Logo
image

নিবনুৱাৰ হুমুনিয়াহ

মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ১০ মে’ৰ ভিতৰত এক লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰিত সংস্থাপন দিব বুলি ঘোষণা কৰিছে৷ ইতিমধ্যে  কিছুসংখ্যক পদত নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে আৰু ভালেসংখ্যক পদৰ বিজ্ঞাপন প্ৰকাশ কৰিছে৷ মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি ইতিমধ্যে ৮৫ হাজাৰ পদ পূৰণৰ বাবে বিজ্ঞাপন প্ৰকাশ পাইছে৷ ইয়াৰে ২৬,৪৪১টা তৃতীয় আৰু চতুৰ্থবৰ্গৰ পদ পূৰণৰ বাবে শনিবাৰে বিজ্ঞাপন প্ৰকাশ কৰিছে৷ বাকী থকা ১৫ হাজাৰ পদৰ বাবেও শীঘ্ৰে বিজ্ঞাপনৰ ব্যৱস্থা কৰি ১০ মে’ৰ ভিতৰত এক লাখ নিবনুৱাক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি পূৰ্ণ কৰিব বুলি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ বিগত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে ৰাজ্যৰ শাসন ক্ষমতালৈ আহিলে বছৰি এক লাখ লোকক চাকৰি দিব বুলি প্ৰতিশ্ৰুতি দিছিল৷ শাসনভাৰ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি অনুসৰি এক লাখ লোকক নিযুক্তিৰ ব্যৱস্থা কৰিছে যদিও নিৰ্ধাৰিত সময়ত এই লক্ষ্যত কিদৰে উপনীত হয়, সেই কথা সময়েহে ক’ব৷ কিয়নো চাকৰিৰ বাবে বিজ্ঞাপন দিলেই নিযুক্তি যে সময়মতে হ’ব, সেই কথা ক’ব নোৱাৰি৷ কিয়নো বিভিন্ন কাৰণত বা ন্যায়ালয়ৰ হস্তক্ষেপত বহু পদ পূৰণত বিলম্ব হোৱা দেখা যায়৷ তদুপৰি পদ পূৰণৰ ক্ষেত্ৰত হোৱা খেলি-মেলি আৰু দুৰ্নীতিয়েও পদপ্ৰত্যাশী প্ৰাৰ্থীক ন্যায়ালয়ৰ দ্বাৰস্থ হ’বলৈ বাধ্য কৰায়৷ বৰ্তমান সময়ত চৰকাৰী চাকৰি মহঙা হৈ পৰিছে৷ সেয়ে সকলোকে যেনে-তেনে চৰকাৰী চাকৰি এটাৰ খুবেই প্ৰয়োজন৷ অৱশ্যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী চাকৰিত ৰিলায়েঞ্চৰ চাকৰি ভাল বুলি ক’লেও নিবনুৱাই জানে ব্যক্তিগত কোম্পানী আৰু চৰকাৰী চাকৰিৰ প্ৰভেদ ক’ত৷ হয়তো মুখ্যমন্ত্ৰীয়ে নিবনুৱাৰ আশা পূৰণ কৰিব নোৱৰাৰ বাবেই এনে মন্তব্য প্ৰকাশ কৰিছে৷ উল্লেখ্য, চৰকাৰী তথ্যমতেই অসমত ৩০ লাখৰ অধিক নিবনুৱা আছে৷ এইসকলৰ সকলোৱে এটা চৰকাৰী চাকৰি পাবলৈ চেষ্টা কৰি আছে৷ কিন্তু সকলোকে চৰকাৰী চাকৰি দিয়াও সম্ভৱ নহয়৷ সেয়ে হয়তো মুখ্যমন্ত্ৰীয়ে প্ৰকাৰান্তৰে নিবনুৱাক স্বাৱলম্বনৰ আন পথ বিচাৰিবলৈ কৈছে৷ কিন্তু বেচৰকাৰী খণ্ডতো বৰ্তমান নিযুক্তিৰ সংখ্যা সংকুচিত হৈছে৷ শিক্ষা-দীক্ষা লৈ যদি সংস্থাপনৰ পথ নাপায়, তেন্তে শিক্ষিত যুৱক-যুৱতীয়ে