Logo
image

পৌৰ প্ৰশাসন আৰু মহানগৰীৰ সমস্যা

১৯ এপ্ৰিলত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷ গুৱাহাটী পৌৰ নিগম দখল কৰিবলৈ ইতিমধ্যে প্ৰায়বোৰ দলেই প্ৰস্তুতি চলাইছে৷ ৬০টা ৱাৰ্ডৰ বাবে হ’বলগীয়া নিৰ্বাচনত ৩০ মাৰ্চত প্ৰাৰ্থীৰ মনোনয়ন দাখিলৰ শেষ দিন নিৰ্ধাৰণ কৰিছে৷ উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ আৰু শৈক্ষিক, ব্যৱসায়িক ক্ষেত্ৰৰ উপৰি স্বাস্থ্যখণ্ডৰো প্ৰাণকেন্দ্ৰ গুৱাহাটী মহানগৰীৰ ৬০টা ৱাৰ্ডত মুঠ ভোটাৰ আছে ৭,৯৬,৮২৯জন৷ ৭৮৯টা ভোটকেন্দ্ৰত গুৱাহাটী পৌৰ নিগমৰ নাগৰিকে বাছনি কৰিব তেওঁলোকৰ ৱাৰ্ড তথা পৌৰ প্ৰশাসনৰ প্ৰতিনিধি৷ ইতিমধ্যে শাসকীয় বিজেপিৰ উপৰি কংগ্ৰেছ, আম আদমী পাৰ্টী, জাতীয় পৰিষদকে ধৰি বিভিন্ন দলে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে৷ কিন্তু দুবাৰকৈ ৰাজ্যৰ শাসন ক্ষমতা দখল কৰা আৰু অসমৰ ৰাইজৰ আৱেগ জড়িত থকা অসম গণ পৰিষদ দলটোৰহে যেন এই নিৰ্বাচনক লৈ উৎসাহ নাই৷ এসময়ত প্ৰবল গণভিত্তি থকা আঞ্চলিক দলটোৱে সম্প্ৰতি বিজেপিৰ অক্সিজেন লৈ কোনোমতে বৰ্তি আছে৷ দুবাৰকৈ ৰাজ্যৰ শাসন ক্ষমতা দখল কৰা দলটোৱে ক্ষমতাৰ লোভত ক্ৰমাৎ জনসাধাৰণৰ আস্থা হেৰুৱাই পেলাইছে৷ ১৫ বছৰীয়া কংগ্ৰেছৰ শাসনকালত সেই সময়ৰ পৰাক্ৰমী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে অসম গণ পৰিষদ দলটোৰ আমবাৰীৰ মুখ্য কাৰ্যালয় বিবাহ ভৱনতহে পৰিণত হ’ব৷ সেই কথা ফলিয়াবলৈ হয়তো বেছি দিন নাই৷ হয়তো মুখ্যমন্ত্ৰী ড॰  শৰ্মাৰ শাসন কালতে দলটোৰ নাম-নিচান নোহোৱা হ’ব৷ ইতিমধ্যে দলটোৰ কেন্দ্ৰীয় নেতৃত্বৰ ক্ষমতাৰ ৰাগীয়ে দলটোক গণবিচ্ছিন্ন কৰিলে৷ মিত্ৰজোঁটত থকা দলটোক ৬০টা ৱাৰ্ডৰ ভিতৰত মাত্ৰ জ্জটা ৱাৰ্ডতহে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বিজেপিয়ে দি এই কথা বুজাই দিছে যে অগপ দলটো অচিৰেই নিঃশেষ হৈ যাব৷ ইফালে বিৰোধী দলসমূহেও একত্ৰিত হোৱাৰ কথা কয় যদিও কাৰ্যতঃ ক্ষমতাৰ লোভত বহুতেই শাসকীয় দলটোৰ লগত হাত মিলায়৷ আনকি নিজৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰাৰ দৰে বিৰোধীৰ ভূমিকাৰ বাবেও শাসকীয় দলটোৱে প্ৰতিটো নিৰ্বাচনতে জয়লাভ কৰি আহিছে৷ ৰাজ্যসভাৰ আসন দুখনৰ বাবে হ’ব লগা নিৰ্বাচনতো যে শাসকীয় দলটোৰে জয় নিশ্চিত, সেই কথা বিৰোধী দলসমূহৰ কথা-বতৰাই প্ৰমাণ কৰিছে৷ ৰাজ্যত এতিয়া বিৰোধী ঐক্য থানবান হৈ গৈছে৷ নতুন আঞ্চলিক দলৰ উপৰি আম আদমী পাৰ্টীয়ে পৌৰ নিগমৰ নিৰ্বাচনত প্ৰাৰ্থী দিছে যদিও তেওঁলোকে যে আসন লাভ কৰিব সেই আশা কৰিব নোৱাৰি৷ কিয়নো এসময়ত প্ৰবল গণভিত্তি থকা কংগ্ৰেছ আৰু অগপৰে স্থিতি থৰক-বৰক৷ বিগত সময়ত পৌৰ প্ৰশাসনৰ নিৰ্লিপ্ত ভূমিকা, দুৰ্নীতি আৰু অপৰিকল্পিত কাম-কাজৰ বাবে গুৱাহাটী মহানগৰীৰ সমস্যা ক্ৰমাৎ বৃদ্ধি পাইছে আৰু মহানগৰীখন ক্ৰমাৎ বাসৰ অনুপযোগী হৈ আহিছে৷ মহানগৰীত প্ৰধান সমস্যা হ’ল পানী; সেয়া বিশুদ্ধ খোৱাপানীয়েই হওক অথবা কৃত্ৰিম বানৰ পানীয়েই হওক৷ অপৰিকল্পিত নিৰ্মাণ আৰু অবাধ দখলৰ বাবে মহানগৰীৰ আটাইবোৰ পাহাৰতে জনবসতি বৃদ্ধি পোৱাৰ উপৰি মহানগৰীৰ বিল-জলাশয় আদিও প্ৰশাসনৰ জ্ঞাতে-অজ্ঞাতে পুতি অট্টালিকা নিৰ্মাণ কৰিছে৷ তদুপৰি মহানগৰীত প্ৰয়োজনীয় নলা-নৰ্দমাৰ অভাৱৰ ফলত এজাক বৰষুণতে কৃত্ৰিম বানৰ সৃষ্টি হোৱাটো সাধাৰণ কথা হৈ পৰিছে৷ আনহাতে, মহানগৰীৰ ভূ-গৰ্ভৰ পানীৰ স্তৰ ক্ৰমাৎ নিম্নগামী হোৱাত জনসাধাৰণে খোৱাপানীৰ অভাৱত ভুগিছে৷ তদুপৰি পৰিকল্পিত জাবৰ নিষ্কাশন ব্যৱস্থা, যান-জঁট, মুকলি ঠাইৰ অভাৱ আদিয়ে মহানগৰবাসীক যমৰ-যাতনা ভোগাইছে৷ পৌৰ প্ৰশাসনৰ সুপৰিকল্পিত নীতিয়ে নিশ্চয় মহানগৰীৰ বাসিন্দাক সমস্যাসমূহৰ পৰা সকাহ দিব৷ গতিকে জনসাধাৰণে নিকা ভাবমূৰ্তিৰ প্ৰাৰ্থী নিৰ্বাচন কৰাৰ লগতে ৰাজনৈতিক দলসমূহেও তুলনামূলকভাৱে সৎ আৰু ৰাইজৰ কল্যাণৰ অৰ্থে কাম কৰাৰ মনোভাব থকা প্ৰাৰ্থীকহে প্ৰতিদ্বন্দ্বিতাৰ বাবে আগবঢ়াই দিব লাগে৷ শাসকীয় দলৰ হ’লেই যে পৌৰ নিগমৰ উন্নয়ন হ’ব, সেই আশা নকৰাই ভাল৷ অৱশ্যে, বৰ্তমানৰ ৰাজনীতিত ক্ষমতা, ধন আৰু বাহুবলেই অধিক গুৰুত্ব লাভ কৰে৷ সততা, ন্যায়, মানৱতা আদিৰ স্থান ৰাজনীতিত নোহোৱা হৈছে৷ ভোটাৰেও সুবিধা লাভৰ আশাত দুৰ্নীতিপৰায়ণ লোককে ভোট দি অধিক দুৰ্নীতি কৰিবলৈ উদ্‌গনি দিয়ে৷ নিজকে শিক্ষিত আৰু বিবেক ভোটাৰ বুলি গৌৰৱ কৰা মহানগৰবাসীয়ে কাক পৌৰ প্ৰশাসনৰ দায়িত্ব অৰ্পণ কৰে, তাৰ ওপৰতে মহানগৰীৰ সমস্যা সমাধানৰ পথ বহু পৰিমাণে নিৰ্ভৰ কৰিব৷১৯ এপ্ৰিলত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷ গুৱাহাটী পৌৰ নিগম দখল কৰিবলৈ ইতিমধ্যে প্ৰায়বোৰ দলেই প্ৰস্তুতি চলাইছে৷ ৬০টা ৱাৰ্ডৰ বাবে হ’বলগীয়া নিৰ্বাচনত ৩০ মাৰ্চত প্ৰাৰ্থীৰ মনোনয়ন দাখিলৰ শেষ দিন নিৰ্ধাৰণ কৰিছে৷ উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ আৰু শৈক্ষিক, ব্যৱসায়িক ক্ষেত্ৰৰ উপৰি স্বাস্থ্যখণ্ডৰো প্ৰাণকেন্দ্ৰ গুৱাহাটী মহানগৰীৰ ৬০টা ৱাৰ্ডত মুঠ ভোটাৰ আছে ৭,৯৬,৮২৯জন৷ ৭৮৯টা ভোটকেন্দ্ৰত গুৱাহাটী পৌৰ নিগমৰ নাগৰিকে বাছনি কৰিব তেওঁলোকৰ ৱাৰ্ড তথা পৌৰ প্ৰশাসনৰ প্ৰতিনিধি৷ ইতিমধ্যে শাসকীয় বিজেপিৰ উপৰি কংগ্ৰেছ, আম আদমী পাৰ্টী, জাতীয় পৰিষদকে ধৰি বিভিন্ন দলে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে৷ কিন্তু দুবাৰকৈ ৰাজ্যৰ শাসন ক্ষমতা দখল কৰা আৰু অসমৰ ৰাইজৰ আৱেগ জড়িত থকা অসম গণ পৰিষদ দলটোৰহে যেন এই নিৰ্বাচনক লৈ উৎসাহ নাই৷ এসময়ত প্ৰবল গণভিত্তি থকা আঞ্চলিক দলটোৱে সম্প্ৰতি বিজেপিৰ অক্সিজেন লৈ কোনোমতে বৰ্তি আছে৷ দুবাৰকৈ ৰাজ্যৰ শাসন ক্ষমতা দখল কৰা দলটোৱে ক্ষমতাৰ লোভত ক্ৰমাৎ জনসাধাৰণৰ আস্থা হেৰুৱাই পেলাইছে৷ ১৫ বছৰীয়া কংগ্ৰেছৰ শাসনকালত সেই সময়ৰ পৰাক্ৰমী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে অসম গণ পৰিষদ দলটোৰ আমবাৰীৰ মুখ্য কাৰ্যালয় বিবাহ ভৱনতহে পৰিণত হ’ব৷ সেই কথা ফলিয়াবলৈ হয়তো বেছি দিন নাই৷ হয়তো মুখ্যমন্ত্ৰী ড॰  শৰ্মাৰ শাসন কালতে দলটোৰ নাম-নিচান নোহোৱা হ’ব৷ ইতিমধ্যে দলটোৰ কেন্দ্ৰীয় নেতৃত্বৰ ক্ষমতাৰ ৰাগীয়ে দলটোক গণবিচ্ছিন্ন কৰিলে৷ মিত্ৰজোঁটত থকা দলটোক ৬০টা ৱাৰ্ডৰ ভিতৰত মাত্ৰ জ্জটা ৱাৰ্ডতহে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বিজেপিয়ে দি এই কথা বুজাই দিছে যে অগপ দলটো অচিৰেই নিঃশেষ হৈ যাব৷ ইফালে বিৰোধী দলসমূহেও একত্ৰিত হোৱাৰ কথা কয় যদিও কাৰ্যতঃ ক্ষমতাৰ লোভত বহুতেই শাসকীয় দলটোৰ লগত হাত মিলায়৷ আনকি নিজৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰাৰ দৰে বিৰোধীৰ ভূমিকাৰ বাবেও শাসকীয় দলটোৱে প্ৰতিটো নিৰ্বাচনতে জয়লাভ কৰি আহিছে৷ ৰাজ্যসভাৰ আসন দুখনৰ বাবে