Logo
image

এনকাউণ্টাৰক সমৰ্থন মুখ্যমন্ত্ৰীৰ

গোৱালপাৰাত ৩ দুৰ্বৃত্ত নিহত

আমাৰ অসম, ৩ এপ্ৰিলঃ জিম্মাত থকা অভিযুক্তৰ বিৰুদ্ধে অসম আৰক্ষীৰ এনকাউণ্টাৰ অব্যাহত আছে৷ আৰক্ষীৰ এনকাউণ্টাৰক লৈ বিভিন্নজনে প্ৰশ্ন কৰিলেও কেৰেপ নকৰে চৰকাৰ তথা মুখ্যমন্ত্ৰীয়ে৷ পূৰ্বৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি শুকুৰবাৰেও আৰক্ষীয়ে গোৱালপাৰাত আৰু কোকৰাঝাৰত এনকাউণ্টাৰত ৪জনক গুলীয়াই হত্যা কৰাৰ লগতে শোণিতপুৰতো ২ জন উগ্ৰপন্থীক গুলীয়াই আহত কৰে৷ ইপিনে শুকুৰবাৰে নিশা মৰাণ থানাৰ ফটিকাচোৱা নেপালী গাঁৱত বাইক চেৰেলৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰে৷ আৰক্ষীৰ অস্ত্ৰৰ এনে ঝনঝননিৰ মাজতে অসম আৰক্ষীৰ এনকাউণ্টাৰ চৰ্চাত থাকিব লাগে বুলিহে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ শনিবাৰে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই কয়–‘অসম আৰক্ষীৰ এনকাউণ্টাৰ খবৰ প্ৰচাৰ হ’ব লাগে৷ যাতে অসমত অপৰাধ কৰিলে কোনেও বাছি যাব নোৱাৰে সেই খবৰ চৰ্চা হ’ব লাগে৷ এনে বাৰ্তা প্ৰচাৰ হ’লেহে মানুহে অপৰাধ কৰিবলৈ ভয় কৰিব, অৰ্থাৎ এই বক্তব্যত মুখ্যমন্ত্ৰীয়ে পৰোক্ষ সমৰ্থনৰে এনকাউণ্টাৰ অব্যাহত ৰখাৰ ইংগিত দিয়া দেখা যায়৷ উল্লেখ্য, গোৱালপাৰাত শুকুৰবাৰে নিশা সংঘটিত এনকাউণ্টাৰত ছাহজাহান আলী, সুজল আৰু নজমুল হক নামৰ তিনিটা ডকাইতৰ মৃত্যু হয়৷ তামোলৰ গাড়ীত ডকাইতিৰ চেষ্টা চলাওঁতেই আৰক্ষীয়ে সংঘৰ্ষ হৈছিল তিনি ডকাইতৰ৷ সদ্যসমাপ্ত অসম বিধান সভা অধিৱেশনত গৃহ বিভাগে বিগত বৰ্ষৰ ৰ জুনৰ পৰা ৩ ডিচেম্বৰত অসম আৰক্ষীৰ এনকাউণ্টাৰত ১২ জন অভিযুক্তৰ মৃত্যু আৰু ৪৯ জন অভিযুক্ত আঘাতপ্ৰাপ্ত হোৱা বুলি তথ্য দাখিল কৰিছিল৷