পৰিৱৰ্তনৰ নামত নতুন ব্যৱস্থাই শিক্ষাৰ সামগ্ৰিক উন্নয়ন সাধিবনে?
ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ প্ৰয়োগ কৰাৰ বাবে কেন্দ্ৰ, ৰাজ্য চৰকাৰ উভয়ে তৎপৰ হোৱাৰ সময়ত শিক্ষা বিভাগ, শিক্ষানুষ্ঠানসমূহৰ প্ৰকৃত দৃশ্যপট সম্পৰ্কে শিক্ষাৰ সৈতে জড়িত প্ৰতিটো অংশীদাৰে যুক্তিপূৰ্ণ চিন্তা, বিশ্লেষণ কৰাটো অতি প্ৰয়োজন৷ নতুন শিক্ষানীতিখনৰ প্ৰস্তুতকৰ্তাসকলে উল্লেখ কৰা মতে দেশত চৰকাৰী শিক্ষানুষ্ঠানসমূহত ১০ লাখৰো অধিক শিক্ষকৰ পদ খালী থকাৰ পৰিপ্ৰেক্ষিতত শিক্ষানীতিখনক সঠিকভাৱে কাৰ্যকৰী কৰাৰ বাবে এই খালী থকা পদসমূহৰ লগতে আৰু বহু যোগ্য, প্ৰশিক্ষিত নতুন শিক্ষকৰ প্ৰয়োজন হ’ব৷ স্কুলীয়া শিক্ষাৰ নতুন চাৰিটা স্তৰৰ লগতে উচ্চশিক্ষা, কাৰিকৰী শিক্ষা, মেডিকেল শিক্ষা, আইন শিক্ষা আদি সকলোতে প্ৰস্তাৱিত পৰিৱৰ্তনসমূহ বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত বহু কৰণীয় আছে৷ ইতিমধ্যে অনেক সমস্যাৰে জৰ্জৰিত চৰকাৰী শিক্ষা ব্যৱস্থা, শিক্ষানুষ্ঠানসমূহৰ আসোঁৱাহসমূহ সংশোধন নকৰাকৈ আকৌ পৰিৱৰ্তনৰ নামত নতুন ব্যৱস্থা এটা জাপি দিলে এয়া কিমান ফলপ্ৰসূ হ’ব সেয়া সন্দেহৰ বিষয়৷ অসমৰ দৰে ৰাজ্যত ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ [এন ই পি-২০]ক কাৰ্যকৰী কৰাৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন আলোচনা-পৰ্যালোচনা, বিশেষজ্ঞৰ উপস্থিতিত অভিৱৰ্তন আদি আয়োজন কৰিছে৷ নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত অৰ্থাৎ ছিনিয়ৰ ছেকেণ্ডাৰী পৰ্যায়ৰ শিক্ষাক গতিশীলতা প্ৰদান কৰাৰ বাবে বহু উচ্চ মাধ্যমিক বিদ্যালয়ক ছিনিয়ৰ ছেকেণ্ডাৰী পৰ্যায়লৈ লৈ যোৱা হৈছে৷ অসমৰ কলেজসমূহত যিহেতু একাদশ শ্ৰেণীত নামভৰ্তি প্ৰক্ৰিয়া ২০২৩ চনৰ পৰা বন্ধ হ’ব সেয়েহে কলেজত অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে থকা আসনসমূহ পূৰণ কৰাৰ বাবে বহু নতুন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ প্ৰয়োজন হ’ব৷ পৰ্যাপ্ত স্নাতকোত্তৰ ডিগ্ৰী থকা উচ্ছ মাধ্যমিক বিদ্যালয়সমূহক ছিনিয়ৰ ছেকেণ্ডাৰীলৈ উত্তৰণ কৰি চৰকাৰে এক ব্যৱস্থা গ্ৰহণ কৰিছে যদিও নতুনকৈ প্ৰযোজ্য মাল্টিডিচিপ্লেনেৰী পাঠ্যক্ৰম প্ৰৱৰ্তন কৰাৰ পাছত এইসকল শিক্ষকে নতুন ব্যৱস্থাটোৰ সৈতে লগে লগে খাপ খাই পৰিব বুলি আশা কৰিব নোৱাৰি৷ তদুপৰি এক সীমিত আন্তঃগাঁথনি থকা উচ্চ মাধ্যমিক বিদ্যালয়সমূহক হঠাৎ ছিনিয়ৰ ছেকেণ্ডাৰী কৰাৰ পাছত ২০২৩ চনৰ পৰা শিক্ষাবৰ্ষ আৰম্ভ কৰিব পৰাকৈ বিদ্যালয়খনত উপযুক্ত আন্তঃগাঁথনি, লেবৰেটৰী, প্ৰয়োজনীয় শিক্ষক [মাল্টিডিচিপ্লেনেৰী পাঠ্যক্ৰমৰ বাবে] আদি পোৱা যাবনে? লগতে নতুন এটা শৈক্ষিক ব্যৱস্থাত শিক্ষাদানৰ বাবে শিক্ষকসকলৰ বাবে প্ৰয়োজন হ’ব উপযুক্ত প্ৰশিক্ষণ, তথ্য-প্ৰযুক্তিৰ ব্যৱহাৰৰ কৌশল আয়ত্ত কৰা দিশসমূহ৷ এইবিলাক যদি সময়মতে হৈ নুঠে তেন্তে ২০২৩ চনৰ পৰা এন ই পি-২০ প্ৰয়োগ কিমান সম্ভৱ হ’ব, সেই বিষয়ে প্ৰশ্ন উত্থাপিত হোৱাটো স্বাভাৱিক৷ প্ৰাথমিক, মাধ্যমিক [৫+৩+৩ পৰ্যন্ত] পৰ্যায়ৰ শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰতো পূৰ্বতে থকা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন হ’ব৷ প্ৰি-স্কুল, অংগনবাদী, প্লে-স্কুল পৰ্যায়ত শিক্ষা আৰম্ভ কৰাৰ প্ৰথম তিনিটা বৰ্ষ শিক্ষাৰ্থীসকলৰ বাবে অতি গুৰুত্বপূণ,ৰ্ কিয়নো এই পৰ্যায়টোক আকৰ্ষণীয় কৰি তুলিলে পাছৰ পৰ্যায়লৈ ছাত্ৰ-ছাত্ৰীৰ ধাউতি বৃদ্ধি কৰিব পৰা যায়৷ অসমৰ প্ৰাথমিক, মাধ্যমিক স্কুলসমূহত বছৰি ড্ৰপ আউট বৃদ্ধি পাইছে৷ ‘এছাৰ’ৰ প্ৰতিবেদন মতে ৰাজ্যখনত ড্ৰপ আউট বছৰি বৃদ্ধি পোৱাৰ লগতে এটা শ্ৰেণীৰ পৰা আন এটা শ্ৰেণীলৈ প্ৰমোচন পোৱা ছাত্ৰ-ছাত্ৰীৰ গুণগত মান নিম্ন পৰ্যায়ৰ৷ এনেস্থলত নতুন শিক্ষানীতি প্ৰয়োগ কৰাৰ পূৰ্বে স্কুলীয়া শিক্ষাৰ বিভিন্ন দিশসমূহ ফহিয়াই চাই ব্যৱস্থা গ্ৰহণ কৰাটো বাঞ্ছনীয়৷ উচ্ছ শিক্ষাৰ ক্ষেত্ৰতো অসম চৰকাৰে নতুন শিক্ষানীতি প্ৰয়োগ কৰাৰ পূৰ্বে বিভিন্ন জৰীপ আৰম্ভ কৰি কলেজ, বিশ্ববিদ্যালয়, কাৰিকৰী শিক্ষানুষ্ঠানৰ পৰা তথ্য সংগ্ৰহ কৰিছে৷ কেইবাখনো কলেজক চৰকাৰে নতুনকৈ বিশ্ববিদ্যালয় ৰূপে ঘোষণা কৰি বাজেটত ধনো আবণ্টন কৰিছে৷ প্ৰণিধানযোগ্য যে অসমত ইতিমধ্যে ১৩খন ৰাজ্যিক বিশ্ববিদ্যালয় আছে৷ তেনে কেইবাখনো বিশ্ববিদ্যালয় পূৰ্বতে থকা কলেজখনতে বৰ্তি আছে৷ উক্ত বিশ্ববিদ্যালয়সমূহৰ অধিকাংশই কোনো দিশৰ পৰাই আশাপ্ৰদভাৱে আগবাঢ়িব পৰা নাই৷ যোৰহাটত থকা অসম মহিলা বিশ্ববিদ্যালয়ৰ ১৫টা বিভাগ চলিছে ৪৮গৰাকী অস্থায়ী শিক্ষকেৰে৷ ১৯৯২ চনৰ পৰা অসমৰ কলেজসমূহত কোনো নতুন পদৰ সৃষ্টি হোৱা নাই অথচ পৰিৱৰ্তিত পৰিস্থিতিৰ লগত সংগতি ৰাখি কলেজসমূহত চি বি চি এছ পাঠ্যক্ৰমৰ বাবে নতুন নতুন বিষয়ৰ প্ৰয়োজন হৈ আছে৷ ৰাজ্যৰ প্ৰতিটো শিক্ষানুষ্ঠানতে তৃতীয়, চতুৰ্থবৰ্গৰ পদসমূহ দীৰ্ঘদিন ধৰি খালী হৈ আছে৷ বিনামূলীয়া নামভৰ্তিৰ বাবে চৰকাৰী শিক্ষানুষ্ঠানসমূহৰ অধিকাংশৰে নিজা পুঁজিৰ অৱস্থা তথৈবচ৷ স্বয়ং শিক্ষামন্ত্ৰীয়ে বিধানসভাত দিয়া তথ্যমতে শিক্ষা বিভাগত অসমত খালী আছে ২৮,১৯৯টা শিক্ষক-কৰ্মচাৰীৰ পদ৷ এয়া হ’ল বাস্তৱৰ দৃশ্যপট! এন ই পি-২০ৰ যোগেদি আমি মানৱ সম্পদ সুন্দৰভাৱে গঢ় দি এক শক্তিশালী অসম, শক্তিশালী ভাৰতৰ সপোন দেখিছোঁ৷ এই সপোন কাৰ্যকৰী হ’বলৈ হ’লে শিক্ষা বিভাগটোৰ আমূল পৰিৱৰ্তন ঘটাব লাগিব৷ বৰ্তমান যি প্ৰক্ৰিয়াৰে গোটেই ব্যৱস্থা চলি আছে সেই দিশৰ পৰা এন ই পি-২০ জাপি দিলে ফলাফল ওলোটাহে হ’ব৷






