ঘোঁৰা বেচা-কিনাই ভূলুণ্ঠিত কৰিছে গণতান্ত্ৰিক ভাৱধাৰাৰ
এইবাৰ ৰাজ্যসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বেছ কিছুদিন আগতেই বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ কেইবাজনো মন্ত্ৰীকে ধৰি একাংশ বিজেপি বিধায়কে মিত্ৰজোঁটে প্ৰক্ষেপ কৰা দুয়োজন প্ৰাৰ্থীৰে বিজয় নিশ্চিত বুলি সদম্ভে ঘোষণা কৰিছিল৷ স্বয়ং মুখ্যমন্ত্ৰীয়েও একে সুৰতে কৈছিল৷ যদিওবা সংখ্যাৰ দিশৰ পৰা মিত্ৰজোঁটৰ দ্বিতীয় পছন্দৰ প্ৰাৰ্থীজনক জিকোৱাটো একপ্ৰকাৰ অসম্ভৱ আছিল তথাপি‘ঘোঁৰা’কিনা-বেচাৰ খেলত মিত্ৰজোঁটৰ দ্বিতীয়জন প্ৰাৰ্থীয়ে হেলাৰঙে ৰাজ্যসভাৰ আসনখন জিকিবলৈ সক্ষম হ’ল৷ কংগ্ৰেছৰ ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে মুকলিকৈয়ে বিজেপি তথা মিত্ৰজোঁটক ভোট দিছে বুলি কোৱাৰ বিপৰীতে কংগ্ৰেছৰ আন এজন বিধায়ক ছিদ্দিক আহমেদে ভোট প্ৰদানৰ প্ৰশিক্ষণ পোৱাৰ পাছতো বেলটত ‘১’ৰ পৰিৱৰ্তে 'One'লিখি মিত্ৰজোঁটৰ দ্বিতীয়জন প্ৰাৰ্থীক জিকোৱাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিলে৷ কংগ্ৰেছৰ দুজনৰ লগতে সংবাদ মাধ্যমত প্ৰকাশ কৰা মতে এআইইউডিএফৰো জ্জজন বিৰোধী মিত্ৰতাৰ ফোঁপোলা স্বৰূপক প্ৰতিপন্ন কৰি মিত্ৰজোঁটৰ পক্ষে ভোটদান কৰাৰ বাবে ‘অসম্ভৱ’অতি সহজে‘সম্ভৱ’হ’ল৷ আদৰ্শগত দিশৰ পৰা সম্পূৰ্ণ বিপৰীত মেৰুত অৱস্থান কৰা আন দুটা ৰাজনৈতিক দলৰ বহুকেইজন সন্মানীয় বিধায়কে বিবেকৰ তাড়নাত [যদিওবা শাসনাধিষ্ঠ চৰকাৰৰ মন্ত্ৰী-বিধায়কে বিবেকৰ আহ্বান মৰ্মে বিৰোধী দলৰ সদস্যই শাসকীয় দলৰ পক্ষে ভোটদান কৰিছে বুলি কৈছে] বিৰোধীক ভোট দিয়া যে নাই, সেই কথা অবোধ লোকেও নজনাকৈ থকা নাই৷ ফলাফল ঘোষণাৰ পাছত গোমৰ ফাঁক ওলাই যোৱাৰ পাছত এতিয়া মিত্ৰজোঁটক ভোট দিয়াসকলৰ লগতে একাংশ দলীয় নেতা বনাম কংগ্ৰেছ দল, ৰাইজৰ দল, চি পি এমৰ মাজত আৰম্ভ হৈছে বোকা ছটিওৱাৰ অন্য খেল৷ কোনোৱে ঘোঁৰা বেচা-কিনাৰ খেলত গণতন্ত্ৰৰ বিপৰ্যয় হৈছে বুলি খেদ প্ৰকাশ কৰিছে, কোনোৱে আকৌ মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগত আদালতৰ দ্বাৰস্থ হোৱাৰো হুমকি দিছে৷ শাসনাধিষ্ঠ চৰকাৰৰ নেতা-মন্ত্ৰীয়ে বিৰোধী ঐক্য থানবান কৰাত পুনৰবাৰ সফল হৈ আনন্দোৎসৱ পালন কৰিছে৷ মুঠতে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছৰ পৰাই নাটকৰ আখৰা আৰম্ভ হৈছিল৷ সমস্যা হৈছিল– কোনে কি ভাও ল’ব সময় যে তাকৰ৷ আখৰাত অংশগ্ৰহণ কৰা অভিনেতাসকলৰ ‘ভাও’ নাটকৰ দিনা যাতে সঠিক হয় তাৰ বাবে মুখ্য পৰিচালকজনে পূৰ্ণ প্ৰচেষ্টা চলাইছিল৷ দক্ষ পৰিচালকৰ সঠিক পৰিচালনাত আৰু পৰিচালনা সহযোগীসকলৰ সক্ৰিয় সহযোগিতাত ভবামতেই নাটকখন পৰিৱেশিত হ’ল৷ নাটকখনত অভিনয় কৰাসকলেও