Logo
image

কংগ্ৰেছৰ সমুখত কঠিন পথ

স্বাধীন ভাৰতৰ নিৰ্বাচনৰ ইতিহাস ঘাইকৈ কংগ্ৰেছে ক্ষমতা দখল কৰাৰ ইতিহাস৷ ১৯৫১ চনৰ প্ৰথম সাধাৰণ নিৰ্বাচনৰ পৰা ২০১৯ চনৰ নিৰ্বাচনলৈ ১৭টা সাধাৰণ নিৰ্বাচনত ১৭খন লোকসভা গঠন হৈছে৷ ১৯৯৯ চনৰ ১৩নং সাধাৰণ নিৰ্বাচনৰ পাছত অটল বিহাৰী বাজপেয়ীয়ে চৰকাৰ গঠন কৰিছিল, সেইখনেই আছিল স্বাধীন ভাৰতত ৫ বছৰ বৰ্তি থকা প্ৰথম অ-কংগ্ৰেছী চৰকাৰ৷ কংগ্ৰেছৰ নেতৃত্বতে ভাৰতৰ স্বাধীনতা আন্দোলন হৈছিল৷  মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, বল্লৱভাই পেটেল, সৰোজিনী নাইডু, মৌলানা আবুল কালাম আজাদ আদিৰ দৰে ব্যক্তিয়ে এই আন্দোলনৰ গুৰি ধৰিছিল৷ স্বাধীনতা আন্দোলনে মোহনদাস কৰমচান্দ গান্ধীক মহাত্মা গান্ধীলৈ ৰূপান্তৰিত কৰিছিল৷ গান্ধী পৰিণত হৈছিল মহামানৱত৷ আনসকল নেতাও স্বাধীনতা আন্দোলনৰ ফলতেই একোজন বিশাল ব্যক্তিত্বৰ বিৰাটকায় পুৰুষত পৰিণত হৈছিল৷ এওঁলোকৰ প্ৰতিজন বিশেষ গুণৰ অধিকাৰী প্ৰতিভাশালী লোক আছিল, কিন্তু তেওঁলোকৰ বিশাল ব্যক্তিত্ব গঢ়ি তোলাত স্বাধীনতা আন্দোলনৰ বিশেষ ভূমিকা আছিল৷ এইসকল লোকে যি পৰম্পৰা আৰু প্ৰভাৱ গঢ়ি তুলিছিল, কংগ্ৰেছ আছিল তাৰ একমাত্ৰ উত্তৰাধিকাৰী৷ আৰু কংগ্ৰেছ পৰিণত হৈছিল এক বিশাল ৰাজনৈতিক শক্তিত৷ এই শক্তিৰ স’তে ৰাজনীতিৰ পথাৰত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰায় অসম্ভৱ আছিল৷ সেয়েহে স্বাধীনতাৰ পাছৰ প্ৰতিটো নিৰ্বাচনতে কংগ্ৰেছ অনায়াসে জয়ী হৈছিল৷ মহাত্মা গান্ধীয়ে স্বাধীনতাৰ পাছত কংগ্ৰেছ এটা ৰাজনৈতিক দলত পৰিণত হোৱাটো বিচৰা নাছিল৷ গান্ধীয়ে বিচাৰিছিল কংগ্ৰেছ ভংগ কৰি দিবলৈ৷ তেনে কৰা হ’লে স্বাধীনতাৰ পৰৱতৰ্ী কালৰ ভাৰতৰ ৰাজনৈতিক বুৰঞ্জীয়ে আন এক ৰূপ ল’লেহেঁতেন৷ স্বাধীনতা লাভ কৰাৰ পাছৰে পৰা ১৯৬৪ চনলৈ নেহৰু ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল৷ ১৯৪৭ চনৰ পৰা ১৯৭৭ চনলৈ ৩০ বছৰ একেৰাহে কংগ্ৰেছে ভাৰতত চৰকাৰ গঠন কৰিছিল৷ ইয়াৰে সৰহভাগ সময় নেহৰু আৰু ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰীৰ আসনত উপৱিষ্ট আছিল৷ ১৯৭৭ চনত প্ৰথমবাৰৰ বাবে জনতা দলে মোৰাৰজী দেশাইৰ নেতৃত্বত ভাৰতত এখন অকংগ্ৰেছী চৰকাৰ গঠন কৰিছিল৷ নিজৰ মাজতে হোৱা ক্ষমতাৰ অঁৰিয়াঅঁৰিৰ ফলত এইখন চৰকাৰৰ পতন ঘটিছিল আৰু ১৯৮০ চনত কংগ্ৰেছে  ইন্দিৰা গান্ধীৰ নেতৃত্বত পুনৰ ক্ষমতা দখল কৰিছিল৷ ১৯৮৯ চনত কংগ্ৰেছ দল ত্যাগ কৰি অহা বিশ্বনাথ প্ৰতাপ সিঙৰ নেতৃত্বত এখন অকংগ্ৰেছী চৰকাৰ গঠন হয়, কিন্তু এইখন চৰকাৰ এবছৰো টিকি থাকিব নোৱাৰিলে৷ ১৯৯১ চনত নৰসিংহ ৰাওৰ নেতৃত্বত পুনৰ কংগ্ৰেছ দল ক্ষমতাত অধিষ্ঠিত হয়৷ ১৯৯৬ চনৰ নিৰ্বাচনৰ পাছত বাজপেয়ী, দেৱেগৌড়া আৰু ইন্দৰ কুমাৰ গুজৰালৰ নেতৃত্বত ক্ষণস্থায়ী অকংগ্ৰেছী চৰকাৰ গঠন হয়৷ ১৯৯৯ চনত বাজপেয়ীৰ নেতৃত্বত বিজেপি চৰকাৰ গঠন হয় আৰু স্বাধীনতাৰ ৫২ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে ভাৰতত এখন অকংগ্ৰেছী চৰকাৰে ইয়াৰ সম্পূৰ্ণ কাৰ্যকাল সম্পূৰ্ণ কৰে৷ ২০০৪ চনত কংগ্ৰেছ পুনৰ ক্ষমতালৈ উভতি আহে আৰু মনমোহন সিঙৰ নেতৃত্বত পুনৰ দুটাকৈ কাৰ্যকালৰ বাবে পুনৰ ক্ষমতাত অধিষ্ঠিত হয়৷ নৰেন্দ্ৰ মোদী ভাৰতৰ দ্বিতীয়টো সম্পূৰ্ণ কাৰ্যকালৰ বাবে নিৰ্বাচিত হোৱা প্ৰথম অকংগ্ৰেছী প্ৰধানমন্ত্ৰী৷ ২০১৪ আৰু ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছে ইয়াৰ পূৰ্বৰ গৰিমা হেৰুৱাই পেলায় আৰু শোচনীয়ভাৱে পৰাজিত হয়৷ ভাৰতৰ ৰাজ্যবোৰতো কংগ্ৰেছে ইয়াৰ অতীতৰ গৰিমা হেৰুৱাই পেলাইছে৷ ১৯৭৭ চনৰ  সাধাৰণ নিৰ্বাচনত কংগ্ৰেছৰ মূল দুই নেতা ইন্দিৰা গান্ধী আৰু সঞ্জয় গান্ধী দুয়ো পৰাজিত হৈছিল, তথাপি কংগ্ৰেছে ১৮৯খন আসন দখল কৰিছিল৷ ইয়াৰ বিপৰীতে ২০১৪ আৰু ২০১৯ চনত কংগ্ৰেছে ক্ৰমান্বয়ে ৪৪ আৰু ৫২খন লোকসভাৰ আসনহে দখল কৰিবলৈ সক্ষম হৈছিল৷ আকৌ ১৯৭৭ চনত মাত্ৰ তিনি বছৰৰ পাছতেই কংগ্ৰেছ পুনৰ ক্ষমতালৈ উভতি আহিছিল৷ এতিয়া কংগ্ৰেছ দীঘলীয়াকৈ ক্ষমতাৰ পৰা আঁতৰত থাকিব লাগিব বুলি সকলোৱে অনুমান কৰিছে, কিন্তু ক্ষমতাৰ বাহিৰত থকা কংগ্ৰেছ পানীৰ বাহিৰত থকা মাছৰ দৰে কক্‌বকাই থাকিব নেকি? আৰু ক্ষমতা অবিহনে ইয়াৰ অস্তিত্ব সংকটাপন্ন হৈ পৰিব নেকি, সেই প্ৰশ্ন এতিয়া উত্থাপন হৈছে৷ বিজেপিয়ে কংগ্ৰেছমুক্ত ভাৰত গঢ়াৰ ইচ্ছা আৰু লক্ষ্যৰ কথা মুকলিকৈ ঘোষণা কৰিছে৷ ১৮৮৫ চনত জন্ম হোৱা ১৩৭ বছৰীয়া কংগ্ৰেছৰ অন্তিম ক্ষণ উপস্থিত হৈছে নেকি? স্বাধীনতা আন্দোলন আৰু ইয়াৰ গৌৰৱময় ঐতিহ্যৰ ফলত লাভ কৰা প্ৰচণ্ড  মোমেণ্টাম  বা ‘গতিবল’-এ আজি ৭৫ বছৰ পাছত আৰু কংগ্ৰেছক আগুৱাই নিয়াৰ শক্তি হেৰুৱাই পেলাইছে নেকি? ফিনিক্স পখীৰ দৰে নিজৰ চিতাভস্মৰ পৰা কংগ্ৰেছ আকৌ জী উঠিব পাৰিবনে? কংগ্ৰেছৰ কেৱল ঘৰটোৱেই ভঙা নাই, ইয়াৰ ভেটিও থৰক-বৰক হৈছে৷ বিজেপি-আৰএছএছে কেৱল ক্ষমতাৰ যুঁজতেই কংগ্ৰেছক পৰাভূত কৰা নাই, লগতে কংগ্ৰেছে প্ৰতিনিধিত্ব কৰা ধ্যান-ধাৰণা-প্ৰমূল্যসমূহকো আঁতৰাই তাৰ ঠাইত নতুন ধ্যান-ধাৰণা, প্ৰমূল্য প্ৰতিষ্ঠা কৰাৰ বাবে সকলো প্ৰচেষ্টা চলাইছে৷ কংগ্ৰেছে প্ৰতিষ্ঠা কৰা ‘ভাৰত’ৰ কাহিনীটোৰ ঠাইত বিজেপি-আৰএছএছে ‘ভাৰত’এক নতুন কাহিনী প্ৰতিষ্ঠা কৰিব বিচাৰিছে, যাৰ ফলত কংগ্ৰেছ অপ্ৰাসংগিক হৈ পৰিব৷ কংগ্ৰেছে নিজৰ পুৰণি কাহিনীটোকে আকৌ ভাৰতৰ কাহিনীৰূপে প্ৰতিষ্ঠা কৰিবনে? বিজেপি-আৰএছএছৰ কাহিনীটোকেই নিজৰ কাহিনী বুলি আঁকোৱালি ল’ব নে আন এটা‘নতুন কাহিনী’প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিব? ভাৰত ‘গণৰাজ্য’ভাৰত‘প্ৰজাতন্ত্ৰ’ৰূপ দ্ৰুতগতিত সলনি হৈছে, ই ভাললৈ হৈছেনে কাললৈ হৈছে সময়ে ক’ব, কিন্তু এই সলনিৰ ফলত কংগ্ৰেছে দ্ৰুতগতিত নিজৰ প্ৰাসংগিকতা হেৰুৱাবলৈ আৰম্ভ কৰিছে৷