নলবাৰীত চিনেমা
নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ উদ্যোগত নলবাৰী জিলা প্ৰশাসন আৰু বিশ্ব হিন্দু পৰিষদৰ সহযোগত অসম ৰাজ্যিক চলচ্চিত্ৰ [বিত্ত আৰু উন্নয়ন] নিগমৰ দ্বাৰা নলবাৰী নাট্য মন্দিৰত সম্পূৰ্ণ আঠদিনৰ বাবে ‘দ্য কাশ্মীৰ ফাইলছ’নামৰ চিনেমাখনৰ প্ৰতিদিনে তিনিটাকৈ দৰ্শনী বিশেষভাৱে প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে৷ নলবাৰীৰ বাহিৰে আন কোনোবা ঠাইতো এনে বিশেষ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে নেকি, তাৰ খবৰ পোৱা নাই৷ চিনেমাখনৰ প্ৰযোজনা, পৰিচালনা, চিত্ৰনাট্য, কাহিনী, সংগীত ব্যৱস্থাপনা, অভিনয় অথবা সংগীত পৰিৱেশন আদি কোনোটোৰ সৈতে নলবাৰী সমষ্টি বা নলবাৰীৰ কোনো মানুহৰ দূৰ দূৰলৈকে কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই৷ তৎসত্ত্বেও বিধায়কজনে দহোবন কাটি কৰি থৈ সমষ্টিবাসীৰ বাবে এই আয়োজন কৰিলে৷ চিনেমা হৈছে বিনোদন উদ্যোগত উৎপাদিত দ্ৰব্য বা সেৱা৷ ক্ৰেতা-উপভোক্তাই নিজৰ প্ৰয়োজনীয়তা তথা ৰুচি অনুসৰি তেনে দ্ৰব্য বা সেৱা ক্ৰয় কৰি উপভোগ কৰে৷ চিনেমা ক’ভিড-১৯ অতিমাৰী প্ৰতিষেধক ভেকচিনসদৃশ অত্যাৱশ্যকীয় দ্ৰব্য বা সেৱাও নহয় যে তাক চৰকাৰৰ প্ৰতিনিধিয়ে জনসাধাৰণৰ মাজত সুলভ কৰাৰ ব্যৱস্থা কৰিব৷ অৱশ্যে, বিনোদনৰ লগতে চিনেমা হৈছে এনে এক শক্তিশালী মাধ্যম যাৰ জৰিয়তে সমাজত বিপ্লৱ আনিব পৰা যায়৷ মূলতঃ বিনোদনৰ বাবে নিৰ্মিত হ’লেও প্ৰত্যেক নিৰ্মাতাই প্ৰতিখন চিনেমাৰ মাজেৰে একোটা ‘বাৰ্তা’দৰ্শকলৈ প্ৰেৰণ কৰে৷ সেই দিশৰ পৰা চিনেমা অপৰিহাৰ্য৷ তথ্যানুসৰি নলবাৰীৰ দৰে জনবহুল চহৰখনত এটাও চিনেমা হল নাই৷ বিধায়ক মল্ল বৰুৱা যেতিয়া প্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈছিল, তেতিয়াও নাছিল৷ কিন্তু, পূৰ্বতে নলবাৰীত দুটাকৈ চিনেমা হল আছিল৷ বৰ্তমান যিটো নাট্য মন্দিৰত দ্য কাশ্মীৰ ফাইলছ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে, সেইটো আছিল নলবাৰীৰ পুৰণি চিনেমা হল৷ জহি-খহি যোৱাৰ পাছত নতুনকৈ নিৰ্মিত সেইটোৱেই হৈছে এতিয়া নাট্যানুষ্ঠান, সংগীতানুষ্ঠান আদি প্ৰদৰ্শনৰ লগতে মেল-মিটিং, বিভিন্নধৰণৰ ৰাজহুৱা সভা পতাৰ একমাত্ৰ প্ৰেক্ষাগৃহ৷ ৰাস্তা-ঘাট, নলা-নৰ্দমাৰ কথা বাৰু বাদেই, নলবাৰী সমষ্টিৰ বিধায়কসকলে নলবাৰীবাসীৰ আমোদ-প্ৰমোদ বা অৱসৰ-বিনোদনৰ বাবে কাহানিও চিন্তা কৰা নাই৷ সময়ৰ লগে লগে জনসংখ্যা বাঢ়িছে৷ দোকান-পোহাৰ, ব্যৱসায়-বাণিজ্যৰ আয়তন বাঢ়ি গৈছে, অথচ পৰিকল্পিত ৰূপত এইবোৰ সজাই তোলা হোৱা নাই৷ দ্য কাশ্মীৰ ফাইলছ দেখুৱাব খোজা নাট্য মন্দিৰৰ আশে-পাশে হৰেকৰকমৰ মনোহাৰী দোকান, চাইকেল-ৰিক্সা গাড়ীৰ প্ৰতাপত মানুহৰ খোজকঢ়াৰ কোনো সুৰুঙাই নাই৷ শিশুৰ বাবে ভাল উদ্যান, জ্যেষ্ঠ নাগৰিকৰ বাবে এটুকুৰা মুকলি ঠাই, অঞ্চলটোৰ ঐতিহ্য সংৰক্ষণ আৰু প্ৰদৰ্শনৰ বাবে এটা মিউজিয়াম, এটা ষ্টেডিয়াম আদি নলবাৰী সমষ্টিটোত নথকাটো নেতাসকলৰ দূৰদৰ্শিতা তথা আন্তৰিকতাৰ অভাৱৰ প্ৰমাণ নহয়নে? কেনে লাজৰ কথা যে নলবাৰী চহৰৰ মানুহে সমীপৱৰ্তী আৰু তুলনামূলকভাৱে সৰু ৰঙিয়া চহৰৰ চিনেমা হললৈ গৈ চিনেমা চাবলগীয়া হয়৷ চিনেমা হল নাই বুলি নলবাৰীৰ মানুহে চিনেমা নোচোৱাকৈ থকা নাই৷ ঘৰে ঘৰে কম্পিউটাৰ-লেপটপ, হাতে হাতে ম’বাইল ফোন, ইণ্টাৰনেটৰ কৃপাত মানুহৰ বিনোদনৰ প্ৰয়োজনীয়তা পূৰণ হৈ আছে৷ প্ৰতিনিধি বিধায়কসকলৰ যদি আন্তৰিকতা আছে, ৰাইজৰ অভাৱৰ প্ৰতি সজাগতা আছে, অভাৱ পূৰণৰ সদ্ভাবনা আছে, তেন্তে, এখন মাষ্টাৰপ্লেন যুগুত কৰক আৰু ওপৰৱালাৰ পৰা অনুমোদন লৈ সেইখন ৰূপায়ণ কৰক; ৰাইজো ধন্য হ’ব, বিধায়কেও ভোট পাই থাকিব৷ ৰাইজক উত্তেজিত কৰি বিপথে পৰিচালিত কৰাৰ ভুলবোৰ নকৰিব, চিনেমাৰ কান্ধত বন্দুক নাৰাখিব৷






