ৰাজ্যসভাৰ নিৰ্বাচন কোন কাৰ শত্ৰু
ৰাজ্যসভাৰ হাইভল্টেজ নিৰ্বাচন শেষ হ’ল৷ বিধবস্ত হৈ পৰিল বিৰোধী শিবিৰ৷ ঐক্যবদ্ধ বিৰোধী হঠাৎ দুই ভাগত বিভক্ত হৈ পৰিল৷ ৰাজনৈতিক দৃষ্টিকোণৰ পৰা চাবলৈ গ’লে বিৰোধী শিবিৰৰ উমৈহতীয়া শত্ৰু আছিল বিজেপি আৰু ইয়াৰ মিত্ৰদলসমূহ৷ ধৰ্মনিৰপেক্ষ ৰক্ষাৰ নামত আৰু অপশাসনৰ বিৰুদ্ধে বিজেপিৰ বিৰুদ্ধে বিধানসভাৰ বিগত নিৰ্বাচনৰ সময়ৰে পৰা জোঁটবন্ধনত আবদ্ধ হৈছিল কংগ্ৰেছ আৰু এ আই ইউ ডি এফ৷ বিধানসভাৰ নিৰ্বাচন ঠিকে চলি গ’ল মিত্ৰতাত কোনোধৰণৰ আউল নলগাকৈ৷ কিন্তু নিৰ্বাচিত বিৰোধী শিবিৰ অভাৱনীয়ভাৱে মুখথেকেচা খোৱাৰ পাছত প্ৰদেশ কংগ্ৰেছত নেতৃত্বৰ পট পৰিৱৰ্তন হ’ল৷ প্ৰদেশ কংগ্ৰেছৰ নতুন নেতৃত্বই এ আই ইউ ডি এফৰ মিত্ৰতা ভংগৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ কিছুদিন আগলৈ পৰম মিত্ৰ হৈ থকা দল দুটাই ক্ৰমাৎ পৰস্পৰৰ বিৰুদ্ধে আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে৷ এনে সময়ত আহি গ’ল ৰাজ্যসভাৰ নিৰ্বাচন৷ সংখ্যাৰ ফালৰ পৰা চাবলৈ গ’লে ৰাজ্যসভাৰ খালী হ’বলগীয়া দুখন আসনৰ এখন শাসকীয় পক্ষই আৰু দ্বিতীয়খন বিৰোধী পক্ষই লাভ কৰিব লাগে৷ ৰাজনৈতিক বাধ্যবাধকতাৰ ফলত কংগ্ৰেছ আৰু এ আই ইউ ডি এফ পুনৰ একত্ৰিত হ’ল বাহ্যিকভাৱে৷ আভ্যন্তৰীণভাৱে কিন্তু দুয়োটা দলৰ নেতৃত্বৰ মাজত চলি থকা তিক্ততাপূৰ্ণ সম্পৰ্ক অব্যাহত থাকিল৷ যাৰ ফলত সংখ্যা নথকাৰ পাছতো শাসকীয় দলে দ্বিতীয়খন আসনো অনায়াসে দখল কৰিবলৈ সক্ষম হয়৷ হাতত সংখ্যা থকাৰ পাছতো বিৰোধী শিবিৰে দ্বিতীয়খন আসন দখল কৰাত ব্যৰ্থ হ’ল৷ এইবাৰৰ নিৰ্বাচনত বিজেপি দলে কেৱল ৰাজ্যসভাৰ দুখন আসন দখল কৰাই নহয় বিৰোধী শিবিৰক তচনচ কৰাৰ ক্ষেত্ৰতো সফল হ’ল৷ বিজেপি বিৰোধিতাকে মূল লক্ষ্য হিচাপে লৈ মিত্ৰতাত আবদ্ধ হোৱা কংগ্ৰেছ আৰু এ আই ইউ ডি এফে বিজেপিক এৰি পৰস্পৰৰ মূল শত্ৰু হৈ পৰে৷ মিত্ৰতাৰ চিন-চাব