Logo
image

মোদীয়েহে জানে!

হাত দাঙি দিলে শাসকপক্ষয়ো

আমাৰ অসম,৮এপ্ৰিলঃ কেৱল বাঢ়িছে আৰু বাঢ়িছে,হোৰাহোৰে বাঢ়িছে৷ সৰ্বস্তৰত হোৱা সৰ্বব্যাপী মূল্যবৃদ্ধিত কোঙা হৈ পৰিছে সৰ্বসাধাৰণৰ জীৱন৷ প্ৰতি নিয়ত পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ সমান্তৰালকৈ বাঢ়িবলৈ ধৰিছে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য৷ অত্যাৱশকীয় ঔষধৰ পৰা দাইল,আলু,চাউল,শাক-পাচলি,বিস্কুটৰ পৰা তীখা তামলৈ,ৰন্ধন গেছৰ পৰা স্নো-পাউদাৰ,চুটকেছলৈকে বজাৰত উপলব্ধ সকলো সামগ্ৰীৰ দাম বাঢ়িছে৷ মূল্যবৃদ্ধি নিয়ন্ত্ৰণত কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হোৱাৰ অভিযোগ তুলি বিভিন্ন দল-সংগঠনে ৰাজপথত সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ৷ কিন্তু ইয়াৰ পিছতো নিলিপ্ত নিৰ্বিকাৰ শাসকপক্ষ৷ মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ চৰম ব্যৰ্থতাক ধিক্কাৰ দি সদৌ অসম ছাত্ৰ সন্থা,কৃষক মুক্তি সংগ্ৰাম সমিতি,ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি,প্ৰদেশ কংগ্ৰেছ,চি পি আই আদি দল-সংগঠনে ৰাজ্য উত্তাল কৰি থকাৰ সময়তে শাসকপক্ষই মূল্যবৃদ্ধিৰ প্ৰসংগত হাত দাঙি ক’লে– ‘কি হ’ব সেয়া মোদীজীহে জানে৷’মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীৰ ভাষ্য এনেধৰণৰ– ‘এই ক্ষেত্ৰত আমি অকলে সিদ্ধান্ত লও তেনেহ’লে এইটো ক্ষুদ্ৰ সিদ্ধান্ত হ’ব৷ দুদিনতে সেই সিদ্ধান্তৰ যিটো মূল সেইটো নোহোৱা হৈ যাব৷ গতিকে যদি দেশৰ লগতে আমি একেলগে সিদ্ধান্ত লওঁ তেতিয়া ৰাইজৰ সকাহ বেছি হ’ব৷ এই ক্ষেত্ৰত চিন্তা-চৰ্চা দেশৰ পৰ্যায়ত হৈ আছে বা নি(য় হ’ব৷ যি ধৰণে দেশৰ পৰ্যায়ত সিদ্ধান্ত হ’ব তাৰ লগতে ৰাজ্য চৰকাৰো থাকিব৷ খালী এতিয়াও নিশ্চিত হোৱা নাই যে কি পৰিৱেশত দাম কিমান দূৰলৈকে যাব লাগিব বা দাম কমিব, কিমান বাঢ়িব৷ মই নিশ্চিত যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা কেন্দ্ৰীয় চৰকাৰে উপযুক্ত সিদ্ধান্ত গ্ৰহণ কৰিব৷’মূল্যবৃদ্ধিৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে আগবঢ়োৱা তত্বকে প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাকে ধৰি বিজেপিৰ নেতা সকলে হুবহু আওৰোৱা পৰিলক্ষিত হৈছে৷ ঘূৰি পকি শাসকীয় পক্ষৰ সকলোৰে এতিয়া এটাই উত্তৰ–‘মূল্যবৃদ্ধিৰ ফলত জনসাধাৰণৰ কষ্ট হৈছে৷ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে ফৰ্মূলা উলিয়াব মোদীয়ে৷’মূল্যবৃদ্ধিকলৈ বুধবাৰে আছু,কৃষক মুক্তি সংগ্ৰাম সমিতি আদিয়ে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ পাছতে আজি ৰাজ্যত এক প্ৰকাৰে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদৰ জোৱাৰ আৰম্ভ হৈছে৷ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ আহ৩ানত দেশজুৰি চলা মেহেংগাই মুক্ত ভাৰত অভিযানৰ অংশ হিচাপে আজি প্ৰদেশ কংগ্ৰেছে ৰাজীৱ ভৱনৰ পৰা এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে৷ শতাধিক কংগ্ৰেছ কৰ্মীয়ে হাতে হাতে বেনাৰ, ফেষ্টুন লৈ বিজেপি চৰকাৰ হায় হায়,খালে ঐ খালে বিজেপিয়ে খালে আদি শ্লোগান দিয়ে৷ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ কামৰূপ জিলা সমিতিয়েও আজি প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰসংগ ক্ৰমে উল্লেখ কৰিব পাৰি যে পেট্ৰ’ল-ডিজেলৰ মূল্য একেৰাহে ১৫ দিন ধৰি বাঢ়িয়ে আছে৷ এই মূল্যবৃদ্ধিৰ ফলত ৰাজ্যৰ ঢকুৱাখানাত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম সৰ্বোচ্ছ ১১১.০৫ টকা হৈছেগৈ৷ প্ৰতিটো ঘৰুৱা ব্যৱহাৰৰ চিলিণ্ডাৰৰ মূল্যই এক হাজাৰ সীমা অতিক্ৰম কৰিছে৷ কেৱল পেট্ৰ’ল-ডিজেল,ৰন্ধন গেছেই নহয়,মূল্যবৃদ্ধিৰ প্ৰতিযোগিতাতহে যেন অৱতীৰ্ণ হৈছে কৰ্প’ৰেট গোষ্ঠী৷ খোদ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ সংস্থাৰ চুপাৰিছতে ৮০০ বিধ ঔষধৰ দাম ১০ শতাংশ বৃদ্ধি পাইছে৷ ড্ৰাগ ডিলাৰ এচোচিয়েশ্বনৰ সূত্ৰই জনোৱা মতে বিহুৰ পাছৰ পৰাই এই বৰ্ধিত মূল্যত ৰোগীয়ে ফাৰ্মাচীৰ পৰা ঔষধ ক্ৰয় কৰিব লাগিব৷ ইলেক্ট্ৰনিক সামগ্ৰীতো ৫-১০ শতাংশ দাম বৃদ্ধি পাইছে৷ আনকি পুডিনহাৰা,চৱন প্লাচতো ১০ শতাংশ দাম বৃদ্ধি পাইছে৷ তীখাৰ সামগ্ৰীত দাম বাঢ়িছে ১০-১৫ শতাংশ৷ দাম বাঢ়িছে ঘেহু,চেনি,পাম তেলৰো৷ গৃহ নিৰ্মাণৰ সামগ্ৰীৰ আকাশলংঘী মূল্যই স্তব্ধ কৰি পেলাইছে সৰ্বসাধাৰণৰ ঘৰ বনোৱাৰ এটা সপোন৷ মূল্যবৃদ্ধিৰ ফলত বৃদ্ধি পাইছে মুদ্ৰাস্ফীতি৷ গুৱাহাটীৰ বজাৰত কেজিত ৮০ টকাৰ তলত এতিয়া পাচলি পাবলৈ নাই৷

