Logo
image

উত্তৰাখণ্ডেৰে কৈলাস যাত্ৰা

আমাৰ অসম, ২৬মাৰ্চঃ কৈলাস পৰ্বত– দেৱাদিদেৱ মহদেৱৰ বাসভূমি বুলি বিশ্বাস কৰা এক পৱিত্ৰ তীৰ্থস্থান৷ হিন্দু, জৈন আৰু বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ তীৰ্থভূমি কৈলাস পৰ্বতলৈ যোৱাৰ বাবে উত্তৰাখণ্ডেৰে এটা নতুন পথ নিৰ্মাণ কৰি থকা হৈছে৷ চীন দেশৰ অধীনস্থ তিব্বত স্বায়ত্তশাসিত খণ্ডত অৱস্থিত এই পৱিত্ৰ স্থানলৈ তীৰ্থযাত্ৰীসকলে পূৰ্বে অধিকাংশ পথ নেপাল বা চীন সীমান্তৰ ভিতৰেৰে যাবলগীয়া হৈছিল৷ কিন্তু আগন্তুক বৰ্ষৰ শেষ ভাগৰ পৰা ভাৰতীয় সীমাৰ ভিতৰেৰে এই তীৰ্থস্থানলৈ তীৰ্থযাত্ৰীসকল যাব পাৰিব৷ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে লোকসভাত উল্লেখ কৰা অনুসৰি এই তীৰ্থস্থনলৈ যাবলৈ উত্তৰাখণ্ডেৰে নতুন পথ নিৰ্মাণ কৰি আছে,  এই পথটোৰ ৮৫ শতাংশ কাম সম্পূৰ্ণ হৈছে৷ উল্লেখ্য, প্ৰত্যেক বছৰে কৈলাস পৰ্বত আৰু মানস সৰোবৰ দৰ্শনৰ বাবে ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ বহু সংখ্যক তীৰ্থযাত্ৰীয়ে যাত্ৰা কৰে৷ এই নতুন পথটো সম্পূৰ্ণ হ’লে কৈলাস পৰ্বতলৈ তীৰ্থযাত্ৰীসকলে অধিকাংশ পথ ভাৰতীয় সীমাৰ ভিতৰেৰে যাত্ৰা কৰিব পাৰিব৷