Logo
image

মূল্যবৃদ্ধিত বিপৰ্যস্ত জনতা

দেশত পৰিৱৰ্তনৰ সপোন দেখুওৱা সপোনৰ সদাগৰ নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনত কংগ্ৰেছে ৬০ বছৰত কৰিব নোৱৰা কাম ৬০ মাহত কৰিব বুলি প্ৰতিশ্ৰুতি দি জনসাধাৰণক‘অচ্ছে দিন’ৰ সপোন দেখুৱাইছিল৷ স্বাধীনতাৰ পিছৰে পৰা ভাৰতৰ জনসাধাৰণৰ অৱস্থা কাহানিও বিজেপিৰ শাসনকালত হোৱাৰ দৰে হোৱা নাছিল৷‘সবকা সাথ সবকা বিকাশ’শ্লোগানেৰে শাসন ক্ষমতা দখল কৰা নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত দেশৰ নাগৰিকে চকুৰে সৰিয়হ ফুল দেখিব লগা হৈছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শাসনকালত ৰন্ধন গেছৰ মূল্য ২০১৪ চনৰ মূল্যতকৈ দুগুণৰো অধিক হৈছে৷ তেনেদৰে পেট্ৰ’ল-ডিজেলৰ দামো ২০১৪১ দামৰ প্ৰায় দুগুণ হৈছে৷ ইন্ধনৰ দামৰ ওপৰত আন সামগ্ৰীৰ দাম নিৰ্ভৰ কৰে৷ কিয়নো বিভিন্ন সামগ্ৰীৰ উৎপাদন,পৰিবহণৰ বাবে ইন্ধনৰ প্ৰয়োজন৷ ইন্ধনৰ বৰ্ধিত মূল্যই সামগ্ৰীৰ উৎপাদন আৰু পৰিবহণ ব্যয় বৃদ্ধি কৰে৷ দেশৰ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিগত বৰ্ষৰ ৪ নৱেম্বৰৰ পৰা দেশত পেট্ৰ’ল-ডিজেলৰ দাম ১৩৭ দিন এটা নিৰ্দিষ্ট নিৰিখত ৰখাত দেশৰ জনসাধাৰণে কিছু সকাহ পাইছিল যদিও সেই ৰাজ্যকেইখনৰ নিৰ্বাচন শেষ হোৱাৰ পাছতেই প্ৰতিদিনে ইন্ধনৰ মূল্য বৃদ্ধি পাইছে৷ বিগত পোন্ধৰ দিনত পেট্ৰ’ল-ডিজেলৰ দাম প্ৰায় ১০ টকা বৃদ্ধি পাইছে৷ ইফালে, ৰন্ধন গেছৰ দামে ১০০০ টকাৰ সীমা পাৰ কৰিছে৷ বিদ্যুৎ মাচুলো বৃদ্ধি হৈছে৷ ইন্ধনৰ মূল্যবৃদ্ধিৰ লগে লগে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম প্ৰতিদিনে ঊধবৰ্মুখী হৈছে৷ কিয়নো দেশৰ জনসাধাৰণৰ প্ৰয়োজনীয় সামগ্ৰীৰ প্ৰায় ৬৪ শতাংশ ট্ৰাকযোগে সৰবৰাহ কৰাৰ বাবে সকলো সামগ্ৰীৰ পৰিবহণ ব্যয়  বৃদ্ধি পাইছে৷ ফলত নিত্য-ব্যৱহাৰ্য সামগ্ৰী,গৃহ নিৰ্মাণ সামগ্ৰীৰ লগতে জীৱনদায়িনী ঔষধসমূহৰো দাম বৃদ্ধি পাইছে৷ সকলো সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিৰ বাবে সৰ্বসাধাৰণ জুৰুলা হৈ পৰিছে৷ উল্লেখ্য, কৰ’না কালত দেশৰ বহুজনে সংস্থাপনহেৰুৱাইছে৷ বহুজনৰ উপাৰ্জন হ্ৰাস পাইছে৷ এনে অৱস্থাত