Logo
image

অভিনৱ পদক্ষেপ দেশত তীখাৰ পথ

আমাৰ অসম, ২৮ মাৰ্চঃ সাধাৰণতে পকী ৰাস্তা, কংক্ৰিটেৰে নিৰ্মাণ কৰা ৰাস্তা সততে দেখিবলৈ পোৱা যায়৷ কিন্তু ইয়াৰ পৰিৱৰ্তে এটি বিশেষ পথে এতিয়া চৰ্চা লাভ কৰিছে দেশবাসীৰ মাজত৷ এক কিলোমিটাৰ দৈৰ্ঘ্যৰ এটি বিশেষ পথ নিৰ্মাণ হৈছে গুজৰাটত৷ এটা পাইলট প্ৰকল্পৰ অধীনত গুজৰাটৰ চুৰটৰ হাজিৰা ইণ্ডাষ্ট্ৰিয়েল এলেকাত নিৰ্মাণ কৰা ৬ লেনযুক্ত এই বিশেষ পথটোৰ বিশষত্ব হ’ল– এই পথটো নিৰ্মাণ কৰা হৈছে পেলনীয়া তীখাৰে৷ উল্লেখ্য, তীখাৰে তৈয়াৰী এই পথটো দেশৰ ভিতৰতে প্ৰথম হিচাপে চিহ্নিত হৈছে৷ অভিযন্তাসকলৰ দাবী অনুসৰি তীখাৰে তৈয়াৰী পথ বেছি দিনলৈ ভালে থকাৰ উপৰি বেছি ওজন বহন কৰিব পাৰে৷ বৰ্তমান সময়ত বিশ্বৰ বহু স্থানত পেলনীয়া প্লাষ্টিক ব্যৱহাৰ কৰিও পথ নিৰ্মাণ কৰিছে৷ প্ৰতি বছৰে বিশ্বত লাখ লাখ টন পেলনীয়া প্লাষ্টিক জমা হয়৷ এই পেলনীয়া প্লাষ্টিকসমূহ পুনৰ ব্যৱহাৰযোগ্য কৰি বিভিন্ন কামত ব্যৱহাৰ কৰা হয়৷ বহু স্থানত পেলনীয়া প্লাষ্টিকেৰে পথো নিৰ্মাণ কৰা হৈছে৷ ভাৰততো তীখা কাৰখানাসমূহত প্ৰতিবছৰে ১.৯০ কোটি টন পেলনীয়া তীখাৰ আৱৰ্জনা উৎপাদন হয়৷ এই পেলনীয়া তীখাসমূহ ব্যৱহাৰোপযোগী কৰি কি কামত ব্যৱহাৰ কৰিব পাৰি সেই সন্দৰ্ভত চৰকাৰে গৱেষণা আৰম্ভ কৰে৷ গৱেষণাৰ অন্তত এই বিপুল পৰিমাণৰ পেলনীয়া তীখাৰে এটা ৰাস্তা নিৰ্মাণ কৰাৰ অভিনৱ পদক্ষেপ হাতত লয় চৰকাৰে৷ সেই মৰ্মে কাউন্সিল অৱ ছায়েণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিছাৰ্চ [চিএছআইআৰ] আৰু চেণ্ট্ৰেল ৰোড ৰিছাৰ্চ ইনষ্টিটিউটে [চিআৰআৰআই] মিনিষ্ট্ৰী অৱ ষ্টীল এণ্ড পলিচী কমিছন আৰু নিটি আয়োগৰ সহযোগত এটা পাইলট প্ৰজেক্ট হাতত লৈ গুজৰাটতপেলনীয়া তীখাৰে এই পথটো নিৰ্মাণ কৰে৷