Logo
image

কাশ্মীৰ ফাইল্‌ছ, ৬নং দফা ফাইল্‌ছ

অসম চুক্তিৰ ৬নং দফা মতে অসমীয়াক [খিলঞ্জীয়াক] সাংবিধানিক সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰা প্ৰয়োজন তাক নিৰ্ণয় কৰিবলৈ এখন কমিটী গঠন কৰা হৈছিল৷ কমিটীয়ে প্ৰতিবেদন দাখিল কৰিছিল৷ প্ৰতিবেদনৰ বৰ্তমান অৱস্থান অতি ৰহস্যময়৷ অসমীয়াক সাংবিধানিক সুৰক্ষা দিম বুলি কমিটী গঠন কৰা দিল্লীৰ বিজেপি চৰকাৰে জম্মু কাশ্মীৰক বিশেষ অধিকাৰ দিয়া  ভাৰতৰ সংবিধানৰ ৩৭০ অনুচ্ছেদ খাৰিজ কৰিছে৷ বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰত ক্ষমতা পালে সংবিধানৰ ৩৭০ ধাৰা খাৰিজ কৰিব বুলি কৈছিল৷ ক্ষমতা পোৱাৰ পাছত তেওঁলোকে নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিলে৷ ভাৰতৰ সংসদে যেতিয়া কাশ্মীৰৰ বিশেষ সাংবিধানিক অধিকাৰৰ মুদা মাৰি আছিল, তেতিয়া কাশ্মীৰ আছিল সান্ধ্য আইনৰ কবলত৷ কাশ্মীৰৰ ৰাজনৈতিক নেতাসকলক গ্ৰেপ্তাৰ কৰিছিল আৰু লাখ লাখ সামৰিক আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰিছিল, ফোন সেৱা আৰু ইণ্টাৰনেট সেৱা আৰু কেবল টিভি বন্ধ কৰি থৈছিল৷ অৰ্থাৎ কাশ্মীৰৰ জনগণৰ কোনো মতামত নোলোৱাকৈ তেওঁলোকক ঘৰত আবদ্ধ কৰি ৰাখি দিল্লীত কাশ্মীৰৰ ভৱিষ্যৎ নিৰ্ণয় কৰা হৈছিল৷ কাশ্মীৰীসকলে ভাবে যে ৩৭০ অনুচ্ছেদে ‘কাশ্মীৰীয়ত’ক স্বীকৃতি আৰু সুৰক্ষা দিছিল৷ জিন্নাৰ ‘হিন্দু আৰু মুছলমান দুটা জাতি’এই তত্ত্বক খাৰিজ কৰি মুছলমান সংখ্যাগৰিষ্ঠ কাশ্মীৰে ভাৰতৰ স’তে চামিল হৈছিল৷ আৰু ভাৰতেও পাছত সংবিধানৰ ৩৭০ অনুচ্ছেদ বলৱৎ কৰি তেওঁলোকৰ স্বকীয়তাক, ‘কাশ্মীৰীয়ত’ক স্বীকৃতি দিছিল৷ এই ৩৭০ অনুচ্ছেদ এটা অস্থায়ী ব্যৱস্থা আছিল যদিও নানা ঐতিহাসিক কাৰণত ই সংবিধানত ৰৈ গ’ল৷ ‘কাশ্মীৰীয়ত’ক স্বীকৃতি দিয়া এই অনুচ্ছেদ জম্মুৰ বাসিন্দাৰ মনত [যিসকলৰ গৰিষ্ঠসংখ্যক হিন্দু] আছিল বৈষম্যমূলক৷ এয়া স্বাৰ্থৰ সংঘাত৷ বৰাক উপত্যকাৰ গৰিষ্ঠসংখ্যক বাঙালী আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ গৰিষ্ঠসংখ্যক অসমীয়াৰ মাজৰ স্বাৰ্থৰ সংঘাতৰ দৰে৷ এতিয়া দিল্লীত জম্মুৰ গৰিষ্ঠসংখ্যক হিন্দুৰ স্বাৰ্থক প্ৰতিনিধিত্ব কৰা বিজেপি-আৰএছএছ ক্ষমতাত আছে৷ গতিকে ভাৰতৰ ৰাষ্ট্ৰযন্ত্ৰই কাশ্মীৰী জাতীয়তাবাদক আওকাণ কৰি ‘গৰিষ্ঠসংখ্যকবাদ’বা ‘হিন্দুত্ব’ক কাশ্মীৰত জাপি দিছে৷ এটা কথা স্পষ্ট যে যিমানেই আলোচনা নকৰক কিয় কাশ্মীৰীয়ে ৩৭০ অনুচ্ছেদ খাৰিজৰ সিদ্ধান্তক কেতিয়াও সমৰ্থন নকৰিলেহেঁতেন৷ গতিকে দিল্লীৰ বিজেপি চৰকাৰৰ সিদ্ধান্ত কাশ্মীৰৰ ওপৰত জোৰকৈ জাপি দিয়াত বাদে আন উপায় নাছিল৷ এনেকৈ জোৰকৈ সিদ্ধান্ত জাপি দিয়াটো কিমান গণতান্ত্ৰিক সেয়া বিতৰ্কৰ বিষয়৷ কাশ্মীৰৰ মানুহ সান্ধ্য আইনৰ কবলত, যোগাযোগহীন হৈ থকাৰ সময়তে জম্মুৰ মানুহে ৩৭০ অনুচ্ছেদ খাৰিজ হোৱাত আনন্দ-উল্লাস কৰা দেখা গৈছিল৷ ৰাষ্ট্ৰযন্ত্ৰই ক্ষমতাৰ জোৰত ক্ষুদ্ৰ জাতিসত্তাক ভৰিৰে মোহাৰি নিঃশেষ কৰাৰ অলেখ উদাহৰণ আছে৷ ষ্টেলিনৰ দিনত বহু সংখ্যালঘু জাতিসত্তাৰ লোকক ‘সমাজবাদ’প্ৰতিষ্ঠাৰ স্বাৰ্থত নিজৰ মাটিৰ পৰা উচ্ছেদ কৰি আন ঠাইলৈ বা লেবাৰ কেম্পৰ নামত চলি থকা কাৰাগাৰলৈ স্থানান্তৰিত কৰা হৈছিল৷ চীনে তিব্বতীসকল তথা উইঘুৰ সংখ্যালঘুসকলৰ ওপৰত কৰা অত্যাচাৰৰ এতিয়াও অন্ত পৰা নাই৷ আমেৰিকাই ৰেড ইণ্ডিয়ানৰ ওপৰত, অষ্ট্ৰেলিয়া আৰু নিউজীলেণ্ডৰ ঔপনিৱেশিক শাসকে আদিবাসীৰ ওপৰত, তুৰ্কসকলে আৰ্মেনিয়ানৰ ওপৰত,  ইউৰোপৰ বিভিন্ন দেশৰ শাসকে সংখ্যালঘু ইহুদীৰ ওপৰত কৰা অত্যাচাৰৰ কাহিনীৰে বুৰঞ্জী ভৰি আছে৷ স্কটলেণ্ডক স্কটিচসকলে, আয়াৰলেণ্ডৰ আইৰিছসকলে, স্পেইনৰ বাস্কসকলকে ধৰি বহু ঠাইৰ বহু ক্ষুদ্ৰ জাতিয়ে নিজৰ অধিকাৰ আৰু স্বকীয়তা ৰক্ষাৰ বাবে যঁুজি আছে৷ কাশ্মীৰীৰ প্ৰতি বিশেষ দৰদ দেখুওৱা পাকিস্তানে নিজৰ বেলুচিস্তান প্ৰদেশৰ সংখ্যালঘু বেলুচিসকলৰ ওপৰত এতিয়াও নৃশংস অত্যাচাৰ চলাই আছে৷ ভাৰতৰ সংসদত যেতিয়া কাশ্মীৰৰ ভাগ্য নিয়ন্ত্ৰণ হৈ আছিল, তেতিয়া কাশ্মীৰৰ সদস্য দুজনক ভাৰতৰ সংবিধান ফালি পেলোৱাৰ বাবে