়া বিজেপিৰ প্ৰতিশ্ৰুতি আৰু বিজেপিয়ে প্ৰতিশ্ৰুতি পালনত কেতিয়াও পিছলৈ নাযায়৷ কিন্তু জিতেন্দ্ৰ সিঙে কাশ্মীৰৰ পৰা ৩৭০ ধাৰা প্ৰত্যাহাৰ আৰু পাক অধিকৃত কাশ্মীৰক উদ্ধাৰ কৰা যে একে কথা নহয় সেই কথা নিশ্চয় নুবুজাকৈ থকা নাই৷ পাক অধিকৃত কাশ্মীৰক উদ্ধাৰ কৰিবলৈ হ’লে ভাৰতৰ সংসদত আইন সংশোধন বা প্ৰত্যাহাৰ কৰিলে নহ’ব তাৰ বাবে পাকিস্তানৰ লগত সামৰিক যুদ্ধ কৰিব লাগিব৷ নিশ্চয়কৈ বিজেপি চৰকাৰে ২০২৪ চনৰ নিৰ্বাচনৰ পূৰ্বে তেনে এটা চেষ্টা কৰিবও পাৰে, কিন্তু বৰ্তমান ভাৰতৰ অৰ্থনীতিয়ে এখন যুদ্ধৰ অনুমতি দিয়েনে? যিখন দেশত দৈনিক টকাৰ মূল্য অৱনমিত হৈছে, মুদ্ৰাস্ফীতি বাঢ়ি গৈছে, কৰ্মসংস্থান নোহোৱা হৈছে আৰু অজস্ৰ সমস্যাই জৰ্জৰিত কৰি আছে, তেনে অৱস্থাত কেৱল প্ৰতিশ্ৰুতিৰ বাবে এখন যুদ্ধ কোনেও নিবিচাৰে৷ আনহাতে, বিজেপি চৰকাৰে যদিও ৩৭০ ধাৰা প্ৰত্যাহাৰ কৰিলে, এতিয়া কাশ্মীৰত শান্তি ঘূৰি আহিলনে? আচলতে ভাৰত চৰকাৰৰ চৰম বিফলতাটো হৈছে– আজিও কাশ্মীৰত জনসাধাৰণে আত্মিকভাৱে ভাৰতক নিজৰ বুলি ভাবিব নোৱাৰিলে, ইয়াৰ বাবে কিন্তু ভাৰতৰ শাসকগোষ্ঠীয়েই জগৰীয়া৷ নিজৰ অৰ্থনৈতিক ভেটি সুদৃঢ় হোৱা হ’লে, ভাৰতৰ উন্নতি চকুত লগা হ’লে কাশ্মীৰৰ জনগণে ভাৰতৰ লগত থাকিবলৈয়ে আগবাঢ়ি আহিলহেঁতেন৷ কিন্তু ছবিখন বিপৰীত৷ আনহাতে, বিজেপিয়ে কেৱল পাক অধিকৃত কাশ্মীৰক উদ্ধাৰ কৰাৰ প্ৰতিশ্ৰুতি লৈ শাসনত বহিছিল নেকি? বিজেপিয়ে প্ৰতিশ্ৰুতি দিছিল প্ৰতিবছৰে ২ কোটিকৈ নিবনুৱাক চাকৰি দিয়াৰ, মূল্যবৃদ্ধি হ্ৰাস কৰাৰ, বিদেশৰ পৰা ক’লা ধন ঘূৰাই আনি প্ৰত্যেকৰে একাউণ্টত ১৫ লাখকৈ টকা দিয়াৰ, বিদেশী বহিষ্কাৰ কৰাৰ, নগাঁও আৰু কাছাৰ কাগজ কল দুটা মুকলি কৰাৰ, আদৰ্শ গাঁও নিৰ্মাণ কৰাৰ, স্মাৰ্ট চিটী নিৰ্মাণ কৰাৰ, দেশৰ মানুহৰ খাদ্য, বস্ত্ৰ, বাসস্থানৰ সমস্যা নোহোৱা কৰাৰ! কি হ’ল, নতুন চাকৰি দূৰৰ কথা, লাখ লাখ মানুহে দৈনিক চাকৰি হেৰুৱাব লাগিছে৷ চৰকাৰী উদ্যোগ, কল-কাৰখানাসমূহ হয় বন্ধ হৈ গৈছে নহয় পুঁজিপতিক বিক্ৰী কৰি দিয়া হৈছে, যাৰ বাবে থকাসকলেও চাকৰি হেৰুৱাই পেলাইছে৷ অসমৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটো আদানিক গতাই দিয়াৰ বাবে বহু মানুহে পূৰ্বে কৰি থকা কামটো হেৰুৱাই হাহাকাৰ কৰিছে৷ কৰ’নাৰ কবলত পৰি মধ্যমীয়া, সৰু ব্যৱসায়ীসকলৰ ব্যৱসায় বন্ধ হৈ গ’ল, সেইবোৰক লৈ চৰকাৰৰ কোনো চিন্তা নাই৷ ২০ লাখ কোটি টকাৰ বৃহৎ পেকেজ ঘোষণা দেশৰ মানুহে শুনিলেহে, কিন্তু ফল কোনে পালে সেইটো এক দুৰ্বোধ্য সাঁথৰ৷ দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জনতাক জুৰুলা কৰিছে৷ ৬০টকীয়া মিঠাতেল ২০০ টকা হ’ল! পেট্ৰ’ল-ডিজেলে শতকৰ ঘৰ অতিক্ৰম কৰিলে, অথচ বিজেপিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিলৈ মনত পৰা নাই৷ বিদেশৰ বেংকৰ পৰা ক’লা ধন ঘূৰাই অনা দূৰৰ কথা, ছুইজাৰলেণ্ডে যোগান ধৰা ক’লা ধনৰ গৰাকীৰ তালিকাখনেই প্ৰকাশ নকৰিলে৷ ১৫ লাখকৈ টকা একাউণ্টত দিয়াৰ প্ৰতিশ্ৰুতি এক নিৰ্বাচনী ‘ঝুমলা’বুলি ক’বলৈ দেশবাসীৰ ওচৰত চৰম নোপোৱা দলটোৱে কেৱল সাম্প্ৰদায়িক উত্তেজনা বিয়পাই হিন্দু-মুছলমানৰ মেৰুকৰণৰ ৰাজনীতি কৰি হিন্দু ভোটাৰক প্ৰলোভিত কৰাটোৱেই যদি একমাত্ৰ উদ্দেশ্য হয়, তেন্তে দেশৰ অৱস্থা যে দিনক দিনে অৱদমিত হ’ব, সেইটো নিশ্চিত৷ ইয়াৰ বাবে বহুদূৰলৈ যাব নালাগে৷ ভোকাতুৰ দেশৰ তালিকাত আমাৰ দেশৰ স্থান কেনেদৰে অৱনমিত হৈছে সেয়া এবাৰ চালেই হ’ল৷ যিখন দেশ ২০১৪ চনত ভোকাতুৰ দেশৰ তালিকাত ৫৫সংখ্যক স্থানত আছিল, সেইখন দেশ ২০১৫ চনত ৮০সংখ্যক, ২০১৬ চনত ৯৭সংখ্যক, ২০১৭ত ১০০সংখ্যক আৰু ২০১৮ত সৰ্বনিম্ন ১০৩সংখ্যকলৈ গতি কৰিলে; অৰ্থাৎ ১১৯খন দেশৰ তালিকাত ভাৰতৰ তলত থাকিল মাত্ৰ ১৬খন দেশ– য’ত পাকিস্তানেও ভাৰতক চেৰ পেলালে৷ এইবোৰ হ’ল তথ্য, এইবোৰ তথ্য বাদ দি কেৱল আৱেগিকভাৱে হয়তো বিজেপিয়ে কেইবছৰমান শাসন কৰিব পাৰিব, কিন্তু যেতিয়া আজি কংগ্ৰেছক বহিষ্কাৰ কৰাৰ দৰেই বিজেপিক মানুহৰ আমুৱাব, তেতিয়া হয়তো বহু দেৰি হৈ যাব৷ সেয়ে ৰাজনীতি বহুত হ’ল, অলপ দেশৰ বাবে, জনতাৰ বাবে চৰকাৰে ধ্যান দিবৰ হ’ল৷