Logo
image

ভাৰতৰ প্ৰয়াসত অন্ত পৰিব ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ!

ভাৰতৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধানে

আমাৰ অসম,৩০ মাৰ্চঃ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধই সমগ্ৰ বিশ্বলৈ আনিছে অশনি সংকেত৷ ৰাছিয়াই বিগত এমাহে ইউক্ৰেইনৰ বিৰুদ্ধে অব্যাহত ৰখা যুদ্ধ অতি সোনকালে শেষ নহ’লে ভয়ংকৰ পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকাই দেখা দিছে৷ ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ হোৱাৰ দৰে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ পৰাই তৃতীয় বিশ্বযুদ্ধ হ’ব পাৰে বুলিও আশংকা কৰা হৈছে৷ গতিকে ৰাষ্ট্ৰসংঘই অহৰহ চেষ্টা চলাইছে এই যুদ্ধ বন্ধ কৰিবলৈ৷ তাৰ কাৰণে ৰাছিয়াৰ ঘনিষ্ঠ বন্ধু দেশৰ সৈতে সঘনাই যোগাযোগ অব্যাহত ৰাখিছে ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধানে৷ ভাৰত আৰু চীন যিহেতু ৰাছিয়াৰ আটাইতকৈ ভাল বন্ধু, গতিকে ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান এণ্টনিঅ’গুটেৰেছে দুয়োখন দেশৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে৷ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ধাৰাবাহিকভাৱে বিশ্বৰ বিভিন্ন দেশৰ নেতাৰ সৈতে সম্পৰ্কত আছে৷ কাৰণ ভাৰতে এই যুদ্ধ আলোচনাৰ মাধ্যমেৰে সমাধান হোৱাটো বিচাৰে৷ সেয়ে ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধানে সোমবাৰে ঘোষণা কৰে যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, তুৰস্কৰ ৰাষ্ট্ৰপতি, কাটাৰ, ইজৰাইল, চীন, ফ্ৰান্স, জাৰ্মানী আদি দেশৰ মুৰব্বীৰ সৈতে সঘন যোগাযোগ অব্যাহত ৰাখিছে৷ তেওঁ আশা কৰে যে এই দেশকেইখনৰ সহায়তহে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ সমাপ্ত হ’ব৷