Logo
image

ট্ৰেফিক নিয়ন্ত্ৰণ

পহিলা এপ্ৰিলৰ পৰা দিল্লী পৰিবহণ নিগমৰ বাছ আৰু মালবাহী যান-বাহনৰ বাবে নতুন নিয়মৰ কথা ঘোষণা কৰিছে৷ এই ঘোষণা উক্ত গাড়ীবোৰ চলিবলগীয়া‘লেন’সম্পৰ্কীয়৷ বাছ আৰু মালবাহী যান-বাহনসমূহে যদি নিৰ্ধাৰিত লেনৰ সীমা ভংগ কৰি চলাচল কৰে,তেন্তে দহ হাজাৰ টকাৰ জৰিমনা ভৰিব লাগিব৷ একেখন গাড়ীয়ে দ্বিতীয়বাৰ নিয়ম ভংগ কৰিলে গাড়ীৰ বিৰুদ্ধে মোকৰ্দমা তৰিব পৰা যাব৷ তৃতীয়বাৰ ভংগ কৰিলে গাড়ীচালকৰ লাইচেন্স বাতিল কৰা হ’ব আৰু চতুৰ্থবাৰ নিয়ম ভাঙিলে গাড়ীৰ‘পাৰ্মিট’বাতিল কৰা হ’ব৷ চৰকাৰে প্ৰথমতে দিল্লীৰ পোন্ধৰটা পথত এই নিয়ম লাগু কৰিছে আৰু সৰ্বসাধাৰণে গোচৰ দিব পৰাকৈ ‘ৱাটছ্‌এপ’নম্বৰ এটা দিয়াৰ কথাও ঘোষণা কৰিছে, যিটোৰ জৰিয়তে অভিযোগ তথা নিয়ম ভংগ কৰা গাড়ীৰ ভিডিঅ’প্ৰস্তুত কৰি সৰ্বসাধাৰণে চৰকাৰলৈ পঠিয়াব পাৰিব৷ দিল্লী পৰিবহণ নিগম আৰু দিল্লী ট্ৰেফিক পুলিচে যুটীয়াভাৱে এই অভিযান কাৰ্যকৰী কৰিব৷ দিল্লীৰ দৰে সদাব্যস্ত ঠাই এখনত যান-বাহনৰ চলাচল যদি নিয়ন্ত্ৰিত নহয়, তেন্তে সকলো শ্ৰেণীৰ মানুহৰ বাবে সমস্যাৰ সৃষ্টি হয়৷ তেনেস্থলত দিল্লী চৰকাৰৰ এই পদক্ষেপ নিঃসন্দেহে প্ৰশংসনীয় তথা অনুকৰণীয়৷ এইক্ষেত্ৰত অসম চৰকাৰেও কিছু ব্যৱস্থা হাতত লোৱা পৰিলক্ষিত হয়৷ দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে বিভিন্ন উপলক্ষত সুৰাপায়ীয়ে যাতে গাড়ী নচলায় তাৰ বাবে ঠায়ে ঠায়ে নিৰীক্ষণ চকীৰ ব্যৱস্থা কৰিছে৷ দুচকীয়া বাহনত চলাচল কৰাসকলৰ বাবে‘হেলমেট’পৰিধান কৰাটো বাধ্যতামূলক কৰিছে৷ এইক্ষেত্ৰত জনসাধাৰণেও সহযোগিতা কৰা পৰিলক্ষিত হৈছে৷ বিশেষকৈ, গুৱাহাটী মহানগৰীত দুচকীয়া বাহনত চলাচল কৰা দুয়োজন আৰোহীকেই হেলমেট পিন্ধা দেখা যায়৷ কিন্তু, গুৱাহাটী মহানগৰীৰ বিভিন্ন পথত চলা চিটীবাছসমূহৰ দৌৰাত্ম্য এতিয়াও চৰকাৰে নিয়ন্ত্ৰণ কৰিব পৰা নাই৷ চিটীবাছসমূহৰ মাজত সকলো সময়তে এটা অঘোষিত প্ৰতিযোগিতা যেন চলি থাকে৷ কোনে কিমান বেছি যাত্ৰী উঠাব পাৰিব তাকে লৈ এই প্ৰতিযোগিতা৷ ফলত বাছ এখনে এটা ষ্টপেজ এৰাৰ আগতেই পিছপিনে দুই-তিনিখন বাছ শাৰী পাতি লয়৷ কেতিয়াবা আগৰখনক চেৰাই পিছৰখনে আগবাঢ়িবলৈ লয় আৰু এক নিয়মত চলি থকা পিছৰ যান-বাহনবোৰ ৰৈ দিবলগীয়া হয়৷ এই বাছসমূহ নিৰ্ধাৰিত আস্থানতকৈ আগতেই ৰৈ যায় আৰু ওৰে বাটে যেতিয়াই কোনো যাত্ৰীক দেখে বাছ ৰখাই উঠাই লয়৷ ব্যক্তিগত মালিকানাৰ লগতে চৰকাৰৰ পৰিবহণ নিগমৰ বাছবোৰো এইক্ষেত্ৰত সমানেই ‘যুদ্ধংদেহি’মনোভাবৰ৷ মুঠ কথাত এই বাছবোৰৰ ক্ষেত্ৰত এক পৰিশীলিত নিয়মৰ অভাৱ সততেই পৰিলক্ষিত হয়৷ একেদৰে, সৰু সৰু মালবাহী যান-বাহনসমূহৰ ক্ষেত্ৰতো অনেক বিশৃংখলতা দেখিবলৈ পোৱা যায়৷ আকৌ, কম দূৰত্বৰ যাত্ৰীক অনা-নিয়া কৰা ট্ৰেকাৰবোৰৰ অতপালিৰ কথা ৰাজহুৱাভাৱে চৰ্চিত হৈয়েই থাকে৷ মুঠৰ ওপৰত নতুন নতুন চালে চকুৰোৱা ফ্লাই-অ’ভাৰ, ফুট-ব্ৰীজ, ফুট-পাথ আদিৰ মাজত দুচকীয়া, তিনিচকীয়া, চাৰিচকীয়া সৰু-বৰ যান-বাহনবোৰৰ নিয়ম-কানুন নমনা উচ্ছৃংখল চলাচলবোৰ কোনোপধ্যেই খাপ নাখায়৷ চৰকাৰে যান-বাহনৰ ক্ষেত্ৰত যিবোৰ নিয়ম বান্ধি দিছে, সেইবোৰ ভংগ কৰিবলৈও অনেকে কেৰেপকেই নকৰে৷ দিল্লীৰ দৰে অসম চৰকাৰেও এই নিয়ম ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে৷ এখন ঠাইৰ ট্ৰেফিক ব্যৱস্থাই সেই ঠাইখনৰ প্ৰশাসনৰ প্ৰতিচ্ছবি দাঙি ধৰে৷ কঠোৰভাৱে ট্ৰেফিক নিয়মাৱলী কাৰ্যকৰী কৰি চৰকাৰে সু-প্ৰশাসন নিশ্চিত কৰক৷