হ’ব লগা নিৰ্বাচনতো যে শাসকীয় দলটোৰে জয় নিশ্চিত, সেই কথা বিৰোধী দলসমূহৰ কথা-বতৰাই প্ৰমাণ কৰিছে৷ ৰাজ্যত এতিয়া বিৰোধী ঐক্য থানবান হৈ গৈছে৷ নতুন আঞ্চলিক দলৰ উপৰি আম আদমী পাৰ্টীয়ে পৌৰ নিগমৰ নিৰ্বাচনত প্ৰাৰ্থী দিছে যদিও তেওঁলোকে যে আসন লাভ কৰিব সেই আশা কৰিব নোৱাৰি৷ কিয়নো এসময়ত প্ৰবল গণভিত্তি থকা কংগ্ৰেছ আৰু অগপৰে স্থিতি থৰক-বৰক৷ বিগত সময়ত পৌৰ প্ৰশাসনৰ নিৰ্লিপ্ত ভূমিকা, দুৰ্নীতি আৰু অপৰিকল্পিত কাম-কাজৰ বাবে গুৱাহাটী মহানগৰীৰ সমস্যা ক্ৰমাৎ বৃদ্ধি পাইছে আৰু মহানগৰীখন ক্ৰমাৎ বাসৰ অনুপযোগী হৈ আহিছে৷ মহানগৰীত প্ৰধান সমস্যা হ’ল পানী; সেয়া বিশুদ্ধ খোৱাপানীয়েই হওক অথবা কৃত্ৰিম বানৰ পানীয়েই হওক৷ অপৰিকল্পিত নিৰ্মাণ আৰু অবাধ দখলৰ বাবে মহানগৰীৰ আটাইবোৰ পাহাৰতে জনবসতি বৃদ্ধি পোৱাৰ উপৰি মহানগৰীৰ বিল-জলাশয় আদিও প্ৰশাসনৰ জ্ঞাতে-অজ্ঞাতে পুতি অট্টালিকা নিৰ্মাণ কৰিছে৷ তদুপৰি মহানগৰীত প্ৰয়োজনীয় নলা-নৰ্দমাৰ অভাৱৰ ফলত এজাক বৰষুণতে কৃত্ৰিম বানৰ সৃষ্টি হোৱাটো সাধাৰণ কথা হৈ পৰিছে৷ আনহাতে, মহানগৰীৰ ভূ-গৰ্ভৰ পানীৰ স্তৰ ক্ৰমাৎ নিম্নগামী হোৱাত জনসাধাৰণে খোৱাপানীৰ অভাৱত ভুগিছে৷ তদুপৰি পৰিকল্পিত জাবৰ নিষ্কাশন ব্যৱস্থা, যান-জঁট, মুকলি ঠাইৰ অভাৱ আদিয়ে মহানগৰবাসীক যমৰ-যাতনা ভোগাইছে৷ পৌৰ প্ৰশাসনৰ সুপৰিকল্পিত নীতিয়ে নি(য় মহানগৰীৰ বাসিন্দাক সমস্যাসমূহৰ পৰা সকাহ দিব৷ গতিকে জনসাধাৰণে নিকা ভাবমূৰ্তিৰ প্ৰাৰ্থী নিৰ্বাচন কৰাৰ লগতে ৰাজনৈতিক দলসমূহেও তুলনামূলকভাৱে সৎ আৰু ৰাইজৰ কল্যাণৰ অৰ্থে কাম কৰাৰ মনোভাব থকা প্ৰাৰ্থীকহে প্ৰতিদ্বন্দ্বিতাৰ বাবে আগবঢ়াই দিব লাগে৷ শাসকীয় দলৰ হ’লেই যে পৌৰ নিগমৰ উন্নয়ন হ’ব, সেই আশা নকৰাই ভাল৷ অৱশ্যে, বৰ্তমানৰ ৰাজনীতিত ক্ষমতা, ধন আৰু বাহুবলেই অধিক গুৰুত্ব লাভ কৰে৷ সততা, ন্যায়, মানৱতা আদিৰ স্থান ৰাজনীতিত নোহোৱা হৈছে৷ ভোটাৰেও সুবিধা লাভৰ আশাত দুৰ্নীতিপৰায়ণ লোককে ভোট দি অধিক দুৰ্নীতি কৰিবলৈ উদ্‌গনি দিয়ে৷ নিজকে শিক্ষিত আৰু বিবেক ভোটাৰ বুলি গৌৰৱ কৰা মহানগৰবাসীয়ে কাক পৌৰ প্ৰশাসনৰ দায়িত্ব অৰ্পণ কৰে, তাৰ ওপৰতে মহানগৰীৰ সমস্যা সমাধানৰ পথ বহু পৰিমাণে নিৰ্ভৰ কৰিব৷