বিজেপি চৰকাৰৰ জনবিৰোধীনীতি আৰু মূল্যবৃদ্ধিৰ বিৰুদ্ধে দেশজুৰি বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ অব্যাহত আছে৷ ঔষধ,পেট্ৰ’ল,ডিজেল,ৰন্ধন গেছকে ধৰি সকলো ধৰণৰ দৈনন্দিন ব্যৱহাৰ্য সা-সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ আহ্বান দেশজুৰি চলা ‘মেহেংগাই মুক্ত ভাৰত অভিযান’ৰ অংশ হিচাপে বৃহস্পতিবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে কেন্দ্ৰীয়ভাৱে গুৱাহাটীত ৰাজীৱ ভৱনৰ পৰা এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে৷ শতাধিক কংগ্ৰেছ কৰ্মীয়ে হাতে হাতে বেনাৰ, ফেষ্টুন লৈ বিজেপি চৰকাৰ হায় হায়,খালে ঐ খালে বিজেপিয়ে খালে,মূল্যবৃদ্ধি ৰোধ কৰক আদি শ্লোগান দিয়ে৷ প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ বেৰিকেড ভাঙি ৰাজপথলৈ ওলাই আহে আৰু ৰাজপথত বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি জি এছ ৰোডত সমদল উলিয়ায়৷ এই কাৰ্যসূচীৰ জৰিয়তে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই কয়-বিজেপি চৰকাৰে মূল্যবৃদ্ধি ৰোধ কৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে৷ বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বাবে আজি সাধাৰণ জনগণে দুৰ্ভোগ ভুগিব লগীয়া হৈছে৷’এই কাৰ্য্যসূচীত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ বিষয় ববীয়া,সদস্য সকলে অংশগ্ৰহণ কৰে৷ ইফালে,পেট্ৰ’ৰ সামগ্ৰীৰ মূল্য নিৰ্দ্ধাৰণত অইল কোম্পানীসমূহৰ সৰ্বময় কতৃৰ্ত্ব প্ৰত্যাহাৰ কৰা৷ চৰকাৰী নিয়ন্ত্ৰণ আৰম্ভ কৰা,মূল্যবৃদ্ধি ৰোধ কৰা, গুৱাহাটীত বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা,ভূমিহীন,গৃহহীন,সংস্থাপনহীন লোকৰ বাসস্থানৰ নিৰাপত্তা,নিবনুৱা যুৱকক সংস্থাপনৰ বাবে ৰেলৱেৰ অব্যবহৃত মাটি বলিয়াকে দিয়া লীজ উঠাই লৈ নিবনুৱা যুৱকৰ বাবে উদ্যোগিক নগৰ সৃষ্টি কৰাৰ দাবীত ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ কামৰূপ মহানগৰ জিলাই গুৱাহাটী ক্লাৱৰ ৰ’টাৰীত বৃহস্পতিবাৰে ধৰ্ণা কাৰ্য্যসূচী গ্ৰহণ কৰে৷  ধৰ্ণাত ভাগ লৈ কমিউনিষ্ট পাৰ্টিৰ ৰাজ্য পৰিষদৰ সম্পাদক মুনীন মহন্তই কয়– গুৱাহাটী মহানগৰীত পানীৰ মহাৰ্ঘ্য অবস্থা যদি চৰকাৰে শীঘ্ৰে সমাধান কৰিব নোৱাৰে গুৱাহাটীৰ জনজীবন বিপৰ্যস্ত হ’ব৷ গুৱাহাটীত ভূ-গৰ্ভৰ অলপৃষ্ঠ বিৰাট বিৰাট ফ্লেটসমূহ নিৰ্মাণ কৰাৰ ফলতেই বহুত তললৈ নামি গৈছে৷ পেট্ৰ’ল সামগ্ৰীৰ ওপৰত অত্যধিক কৰ,এক্সাইজ ডিউটি, চেলটেক্সকে ধৰি বিভিন্ন উপকৰ প্ৰত্যাহাৰ কৰাৰ দাবী জনালোঁ৷ চৰকাৰৰ নীতি সলনি কৰাৰ সংগ্ৰাম গঢ়িব লাগিব৷ অসম মহিলা সংঘৰ সম্পাদিকা অসমী গগৈয়ে কয়– নিত্য প্ৰয়োজনীয় খাদ্য-সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি আৰু জীৱন দায়িনী ঔষধন অত্যধিক দামৰ সময়ত ক্ৰয়ক্ষমতাহীন জনসাধাৰণ কেনেকৈ জীয়াই থাকিব?

অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ হোজাই জিলা সমিতিয়ে ডবকা ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে৷ পাছত পৰিষদৰ হোজাই জিলা সমিতিৰ সভাপতি প্ৰাদ হাজৰিকা আৰু সম্পাদক জাইদুল ইছলাম লস্কৰে কয় যে– অদেশ স্বাধীন হোৱাৰ প্ৰায় এশ বছৰ হ’বৰ  হ’ল,ইখনৰ পাছত সিখন চৰকাৰ গঠন হ’ল কিন্তু মূল্যবৃদ্ধি নিয়ন্ত্ৰণ নহ’ল৷

পেট্ৰ’ল,ডিজেলকে ধৰি ইন্ধনজাত সামগ্ৰী আৰু আন সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি নগাঁৱৰ কৃষ্ণাইখাটত সৰৱ হৈ পৰে কৃষক মুক্তি সংগ্ৰাম সমিতি৷ কৃষক মুক্তিৰ কৰ্মীসকলে মূল্যবৃদ্ধি ৰোধ কৰক,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হায় হায়,অসম চৰকাৰ হায় হায়, যোগান মন্ত্ৰী মুৰ্দাবাদ আদি ধবনি দি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিয়ে মূল্যবৃদ্ধিৰ প্ৰতিবাদত কৃষ্ণাইখাটত প্ৰতিবাদী কাৰ্যসূচী তীব্ৰতৰ কৰি তোলে৷ প্ৰতিবাদকাৰীসকলে মূল্যবৃদ্ধিৰ ৰোধ কৰাত চৰকাৰে শক্তিশালী পদক্ষেপ নোলোৱাত চৰকাৰক কঠোৰ সমালোচনা কৰে৷ প্ৰতিবাদকাৰীসকলে চৰকাৰবিৰোধী বিভিন্ন শ্ল’গান দি ৰাজপথ উত্তাল কৰি তোলে৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক জিতেন বৰাৰ নেতৃত্বত কৃষক মুক্তিৰ সদস্যসকলে মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ তুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰে৷