গঁড়ৰ সংখ্যা বৃদ্ধি
দেশৰ বিভিন্ন অভয়াৰণ্য আৰু সংৰক্ষিত বনাঞ্চলত শেহতীয়াকৈ গঁড়ৰ গণনা আৰম্ভ কৰা হৈছে৷ অসমৰ পবিতৰা আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ইতিমধ্যে এই গণনা সম্পূৰ্ণ কৰা হৈছে৷ উৎসাহৰ বিষয়টো হৈছে যে দুয়োখন বনাঞ্চলতে পূৰ্বৰ গণনাৰ প্ৰতিবেদনতকৈ গঁড়ৰ সংখ্যা বৃদ্ধি পাইছে৷ অস্তিত্বৰ প্ৰতি ভাবুকি অহা বন্যপ্ৰাণীৰ তালিকাভুক্ত এশিঙীয়া গঁড় ভাৰতৰ লগতে কিছু পৰিমাণে নেপাল, ভূটান আৰু পাকিস্তানতো পোৱা যায়৷ চোৰাং চিকাৰীৰ হাতত গঁড়ৰ মৃত্যু ভাৰতৰ লগতে আন দেশৰ বাবে এটা ডাঙৰ সমস্যা হৈ পৰাৰ সময়ত ভাৰতত গঁড়ৰ সংখ্যা বৃদ্ধি পোৱা বিষয়টোৱে প্ৰাণীটোৰ সংৰক্ষণত জড়িত হৈ থকাসকলক উৎসাহিত কৰিছে৷ ২০১৮ চনৰ গঁড় গণনাৰ প্ৰতিবেদন অনুসৰি অসমত গঁড়ৰ সংখ্যা আছিল মুঠতে ২,৬৫২টা৷ ইয়াৰ ২,৪১৩ টায়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত থকা বুলি প্ৰতিবেদনটোত উল্লেখ কৰা হৈছিল৷ মৰিগাঁও জিলাত অৱস্থিত পবিতৰা ৰাষ্ট্ৰীয় উদ্যানত অলপতে চলোৱা গণনাৰ প্ৰতিবেদন অনুসৰি সেই স্থানত গঁড়ৰ সংখ্যা বৃদ্ধি পাইছে পাঁচটা৷ ২০১৮ চনৰ গণনা অনুসৰি পবিতৰাত ১০২টা গঁড়ৰ উপস্থিতিৰ প্ৰমাণ পোৱা গৈছিল৷ শেহতীয়া গণনা অনুসৰি পবিতৰাত বৰ্তমান থকা গঁড়ৰ সংখ্যা হৈছে ১০৭টা৷ বন বিভাগে জনোৱা মতে, ২০১৪ চনৰ পৰা পবিতৰা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীৰ হাতত গঁড়ৰ মৃত্যুৰ কোনো ঘটনা ঘটা নাই৷ উল্লেখ্য, ভাৰতৰ যিকেইখন ৰাষ্ট্ৰীয় উদ্যান আৰু সংৰক্ষিত উদ্যানত গঁড় পোৱা যায়, তাৰ ভিতৰত পবিতৰাতে গঁড়ৰ ঘনত্ব সৰ্বাধিক৷ ইপিনে, শেহতীয়া গণনা অনুসৰি ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বিগত চাৰি বছৰত গঁড়ৰ সংখ্যা বৃদ্ধি পাইছে ২৪টা৷ ওৰাঙত বৰ্তমান ১২৫টা গঁড়ৰ উপস্থিতিৰ প্ৰমাণ পোৱা গৈছে৷ কেইবছৰমান পূৰ্বে কাজিৰঙাত গঁড় হত্যাৰ বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছিল৷ দেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতিপ্ৰেমী সংগঠনবোৰেও এই বিষয়টোত উদ্বেগ প্ৰকাশ কৰিছিল৷ কিন্তু শেহতীয়াভাৱে কাজিৰঙাত চোৰাং চিকাৰীৰ গতিবিধি বহুখিনি হ্ৰাস পাইছে৷ চৰকাৰৰ তথ্য অনুসৰি যোৱা বছৰত অসমত মাত্ৰ এটা গঁড়ৰ চোৰাং