Logo
image

অসম বন্ধৰ আহ্বান জনালে মাওবাদীয়ে

কাঞ্চনদাৰে সম্পৰ্ক বিচাৰি ‘নিয়া’ৰ তদন্ত

আমাৰ অসম,৫ এপ্ৰিলঃ চি পি আই [মাওইষ্ট]ৰ শীৰ্ষ নেতা কাঞ্চন দা ওৰফে অৰুণ কুমাৰ ভট্টাচাৰ্যক গ্ৰেপ্তাৰৰ পাছতেই ৰাজ্যজুৰি মাওবাদীৰ নেটৱৰ্কৰ সন্ধানত নামি পৰিছে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ নিয়া৷ কাঞ্চন দা সৈতে সম্পৰ্ক ৰক্ষা কৰা লোকৰ সন্ধানত নিয়াই অভিযান চলালেও এই মুহূৰ্তলৈ বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাই কেন্দ্ৰীয় সংস্থাটো৷ অৱশ্যে মাওবাদীৰ হৈ কাম কৰা ৰীমা ওৰাং ওৰফে সৰস্বতী নামৰ এগৰাকী মহিলা সদস্যাক দেওবাৰে ডিব্ৰুগড়ৰ পৰা গ্ৰেপ্তাৰ কৰে নিয়াই৷ লক্ষণীয়ভাৱে নিয়াই দেওবাৰৰ পৰা মাওবাদীৰ শিপাৰ সন্ধানত বৰাকৰ দুখন জিলাৰ লগতে ধুবুৰী আৰু ডিব্ৰুড়ৰ ১৭টা স্থানত তালাচী চলায়৷ এই অভিযানত বিশেষ সফলতা লাভ নকৰিলে নিয়াই৷ কৰিমগঞ্জত মাওবাদী সন্দেহত ৰাজু ওৰাং আৰু পিংকি ওৰাং নামৰ স্বামী-স্ত্ৰীক আটক কৰিছিল যদিও বিশেষ তথ্য প্ৰমাণ লাভ কৰিবলৈ সক্ষম হোৱা নাই তদন্তকাৰী সংস্থাটো৷ ইপিনে সোমবাৰে নিয়াৰ এটা দলে কাছাৰ জিলাৰ উদাৰবন্দৰৰ পৰা মনোজ ওৰাং নামৰ এজন যুৱককো আটক কৰিছিল যদিও প্ৰমাণৰ অভাৱত যুৱকজনক এৰি দিবলৈ বাধ্য হয়৷ কাঞ্চন দাৰ নেটৱৰ্কৰ সন্ধানত নিয়াই অভিযান চলাই থকাৰ মাজতে প্ৰথমবাৰলৈ অসম বন্ধৰ আহ্বান জনাইছে মাওবাদীয়ে৷ চি পি আই [মাওইষ্ট]ৰ কেন্দ্ৰীয় সমিতিৰ শীৰ্ষ নেতাজনক ৰাজনৈতিক বন্দী মৰ্যদা দি বিনা চৰ্তে মুক্তি দিয়াৰ দাবীত অসমকে ধৰি চাৰি ৰাজ্যত মঙলবাৰে ২৪ ঘণ্টীয়া বন্ধ ঘোষণা কৰিছে নক্সালবাদীয়ে৷ অৰুণ কুমাৰ ভট্টাচাৰ্য্য ওৰফে কাঞ্চন দাক গ্ৰেপ্তাৰৰ প্ৰতিবাদত ন’ক্সালবাদীয়ে মঙলবাৰে অসম,পশ্চিমবংগ, বিহাৰ আৰু ঝাৰখণ্ডত ২৪ ঘণ্টীয়া বন্ধ ঘোষণা কৰিছে৷ ৭ মাৰ্চত অসম আৰক্ষীয়ে মাওবাদী নেতা অৰুণ কুমাৰ ভট্টাচাৰ্য্যক কাচাৰ জিলাৰ পৰা গ্ৰেপ্তাৰ কৰিছিল৷ অৰুণ কুমাৰ ভট্টাচাৰ্য্য চিপিআই[এম]ৰ কেন্দ্ৰীয় কমিটি আৰু পূব আঞ্চলিক ব্যুৰোৰ সদস্য হিচাপে আছিল৷ আৰক্ষীয়ে অৰুণ কুমাৰ ভট্টাচাৰ্য্যক জেৰাৰ নামত অমানৱীয় অত্যাচাৰ চলোৱা বুলি মাওলবাদীয়ে অভিযোগ উত্থাপন কৰিছে৷ অৰুণ কুমাৰ ভট্টাচাৰ্য্যক মানসিকভাৱে অত্যাচাৰ কৰাৰ লগতে প্ৰকৃত চিকিৎসাৰ পৰাও বঞ্চিত কৰা বুলি বিদ্ৰোহী সংগঠনটোৱে দাবী কৰে৷ ইয়াৰোপৰি, বিদ্ৰোহী সংগঠনটোৱে অৰুণ কুমাৰ ভট্টাচাৰ্য্যক ৰাজনৈতিক বন্দী হিচাপে ঘোষণা কৰাৰ বাবে দাবী জনোৱাৰ লগতে বিদ্ৰোহী নেতাজনক শীঘ্ৰে বিনাচৰ্তে মুক্তিৰ পোষকতা কৰে৷ অৱশ্যে বিদ্ৰোহী সংগঠনটোৰ  প্ৰভাৱ অসমত কেনেধৰণে পৰে সেয়া হ’ব লক্ষণীয়৷

সোমবাৰে কাছাৰৰ উধাৰবন্দত এন আই এ দলে অভিযান চলোৱা ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ উধাৰবন্দ আৰক্ষী চকীত মনোজ ওৰাং নামৰ এজন যুৱকক জেৰা চলায় দলটোৱে৷ কাছাৰৰ পৰা গ্ৰেপ্তাৰ হোৱা মাওবাদী নেতা কাঞ্চন দা আৰু আকাশ ওৰাঙৰ লগত যোগসূত্ৰ থকাৰ সন্দেহত মনোজ ওৰাঙক আজি জেৰা চলায় এন আই এৰ দলে৷ প্ৰায় ২ ঘণ্টা জেৰাৰ অন্তত মনোজ ওৰাঙক যাবলৈ দিয়া হয় যদিও তেওঁৰ মোবাইল ফোন জব্দ কৰে দলটোৱে৷ মনোজ ওৰাঙৰ ঘৰ উধাৰবন্দ সমষ্টিৰ শুকাছৰাত বুলি জানিব পৰা গৈছে৷ উল্লেখ্য,  মাৰ্চৰ প্ৰথম সপ্তাহত কাছাৰৰ পাতিমাৰা চাহ বাগিচাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল মাওবাদী নেতা কাঞ্চন দাক৷ লগতে কাছাৰৰ কালাইনৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল আকাশ ওৰাঙক৷  এই দুই মাওবাদী নেতা মনোজ ওৰাঙৰ শুকাছৰাৰ বাসগৃহলৈ আহিছিল৷ আৰু খবৰ পাই এন আই এৰ দলে আজি মনোজ ওৰাঙক জেৰা চলায়৷