পৰিচালকৰ নিৰ্দেশ নতশিৰে মানি অভিনয় কৰিলে৷ এতিয়া নাটক শেষ হ’ল যদিও একাংশ অভিনেতাই অভিনয় এৰি দিয়া নাই৷ ৰাইজেও নাটকৰ পিছৰ ‘নাটক’খন চাই বেছ আমোদ পাইছে৷ ৰাজ্যসভাৰ সাংসদৰ বাবে চলা এই নাটকখনক লৈ আৰু কেইদিনমানলৈ হৈ চৈ থাকিব৷ পৰস্পৰে পৰস্পৰক দোষাৰোপ কৰিব৷ সংবাদ মাধ্যমত বাতৰি পৰিৱেশন হ’ব৷ ক্ৰমান্বয়ে সকলোবোৰ পাহৰণিৰ গৰ্ভত বিলীন হ’ব৷ আৰম্ভ হ’ব আন নতুন নাটকক্ক এয়া অৱশ্যে অসমৰ ৰাজনীতিত আৰম্ভ হোৱা বহু বছৰ হৈ গ’ল৷ কংগ্ৰেছৰ জয়জয়-ময়ময় অৱস্থা অসমত চলি থকাৰ সময়ছোৱাত ৰাজ্যসভাৰ নিৰ্বাচনত দ্বিতীয় বা তৃতীয় প্ৰাৰ্থীজনক জিকোৱাৰ বাবে ‘সন্মানীয়’ বিধায়কক হোটেলৰ কোঠাত বন্দী কৰি ৰখা হৈছিল৷ ভোটদানৰ বাবে তেনে কেইবাজনো বিৰোধী দলৰ বিধায়কক সেই সময়ৰ শাসনাধিষ্ঠ চৰকাৰৰ মন্ত্ৰীয়ে গাড়ীত বহুৱাই বিধানসভা কক্ষলৈ লৈ অনাৰ দৃশ্য আজিও বহুতেই পাহৰা নাই৷ কোৱা বাহুল্য এনে কাৰ্য কেৱল অসমতে নহয়, দেশৰ প্ৰায় প্ৰতিখন ৰাজ্যতে এনে কাৰ্য চলি আছিল, চলি আছে, চলি থাকিবও৷ ৰাজনীতিত জড়িত লোকৰ বিভিন্ন দিশত স্বাৰ্থ নিহিত থাকে৷ সাধাৰণ ৰাইজক আভুৱাভাৰি বহু মন্ত্ৰী-নেতাই ধৰ্ম, জাত-পাত, গোষ্ঠী, ভাষা, আঞ্চলিকতাবাদ আদিক লৈ ৰাজনীতি কৰে আৰু মন্ত্ৰী-নেতা হয়৷ সেই স্বাৰ্থ পূৰণৰ পাছত আন স্বাৰ্থ পূৰণৰ বাবে প্ৰয়োজন সাপেক্ষে একাংশ নেতা-বিধায়কে ‘ঘোঁৰা’হ’বলৈ কুণ্ঠাবোধ নকৰে৷ সেই সময়ত ৰাজনৈতিক মতাদৰ্শ, মূল্যবোধ সকলোবোৰ বিসৰ্জন দি বিপক্ষৰ স্বাৰ্থ পূৰণ কৰি নিজৰ স্বাৰ্থ পূৰণৰ পথো প্ৰশস্ত কৰে৷ সময়ৰ লগে লগে তেনে লোকৰ সংখ্যা বৃদ্ধি পাই গৈ আছে৷ সেই কাৰণতে বিৰোধী পক্ষৰ ৯টাকৈ ভোট মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে লাভ কৰি এইবাৰ অসমৰ ৰাজ্যসভাৰ নিৰ্বাচনত বিজয় সাব্যস্ত কৰিলে৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে বিজেপি নেতৃত্বাধীন দ্বিতীয়খন চৰকাৰৰ দিনত ড্ৰাগ, বিভিন্ন ছিণ্ডিকেট, ধৰ্ষণ-বলাৎকাৰ, অপহৰণকে ধৰি বিভিন্ন অপৰাধজনিত ঘটনাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ চৰকাৰী আঁচনি ৰূপায়ণ, সু-প্ৰশাসন আদিৰ বাবেও বহু নতুন পদক্ষেপ লোৱা হৈছে৷ ৰাইজে এনে কেতবোৰ সংস্কাৰমূলক পদক্ষেপৰ প্ৰতি ইতিবাচক দৃষ্টিভংগী পোষণ কৰাৰ সময়ত ৰাজ্যসভা নিৰ্বাচনৰ সময়ত হোৱা কাণ্ড-কাৰখানাসমূহে এক পৰিপন্থী যাত্ৰাৰহে ইংগিত বহন কৰে৷ তথ্য-প্ৰযুক্তিৰ ব্যাপক প্ৰয়োগৰ বাবে বা সামাজিক মাধ্যমৰ প্ৰসাৰতাৰ বাবে ৰাজ্যসভাক লৈ চলা নাটকবোৰ মানুহৰ হাতে হাতে সহজলভ্য হৈ পৰিছে৷ ঘোঁৰা কিনা-বেচা, ঘোঁৰা ঘূণীয়া কৰা আদিবোৰে সাময়িক সাফল্য আনিলেও সামগ্ৰিকভাৱে ৰাজনৈতিক ব্যৱস্থাবোৰৰ ক্ষতিসাধন কৰে৷