চিকাৰীৰ হাতত মৃত্যু হৈছিল৷ বিগত ২১ বছৰত এই সংখ্যা হৈছে সৰ্বনিম্ন৷ ২০০০ চনৰ পৰা ২০১৫ চনলৈ অসমত চোৰাং চিকাৰীৰ হাতত যি হাৰত গঁড়ৰ মৃত্যু হৈছিল, তাৰবাবে সেই সময়ৰ ৰাজ্য চৰকাৰ ব্যাপক সমালোচনাৰ সন্মুখীন হৈছিল৷ কিন্তু শেহতীয়াভাৱে চোৰাং চিকাৰীৰ গতিবিধিৰ ওপৰত নজৰ ৰখাৰ বাবে চৰকাৰে গঠন কৰা এণ্টি প’চিং টাস্ক ফ’ৰ্চৰ দ্বাৰা সুফল পোৱা বুলি চৰকাৰে দাবী কৰিছে৷ ২০১৮ চনৰ গণনা অনুসৰি কাজিৰঙাৰ গঁড়ৰ সংখ্যা আছিল ২,৪১৩টা৷ ২০১৫ চনৰ গণনাৰ তথ্যৰ তুলনাত সেইবাৰ কাজিৰঙাত গঁড়ৰ সংখ্যা বৃদ্ধি হৈছিল ১২টা৷ যিহেতু ৰাষ্ট্ৰীয় উদ্যানখনত শেহতীয়াকৈ চোৰাং চিকাৰীৰ কাৰ্যকলাপ হ্ৰাস পাইছে, সেয়েহে এইবাৰৰ গণনাত গঁড়ৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব বুলি আশা কৰা হৈছে৷ অসমৰ লগতে পশ্চিমবংগৰ জলদাপাৰা আৰু গৰুমাৰা ৰাষ্ট্ৰীয় উদ্যানতো গঁড়ৰ গণনা আৰম্ভ কৰা হৈছে৷ পশ্চিমবংগৰ এই দুখন ৰাষ্ট্ৰীয় উদ্যানতো এশিঙীয়া গঁড় পোৱা যায়৷ জলদাপাৰা আৰু গৰুমাৰা ৰাষ্ট্ৰীয় উদ্যানত ইয়াৰ পূৰ্বে গঁড়ৰ গণনা চলোৱা হৈছিল ২০১৯ চনত৷ সেই সময়ত জলদাপাৰাত প্ৰায় ২৩২টা আৰু গৰুমাৰাত ৫২টা গঁড় থাকিব পাৰে বুলি অনুমান কৰা হৈছিল৷ ৰাষ্ট্ৰীয় উদ্যান দুখনত গঁড় সংৰক্ষণৰ ক্ষেত্ৰত লোৱা ব্যৱস্থাৰ বাবে শেহতীয়া গণনাত গঁড়ৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশা কৰা হৈছে৷ ভাৰতৰ লগতে চুবুৰীয়া দেশ নেপালতো গঁড়ৰ সংৰক্ষণৰ ক্ষেত্ৰত আশানুৰূপ সফলতা পোৱা গৈছে৷ এশিঙীয়া গঁড়ৰ বসতিস্থল হিচাপে পৰিচিত নেপালৰ চিতোৱান ৰাষ্ট্ৰীয় উদ্যান৷ ২০১৫ চনৰ গণনা অনুসৰি এই উদ্যানখনত গঁড়ৰ সংখ্যা আছিল ৬৪৫টা৷ কিন্তু শেহতীয়াভাৱে এই সংখ্যা বৃদ্ধি পাইছে ৭৫২টালৈ৷ এশিঙীয়া গঁড়ৰ বাবে অসমৰ এক সুকীয়া পৰিচয় আছে৷ প্ৰতিবছৰে অসমলৈ যিমানসংখ্যক দেশী-বিদেশী পৰ্যটকৰ আগমন ঘটে, অধিকাংশৰে প্ৰধান লক্ষ্যস্থান হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু এই উদ্যানখনৰ মূল আকৰ্ষণ হৈছে এশিঙীয়া গঁড়৷ বিশ্বৰ গঁড়ৰ সংখ্যা উদ্বেগজনকভাৱে হ্ৰাস পাব ধৰা সময়ত কাজিৰঙাৰ লগতে ৰাজ্যখনৰ আন ৰাষ্ট্ৰীয় উদ্যানবোৰত এই নিৰ্জু প্ৰাণীটোৰ সংখ্যা বৃদ্ধি নিঃসন্দেহে ৰাজ্যবাসীৰ বাবে গৌৰৱৰ বিষয়৷