নাইকিয়া হৈ দুয়োটা দলে বিজেপিক এৰি ইজনে-সিজনৰ মূল শত্ৰুৰ ভূমিকাত অৱতীৰ্ণ হয়৷ নিৰ্বাচনৰ সমগ্ৰ সময়ছোৱা কংগ্ৰেছে এ আই ইউ ডি এফৰে আৰু এ আই ইউ ডি এফে কংগ্ৰেছক যিমান আক্ৰমণ আৰু সমালোচনা কৰিলে, তাৰ এক অংশও বিজেপিৰ বিৰুদ্ধে মাত মতা দেখা নগ’ল৷ দুয়োটা দলৰ উমৈহতীয়া শত্ৰু বিজেপিক প্ৰতিহত কৰাৰ বাবে ৰণকৌশল প্ৰস্তুতৰ পৰিৱৰ্তে দল দুটাৰ নেতৃত্বই পৰস্পৰৰ বিৰুদ্ধেহে ৰণকৌশল ৰচনাত অধিক শক্তি আৰু সময় ব্যৱহাৰ কৰে৷ দ্বিতীয়খন আসন নিজৰ দখলত ৰখাৰ ক্ষেত্ৰত চেষ্টা কৰাৰ বিষয়টো গৌণ হৈ পৰে আৰু আক্ৰমণ-প্ৰত্যাক্ৰমণহে মুখ্য বিষয় হৈ পৰে৷ দুয়োটা মিত্ৰ দলৰ ইজনে-সিজনক হিয়া উজাৰি গালি পাৰিলে৷ ক্ষোভ উজাৰিলে৷ আৰু অৱধাৰিতভাৱেই বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী ৰিপুণ বৰা ভোটৰ অংকত পৰাজিত হ’বলগীয়া হয়৷ বিৰোধীৰ এই পৰাজয় যেন সম্পূৰ্ণৰূপে ইচ্ছাকৃত আছিল৷ ৰাজ্যসভাৰ দুয়োখন আসন বিজেপিৰ হাতত তুলি দিয়াৰ বাবে যেন উদ্বাউল হৈ পৰিছিল কংগ্ৰেছ আৰু এ আই ইউ ডি এফ৷ দলটোৰ কৰ্মকাণ্ডৰ পৰা এইটোৱে প্ৰমাণ হ’ল৷ বিজেপি যি সময়ত দ্বিতীয়খন আসন দখলৰ বাবে ৰণনীতি প্ৰস্তুতত ব্যস্ত আছিল, সেই সময়ত কংগ্ৰেছ-এ আই ইউ ডি এফ ব্যস্ত আছিল পৰস্পৰৰ শত্ৰুতাক অধিক সুদৃঢ় কৰাত৷ কংগ্ৰেছৰ লগত আৰু কেতিয়াও মিত্ৰতা নকৰে বুলি ইতিমধ্যে স্পষ্ট ঘোষণা কৰিছে আজমল বাহিনীয়ে৷ যিহেতু বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীজন কংগ্ৰেছ দলৰ আছিল, সেয়ে দলটোৱে নিজৰ প্ৰাৰ্থীজনক জয়ী কৰোৱাৰ ক্ষেত্ৰত বুদ্ধিমত্তা, আন্তৰিকতা আৰু ৰাজনৈতিক সততা-দক্ষতাৰ পৰিচয় দিব লাগিছিল৷ কিন্তু কংগ্ৰেছৰ ৰাজ্যিক নেতৃত্বই এইক্ষেত্ৰত চূড়ান্ত অপৰিপক্বতাৰহে পৰিচয় দিলে নিজৰ কাৰ্যৰ দ্বাৰা৷ কংগ্ৰেছ দলৰ এই ব্যৰ্থতা দলটোৰ বাবে সুদূৰপ্ৰসাৰী হ’ব৷ ৰাজনৈতিকভাৱে লাভৱান হ’ব বিজেপি আৰু এ আই ইউ ডি এফ৷