বহিষ্কাৰ কৰাৰ পাছত, সংসদত কাশ্মীৰৰ কোনো প্ৰতিনিধি নাছিল৷ সংবিধানৰ ৩৭০ অনুচ্ছেদে যিদৰে কাশ্মীৰক বিশেষ অধিকাৰ দিছিল, সেইদৰে ৩৭১এ আৰু ৩৭১এফ অনুচ্ছেদেৰে ক্ৰমে নাগালেণ্ড আৰু ছিকিমক বিশেষ সাংবিধানিক মৰ্যাদা দিয়া হৈছে৷ বিজেপিয়ে নাগালেণ্ডকো ‘হিন্দুত্ব’ৰ সাঁচত ঢালিবলৈ চেষ্টা নকৰিব বুলিয়েই সকলোৱে আশা কৰিছে৷ বিজেপিৰ বাবে হিন্দুত্বই হ’ল ভাৰতীয়ত্ব৷ কাশ্মীৰৰ জনসাধাৰণে ভাৰতৰ অংগ হোৱাৰ দিন ধৰি তেওঁলোকৰ সুকীয়া ‘কাশ্মীৰীয়ত’অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা চলাইছে৷ এই ‘কাশ্মীৰীয়ত’ৰ সমৰ্থকসকল হ’ল কাশ্মীৰী মুছলমান, গতিকে আৰএছএছৰ ‘হিন্দুত্ব’ৰ স’তে ‘কাশ্মীৰীয়ত’ৰ সংঘাত হোৱাটো স্বাভাৱিক৷ হিন্দুত্বৰ সমৰ্থকসকলে ৰাষ্ট্ৰ ক্ষমতা দখল কৰাত ‘কাশ্মীৰীয়ত’সংকটৰ সমুখীন হৈছে৷ যি সময়ত কাশ্মীৰৰ বিশেষ সাংবিধানিক অধিকাৰ খাৰিজ কৰা হ’ল, সেই সময়তে অসমীয়াই [খিলঞ্জীয়াই?] বিজেপি চৰকাৰে আমাক বিশেষ সাংবিধানিক অধিকাৰ দি আমাৰ অস্তিত্ব সুৰক্ষিত কৰিব বুলি আশা কৰিছে৷ মাজে মাজে ইতিমধ্যে মৃত্যু হোৱা অসম চুক্তিৰ শৰাধ-সোঁৱৰণী সভা পাতিছে, কমাত থকা এনআৰচিক মৃত্যুশয্যাত দেখা কৰিছে আৰু নিৰুদ্দেশ হোৱা ৬নং দফা কমিটীৰ ফাইলটোক লৈ ৰহস্য কাহিনীৰ দৰে মনোৰম ৰহস্য কাহিনী শুনিছে৷ চৰকাৰে কাশ্মীৰীসকলৰ বিশেষ সাংবিধানিক অধিকাৰ খাৰিজ কৰাৰ সময়ত এজন বড়ো নেতাই বড়োৰ অধিকাৰ প্ৰতিষ্ঠাৰ এটা সুযোগ দেখা পাইছিল৷ তেওঁ দাবী কৰিছিল যে বডোৰ বাবে এটা কেন্দ্ৰীয়শাসিত অঞ্চল গঠন কৰা হওক৷ কাশ্মীৰীসকলৰ বাবে নিজৰ বিশেষ সাংবিধানিক অধিকাৰ থকা ৰাজ্যখন এখন কেন্দ্ৰীয়শাসিত প্ৰদেশলৈ অৱনমিত কৰাটো এটা অপমানজনক সিদ্ধান্ত, কিন্তু একে সময়তে বড়োসকলৰ বাবে নিজৰ বাবে এখন কেন্দ্ৰীয়শাসিত অঞ্চল পাব পৰাটো এটা বৃহৎ ৰাজনৈতিক বিজয়৷ এয়াই ভাৰতৰ বিচিত্ৰতা৷ এনে এখন বিচিত্ৰ দেশত সকলোকে ক্ষমতাৰ জোৰত একেটা সাঁচতে ঢালিবলৈ গ’লে সি ভৱিষ্যতে অলেখ অপ্ৰয়োজনীয় জটিলতাৰ সৃষ্টি কৰিব৷