কিদৰে সংস্থাপিত হ’ব? চৰকাৰে সকলো নিবনুৱাকে সংস্থাপন দিব নোৱাৰে যদিও কিছুসংখ্যকক সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিলেও চাকৰিপ্ৰত্যাশী বহু কমি যাব৷ ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত নৰেন্দ্ৰ মোদীয়ে প্ৰতিবছৰে দেশৰ ২ কোটি নিবনুৱাক সংস্থাপনৰ প্ৰতিশ্ৰুতি দিছিল৷ শাসন ক্ষমতা লাভ কৰাৰ পাছত সেয়া নিৰ্বাচনী ‘ঝুমলা’ বুলিহে প্ৰমাণ হ’ল৷ সম্প্ৰতি সমগ্ৰ দেশতে নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰীৰ পদত আসীন হোৱাৰ পাছত গ্ৰহণ কৰা বিমুদ্ৰাকৰণ, জি এছ টিৰ প্ৰৱৰ্তনৰ ফলত দেশত সংস্থাপনৰ পথ সংকুচিত হৈছে৷ তদুপৰি কৰ’না ভাইৰাছৰ বাবে বহুজনে সংস্থাপন হেৰুৱাইছে৷ নেচনেল ছেম্পল ছাৰ্ভেৰ সমীক্ষাত [২০১৭-১৮] এই কথা প্ৰকাশ পাইছিল যে ক’ভিড ভাইৰাছে বিশ্ববাসীক বিধবস্ত কৰাৰ আগতেই ভাৰতত নিবনুৱাৰ সংখ্যাই ৪৫ বছৰৰ অভিলেখ স্থাপন কৰিছিল৷ পৰৱৰ্তী পৰ্যায়ত কৰ’নাসৃষ্ট পৰিৱেশৰ বাবে নিবনুৱাৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পায়৷ চেণ্টাৰ ফল মনিটৰিং ইণ্ডিয়ান ইক’নমীৰ তথ্য অনুসৰি, ভাৰতত ২০২০ চনৰ মে’পৰ্যন্ত নিবনুৱাৰ সংখ্যা বাঢ়ি ২৪ শতাংশ হৈছিল৷ চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক’নমীৰ তথ্য মতেই ভাৰতত ২০২১ চনৰ ডিচেম্বৰপৰ্যন্ত ৫৩ নিযুত নিবনুৱা আছে৷ কৰ’না কালত পৰিকল্পনাহীন লকডাউনৰ বাবে দেশৰ প্ৰায় ২.৩ নিযুত লোকে কৰ্মসংস্থাপন হেৰুৱাইছে৷ অল ইণ্ডিয়া ষ্টেট গৱৰ্নমেণ্ট এমপ্লয়িজ ফেডাৰেচনৰ মতে, দেশত প্ৰায় চাৰি নিযুত পদ বিভিন্ন বিভাগত খালী আছে৷ অৱশ্যে, কেন্দ্ৰীয় চৰকাৰে দেশত খালী পদৰ মাত্ৰ ১৪ শতাংশহে পূৰণ কৰে, বাকী পদ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহে পূৰণ কৰে৷ কিন্তু এই খালী হৈ থকা আটাইবোৰ পদতে নিযুক্তি দিলেও মাত্ৰ ৪ নিযুত নিবনুৱাকহে সংস্থাপন দিব পৰা যাব৷ তদুপৰি প্ৰতিবছৰে প্ৰায় ১০ নিযুত শিক্ষিত লোক চাকৰি প্ৰত্যাশীৰ শাৰীত নতুনকৈ যোগ হয়৷ এনে অৱস্থাত নিবনুৱাৰ সংস্থাপন এক দুঃস্বপ্ন হৈ পৰিছে৷ চৰকাৰে শিক্ষাৰ্থীক বাইক বা স্কুটী দিয়াৰ পৰিৱৰ্তে উচ্ছশিক্ষাৰ বাবে জলপানি দিয়াৰ ব্যৱস্থা কৰক আৰু  শিক্ষা সমাপ্তিৰ পাছতে নূ্যনতম বেতন নিৰ্ধাৰণ কৰি ইণ্টাৰ্নশ্বিপৰ ব্যৱস্থা কৰক৷ তদুপৰি নিবনুৱাক বিভিন্ন খণ্ডত স্ব-নিয়োজিত হ’ব পৰাকৈ দক্ষ কৰি তোলাৰ ব্যৱস্থা কৰক৷ শিক্ষানুষ্ঠানসমূহো ডিগ্ৰী দিয়া কাৰখানা নহৈ দক্ষ মানৱ সম্পদ গঢ়াৰ কমাৰশাল হ’লেহে নিবনুৱাই স্বাৱলম্বনৰ পথ পাব৷