Logo
image

খানাপাৰা, কইনাধৰা অসমতে থাকিব

অসম-মেঘালয় সীমা চুক্তি সন্দৰ্ভত সদনত মুখ্যমন্ত্ৰী

আমাৰ অসম, ৩১মাৰ্চঃ নতুন দিল্লীত মেঘালয়ৰ সৈতে সীমান্ত সমস্যাৰ সন্দৰ্ভত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰাৰ পাছত আজি বিধানসভাত এক দীঘলীয়া বিবৃতি দিলে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ সদনত মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিলে বিবদমান কোন কোন স্থান অসমৰ লগত থাকিব আৰু কোন কোন স্থান মেঘালয়ৰ লগত চামিল হ’ব৷ মুখ্যমন্ত্ৰীয়ে সদনত সদৰি কৰা তথ্য অনুসৰি খানাপাৰা পিলিংকাটাৰ মুঠ ২.২৯ বৰ্গ কিলোমিটাৰ অঞ্চলৰ ০.৫ বৰ্গ কিলোমিটাৰ অঞ্চল মেঘালয়ৰ অংশ হ’ব৷ আনহাতে, খানাপাৰাৰ এছটিচি ট্ৰেন্সিট কেম্প, নামঘৰ, ড্ৰিমলেণ্ড ৰিজ’ৰ্টকে ধৰি মুঠ ০.০৩ বৰ্গ কিলোমিটাৰ অঞ্চল অসমৰ অন্তৰ্ভুক্ত হ’ব৷ সদনত মুখ্যমন্ত্ৰীয়ে কয় যে মেঘালয় ৰাজ্য গঠনৰ পৰাই সীমা সমস্যা সমাধানৰ বাবে দাবী উত্থাপিত হৈ আহিছিল৷ কামৰূপ জিলাৰ বিবদমান অঞ্চলসমূহ নিষ্পত্তিৰ বাবে জাষ্টিচ চন্দ্ৰসূড়ৰ নেতৃত্বত কমিটী গঠন কৰা হৈছিল যদিও কোনো সমাধানসূত্ৰ ওলোৱা নাছিল৷ ১৯৯৩ চনত মেঘালয় চৰকাৰে অসম চৰকাৰক আনুষ্ঠানিকভাৱে ১২টা বিবদমান অঞ্চলৰ কথা অৱগত কৰে৷ এই ১২টা অঞ্চলত বিবাদ নিষ্পত্তিৰ বাবে অসম চৰকাৰে প্ৰচেষ্টা আৰম্ভ কৰে৷ মুঠ ২২বাৰ মুখ্যমন্ত্ৰী পৰ্যায়ত আলোচনা, ১৯বাৰ মুখ্য সচিব পৰ্যায়ত আলোচনা আৰু ১৩বাৰ বিভিন্ন পৰ্যায়ত মন্ত্ৰী বা উপায়ুক্ত পৰ্যায়ৰ আলাপ-আলোচনা অনুষ্ঠিত হোৱাৰ পাছত কালি নতুন দিল্লীত মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সৈতে অৱশেষত বুজাবুজিৰ চুক্তিত স্বাক্ষৰ হয়৷ এই বুজাবুজিৰ চুক্তিয়ে সাংবিধানিক মান্যতা পাবলৈ হ’লে অৱশ্যে সংসদত গৃহীত হ’ব লাগিব৷ ইয়াৰ পূৰ্বে নি(য় কেন্দ্ৰীয় চৰকাৰে বিষয়টোৰ সন্দৰ্ভত অসম বিধানসভাৰ মতামত বিচাৰিব৷ বৰ্তমানলৈকে যিখিনি বুজাবুজি হৈছে সেয়া প্ৰশাসনিক স্তৰত সম্ভৱ হৈছে৷ মেপৰ পৰা ওলাই মাটিলৈ নামি বুজাবুজি কৰা হৈছে৷ এই বুজাবুজি সম্পন্ন কৰাৰ পূৰ্বে কেইবাটাও প্ৰেক্ষাপট লৈ ৰিজনেল সৰ্বদলীয় কমিটীয়ে আলোচনা কৰিছিল৷ এই ৰিজনেল সৰ্বদলীয় প্ৰতিনিধি মণ্ডলে সীমান্ত পৰিদৰ্শন কৰিছিল৷ অসম চৰকাৰে তিনি মন্ত্ৰীক লৈ তিনিখন ৰিজনেল কমিটী বনোৱাৰ বিপৰীতে মেঘালয় চৰকাৰেও তিনিজন মন্ত্ৰীৰে তিনিখন ৰিজনেল কমিটী গঠন কৰিছিল৷ অসম চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা আৰু পীয়ূষ হাজৰিকাৰ নেতৃত্বত তিনিখন ৰিজনেল কমিটী গঠন কৰা হৈছিল৷ এই ৰিজনেল কমিটীত স্থানীয় বিধায়ককো সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল৷ আজি সদনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে অসম বিধানসভাৰ যিসকল বিৰোধী বিধায়কে অসম-মেঘালয়ৰ মীমাংসিত বিবদমান অঞ্চল পৰিদৰ্শন কৰিব বিচাৰে তেওঁলোকৰ বাবে সকলো সুবিধা কৰি দিব ৰাজ্য চৰকাৰে৷ আজি সদনত অসম-মেঘালয়ৰ সীমান্তৰ বিবদমান অঞ্চলৰ বুজাবুজি সূত্ৰক লৈ একাংশ বিৰোধীয়ে চৰকাৰক প্ৰশ্ন কৰে৷ বিশেষকৈ শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰীৰ সৈতে বাকযুদ্ধত লিপ্ত হয়৷ শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ আচৰণত ক্ষুব্ধ হৈ পৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ অখিল গগৈক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে সদনত টানকৈও কথা কয়৷ দেশৰ গৃহমন্ত্ৰীৰ উপস্থিতিত কালি নতুন দিল্লীত অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ মাজত দুয়োখন ৰাজ্যৰ মাজৰ ৬টা সীমা বিবাদ সন্দৰ্ভত হোৱা চুক্তি স্পষ্ট কৰিব লাগে বুলি দাবী উত্থাপন কৰিছে কাৰ্বি আংলং জিলাৰ আঞ্চলিক  ৰাজনৈতিক দল এএছডিচিয়ে৷ ডিফুস্থিত দলটোৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদ মেলত দলটোৰ সভাপতি চন্দ্ৰকান্ত তেৰাঙে কয় যে, এএছডিচি দলে সীমা বিবাদৰ ক্ষেত্ৰত দিয়া আৰু লোৱা নীতিৰ তীব্ৰ বিৰোধিতা কৰে৷ এই নীতিৰ আধাৰতেই অসম আৰু মেঘালয়ৰ সীমা বিবাদ সন্দৰ্ভত চুক্তি স্বাক্ষৰিত হৈছে৷ এই নীতিৰ আধাৰতেই যদি কাৰ্বি আংলং জিলাৰ সৈতে থকা সীমা বিবাদ নিষ্পত্তি কৰিব বিচাৰে এইক্ষেত্ৰত আমাৰ দলে তীব্ৰ বিৰোধিতা কৰিব আৰু এইটো আমাৰ গ্ৰহণযোগ্য নহয়৷ এই সমস্যাৰ সমাধান ১৯৫১ চনৰ চৰকাৰী অধিসূচনাতহে আছে বুলি তেৰাঙে দাবী কৰে৷ সেই সময়ত পাহাৰীয়া জিলা গঠনৰ ক্ষেত্ৰত কাৰ্বি আংলং, উত্তৰ কাছাৰ পাৰ্বত্য জিলা, খাচী-জয়ন্তীয়া আৰু মিজো পাৰ্বত্য জিলা গঠন কৰা হৈছিল৷ আনহাতে, ১৯৫২ চনত স্বায়ত্তশাসিত পৰিষদ গঠনৰ সময়ত আৰু ১৯৬৯ চনত অসম ৰাজ্য পুনৰ গঠনৰ সময়ছোৱাত লগতে ১৯৭২ চনত উত্তৰ পূৰ্বাঞ্চল পুনৰ গঠনৰ সময়ত সীমা নিৰ্ধাৰণ কৰা হৈছিল৷ আমি কাৰ্বি আংলং জিলাৰ এক ইঞ্চি মাটিও আনক নিদিও আৰু আনৰ এক ইঞ্চি মাটিও আমাক নালাগে বুলি তেৰাঙে মন্তব্য কৰে৷ সংবাদ মেলযোগে এএছডিচি দলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সীমা বৃদ্ধিৰো বিৰোধিতা কৰে৷ তেওঁলোকে কয় যে এলিফেণ্ট কৰিড’ৰৰ নামত কাৰ্বি আংলং জিলাৰ বহু ভূমি ৰাষ্ট্ৰীয় উদ্যানখনৰ অন্তৰ্ভুক্ত কৰিব বিচৰা হৈছে৷ পৰিষদখন যিহেতু ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত আৰু ইয়াৰ ভূমি অধিগ্ৰহণ কৰিবলৈ পৰিষদৰ অনুমতি লাগে আৰু পৰিষদে আমি জনাত অনুমতি প্ৰদান কৰা নাই, সেয়ে জিলাখনৰ ভূমি অন্তৰ্ভুক্ত হোৱাটো আমি বিৰোধিতা কৰোঁ৷ কাৰণ, যুগ যুগ ধৰি এই অঞ্চলসমূহত বাস কৰি অহা জনজাতীয় লোকসকল এই নীতিৰ ফলত নিজ গৃহতেই গৃহহীন হ’ব৷ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে জিলখনৰ টেট উত্তীৰ্ণ  প্ৰাৰ্থীসকলৰ নিযুক্তি সন্দৰ্ভত সংবাদ মেলত কয় যে এই নিযুক্তি সম্পূৰ্ণ নিকা আৰু স্বচ্ছ হ’ব লাগে৷ এজনো যোগ্য স্থানীয় প্ৰাৰ্থী বঞ্চিত হ’ব নালাগে আৰু বাহিৰৰ কোনো প্ৰাৰ্থী ইয়াৰ অন্তৰ্ভুক্ত হ’ব নালাগে৷ ধনৰ বিনিময়ত চাকৰি প্ৰদান প্ৰক্ৰিয়াৰ দলে বিৰোধিতা কৰিব বুলিও উল্লেখ কৰে৷ ইপিনে, যোৱা ২৫মাৰ্চত কাৰ্বি আংলং জিলা প্ৰশাসনে পৰিষদৰ আগন্তুক নিৰ্বাচন উপলক্ষে প্ৰকাশ কৰা ভোটাৰ তালিকা সন্দৰ্ভতো তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে তেৰাঙে৷ তেওঁ কয় যে চৰকাৰে সঠিক নিয়ম আৰু প্ৰক্ৰিয়াৰে ভোটাৰ তালিকাখন প্ৰস্তুত কৰিবলৈ সক্ষম নহ’ল৷ তদুপৰি, এএছডিচি দলে আগন্তুক কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন সময়মতে অনুষ্ঠিত কৰিবলৈও দাবী উত্থাপন কৰে৷