Logo
image

শ্ৰীলংকালৈ ২.৭০ লাখ মেট্ৰিকটন ইন্ধন প্ৰেৰণ ভাৰতৰ

পদত্যাগ কৰিবলৈ অস্বীকাৰ ৰাষ্ট্ৰপতি গোটাবায়াৰ

আমাৰ অসম,৮ এপ্ৰিলঃ দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাৰ অৱস্থা দিনে দিনে অধিক বেয়া হোৱাৰ দিশে আগবাঢ়িছে৷ সোণৰ লংকাৰ অৱস্থা এতিয়া ইমানেই শোচনীয় যে সাধাৰণ লোক, ছাত্ৰ-ছাত্ৰী, বিৰোধী ৰাজনৈতিক দলৰ নেতাসকলে ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে৷ শ্ৰীলংকাৰ এই জটিল পৰিস্থিতিত ভাৰত চৰকাৰে সকলোধৰণৰ সহায়ৰ হাত আগবঢ়াইছে৷ শ্ৰীলংকাৰ বৰ্তমানৰ চৰকাৰে ভাৰতৰ পৰিৱৰ্তে চীনৰহে অধিক কাষ চাপি গৈছিল যদিও এতিয়া ভাৰতৰহে সহায় গ্ৰহণ কৰিবলৈ বাধ্য হৈছে৷ ভাৰতে শ্ৰীলংকাক এক বিলিয়ন ডলাৰৰ ঋণ দিয়াৰ সিদ্ধান্ত লোৱাৰ লগতে  খাদ্য সামগ্ৰী,ঔষধ,পেট্ৰ’ল-ডিজেল আদিও প্ৰেৰণ কৰিছে৷ এতিয়ালৈকে ভাৰতে ২.৭০ লাখ মেট্ৰিকটন পেট্ৰ’ল-ডিজেল শ্ৰীলংকালৈ প্ৰেৰণ কৰিছে ঋণ হিচাপে৷ যোৱা ২৪ ঘণ্টাত ৩৬,০০০ মেট্ৰিকটন আৰু ৪০,০০০ মেট্ৰিকটন ডিজেল প্ৰেৰণ কৰে৷ ভাৰতৰ বিদেশমন্ত্ৰী এছ জয়শংকৰে শ্ৰীলংকালৈ সহায়ৰ হাত আগবঢ়াই কয় যে চুবুৰীয়াক সহায় কৰাটো ভাৰতৰ ধৰ্ম৷ ইপিনে, বিৰোধী আৰু জনতাৰ প্ৰতিবাদ সত্বেও শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাকছাই পদত্যাগ কৰিবলৈ অস্বীকাৰ কৰে৷ সংসদৰ বাহিৰত আৰু ৰাষ্ট্ৰপতি ভৱনৰ বাহিৰত জনতাই প্ৰতিবাদ অব্যাহত ৰখা সত্বেও ৰাষ্ট্ৰপতিয়ে পদত্যাগ কৰিবলৈ অস্বীকাৰ কৰিছে৷ জনতাই অভিযোগ কৰিছে যে তেওঁলোকে চাউল আৰু দাইলৰ দৰে সামগ্ৰীয়েই ক্ৰয় কৰিবলৈ সক্ষম হোৱা নাই৷ গতিকে জনতাৰ সমস্যাৰ কথা বুজি ৰাষ্ট˜পতিয়ে নতি স্বীকাৰ কৰিব লাগে৷ উল্লেখ্য,পৰিস্থিতি এনে থাকিলে শ্ৰীলংকা দুৰ্ভিক্ষৰ দিশে ধাৱমান হ’ব বুলি সংসদৰ অধ্যক্ষই মন্তব্য কৰাৰ পাছতে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীয়ে স্বাস্থ্য বিভাগৰ কাৰ্যালয়ত আক্ৰমণ কৰে৷