Logo
image

গুৱাহাটীত জলসংকট ঠায়ে ঠায়ে প্ৰতিবাদ

আমাৰ অসম, ২৭ মাৰ্চঃ আজিও এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে গুৱাহাটীবাসীয়ে৷ মহানগৰীৰ প্ৰায় প্ৰতিটো ফ্লেট, আৱাসিক অঞ্চলতে এতিয়া খোৱাপানীৰ অভাৱ৷ সমাগত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন৷ ৰাজনৈতিক দলসমূহে আন প্ৰতিশ্ৰুতিৰ দৰে গুৱাহাটীবাসীক পুনৰবাৰ বিশুদ্ধ খোৱাপানী যোগানৰ প্ৰতিশ্ৰুতি দিব৷ কিন্তু চৰকাৰ আহে, চৰকাৰ যায়–বছৰ বাগৰে, মাহ বাগৰে– সমাধান নহয় গুৱাহাটীবাসীৰ খোৱাপানীৰ সমস্যা৷ গুৱাহাটীবাসীক পানী যোগানৰ বাবে গ্ৰহণ কৰা জাইকাৰ সমৰ্থিত অভিলাষী চৰকাৰী আঁচনিৰ দ্বাৰা সুদীৰ্ঘ ১২ বছৰেও পানী নাপালে মহানগৰবাসীয়ে৷ অথচ এই প্ৰকল্পৰ নামত ব্যয় হ’ল হাজাৰ কোটি টকা৷ গুৱাহাটীবাসীক পানী যোগান ধৰাত ব্যৰ্থ জলব’ৰ্ড, জিএমচি, জিএমডিএ তথা গুৱাহাটী উন্নয়ন বিভাগ৷ বাৰিষাৰ এজাক বৰষুণতে বানপানীৰ সন্মুখীন হোৱা মহানগৰবাসীয়ে এতিয়া এটুপি খোৱাপানীৰ বাবেও হাহাকাৰ কৰিবলগীয়া হৈছে৷ বৰলুইতৰ পাৰতে অৱস্থিত গুৱাহাটী মহানগৰী ক্ৰমাৎ পৰ্যবসিত হৈছে মৰুভূমিলৈ৷ ক্ৰমাৎ শুকাই গৈছে মহানগৰীৰ জলস্তৰ৷ শুকাই গৈছে কুঁৱা৷ মহানগৰীৰ ভূগৰ্ভস্থ জলস্তৰ নিম্নগামী হোৱাত কুঁৱা, সৰুসুৰা ব’ৰিঙেৰেও এতিয়া গুৱাহাটীত পানী নোলোৱা হৈছে৷ কাষতে বিশাল বৰলুইতৰ লগতে চাৰিওদিশে পাহাৰত অসংখ্য জান-জুৰি থকাৰ পাছতো একমাত্ৰ বিজ্ঞানসন্মত পৰিকল্পনাৰ অভাৱৰ বাবেই গুৱাহাটীত পানীৰ অভাৱ ঘটা বুলি সচেতনমহলে অভিযোগ কৰিছে৷ সেয়েহে প্ৰতিবাদমুখৰ হৈ পৰিছে আছুকে ধৰি বিভিন্ন দল-সংগঠন৷ বিশুদ্ধ খোৱা পানী সমস্যা সমাধানৰ দাবীত শনিবাৰে গুৱাহাটীৰ ৰাজপথ উত্তাল কৰে সদৌ গুৱাহাটী ছাত্ৰ সন্থাই৷ যি সময়ত শাসক বিৰোধী ৰাজনৈতিক দল সমূহৰ নেতা পালি নেতাই নিৰ্বাচনী সমীকৰনত ব্যস্ত আছে তেনে সময়তে মহানগৰীৰ ৬০টা ৱাৰ্ডৰ অধিকাংশ জনসাধাৰণে হাহাকাৰ কৰিব লগীয়া হৈছে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে৷ মহানগৰ বাসীৰ এনে জ্বলন্ত সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত আজি মহানগৰীৰ বিভিন্ন প্ৰান্তত মহানগৰবাসীক বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ ইয়াৰে অংশ হিচাপে মহানগৰীৰ চান্দমাৰিৰ প্ৰতিমা পাণ্ডে বৰুৱা উদ্যানত আজি দিনত প্ৰতিবাদ সাব্যস্ত কৰে পূব গুৱাহাটী ছাত্ৰ সন্থাই৷ প্ৰতিবাদী সকলে হাতে হাতে ফ্লেগ বেনাৰ, বাল্টি, মগ, কলহ আদি লৈ অসম চৰকাৰ হাই হাই, জি এম ডি এ হাই হাই, মহানগৰ বাসীক বিশুদ্ধ খোৱা পানী যোগান ধৰক আদি শ্লো গানেৰে পৰিবেশ উত্তাল কৰি তোলে৷ ডাঙৰ ডাঙৰ পানী যোগান আঁচনি দিয়া প্ৰতিশ্ৰুতি দিলেই নহব মহানগৰ বাসীক ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগান ধৰাটো ৰাজ্য চৰকাৰৰ মৌলিক কৰ্তব্য বুলি আছুৱে স্পষ্ট কৰি দিয়ে৷ গুৱাহাটী কাষেৰে বৈ যোৱা মহাবাহু ব্ৰহ্মপুত্ৰৰ পৰা পানী আনি বিশুদ্ধ কৰি মহানগৰ বাসীক যোগান ধৰিবলৈ সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি আনোৱাৰ হুছেইন আৰু সম্পাদক নয়ন জ্যোতি নাথে চৰকাৰৰ ওচৰত দাবী জনাইছে৷ গুৱাহাটী বাসীক শীঘ্ৰেই পানী যোগান নধৰিলে ছাত্ৰ সন্থাই মহানগৰীৰ উন্নয়ন সমিতি, মহিলা সমিতিৰ সহযোগত বৃহৎ গণ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিছে গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি আনোৱাৰ হুছেইনে৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে মহানগৰীত পানীৰ অভাৱৰ সুযোগ গ্ৰহণ কৰি একাংশ পানী মাফিয়াই হাজাৰ হাজাৰ ফুট গভীৰতাত ব’ৰিঙৰ জৰিয়তে অত্যাধুনিক মেচিন লগাই পানী উত্তোলন কৰি চ’ৰা দামত বিক্ৰী কৰাৰো অভিযোগ উঠিছে৷