জনসাধাৰণে কিদৰে পৰিয়াল পোহপাল দিব,সেয়া গুৰুতৰ সমস্যা হৈ পৰিছে৷ বিশ্বৰ দ্বিতীয় জনবহুল দেশ ভাৰত নানা সমস্যাৰে জৰ্জৰিত৷ দেশৰ বহু লোকে দুবেলা দুমুঠি যোগাৰ কৰিব নোৱাৰে৷ কৃষিপ্ৰধান দেশখনত কৃষিকৰ্মৰে পৰিয়াল পোহপাল দিব নোৱাৰি কৃষকে আত্মহনন কৰিবলগীয়া হয়৷ অতিবৃষ্টি, অনাবৃষ্টিৰ উপৰি কীট-পতংগৰ বাবেও কৃষকে আশা কৰা ধৰণে শস্য উৎপাদন কৰিব নোৱাৰে৷ এইবোৰৰ লগতে ইন্ধনৰ মূল্যবৃদ্ধিয়ে শস্য উৎপাদনৰ ব্যয় বৃদ্ধি কৰিছে৷ ইউনিচেফৰ ২০১৮ বৰ্ষৰ এক প্ৰতিবেদন অনুসৰি প্ৰতিবছৰে ২৫ লাখ ভাৰতীয়ই খাদ্যৰ অভাৱত মৃত্যুবৰণ কৰে৷ তদুপৰি দেশৰ ২০ কোটি ভাৰতীয়ই খালী পেটে নিশা পাৰ কৰিব লগা হয়৷ আনহাতে,খাদ্য আৰু কৃষি সংস্থাৰ খাদ্য সুৰক্ষা আৰু পুষ্টি প্ৰতিবেদন ২০২০ অনুসৰি ভাৰতৰ ১৮৯.২ নিযুত লোক পুষ্টিহীন৷ এই তথ্য কৰ’না কালৰ পূৰ্বৰ৷ কৰ’না কালত দেশত নিবনুৱাৰ সংখ্যা,উপাৰ্জনহীন লোকৰ সংখ্যা আৰু বৃদ্ধি পালে৷ দেশত যিটো হাৰত সকলো সামগ্ৰীৰ মূল্যবৃদ্ধি হৈছে, এনে অৱস্থাত খাদ্যৰ অভাৱত মৃত্যু হোৱা লোকৰ সংখ্যা আৰু পুষ্টিহীন লোকৰ সংখ্যা নিশ্চয় বৃদ্ধি পাব৷ দেশত দুৰ্ভিক্ষৰ আগজাননী দেখিও কেন্দ্ৰত শাসন ক্ষমতাত থকা মোদী চৰকাৰৰ লগতে অসমৰ শাসন ক্ষমতাত থকা ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে হিতাধিকাৰী সৃষ্টি কৰাতহে গুৰুত্ব আৰোপ কৰিছে৷ ঋণৰ বোজা জনসাধাৰণৰ ওপৰত জাপি অনুৎপাদনমূলক কাৰ্যত ব্যয় কৰি আমাৰ অৱস্থাও শ্ৰীলংকাৰ নিচিনা কৰাৰ ব্যৱস্থা লোৱা নাইনে?জনপ্ৰতিনিধিৰ অপৰিপক্ব নীতিয়ে জনসাধাৰণৰ, বিশেষকৈ দুখীয়া,মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্তৰ অৱস্থা শোচনীয় কৰিব৷ ধাৰত পোত গৈ থকা ৰাজ্য এখনে বিহু পতাৰ নামত কোটি কোটি টকা ৰাজকোষৰ পৰা বিহু সমিতিসমূহক দিয়াৰ যুক্তি আছেনে?মূল্যবৃদ্ধিৰ হ্ৰাস কৰি কিদৰে জনসাধাৰণক সকাহ দিব পৰা যায় তাৰ প্ৰতি ব্যৱস্থা গ্ৰহণহে কৰিব লাগে৷ অনুপাৎদনমূলক কামত ধন ব্যয় কৰাৰ পৰিৱৰ্তে জনতাৰ হাতলৈ ধন অহাৰ পথ সৃষ্টি কৰি কিদৰে ৰাজ্যৰ অৰ্থনৈতিক ভেটি সবল কৰিব পাৰি তাৰ প্ৰতিহে গুৰুত্ব দিয়া উচিত৷ অন্যথা মূল্যবৃদ্ধিয়ে জনসাধাৰণক বিধবস্ত কৰিব৷