Logo
image

প্ৰাপ্তবয়স্কৰ বাবে বুষ্টাৰ মুকলি মূল্য ৬০০ টকা

আমাৰ অসম, ৯ এপ্ৰিলঃ ক’ভিডৰ নতুন প্ৰজাতি এক্স-ইৰ আৱিৰ্ভাৱৰ লগে লগে শংকিত হৈ কেন্দ্ৰীয় চৰকাৰে দেওবাৰৰ পৰা ক’ভিড প্ৰতিষেধকৰ বুষ্টাৰ ড’জ সকলোৰে বাবে মুকলি কৰি দিছে৷ বৃহস্পতিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে এই সন্দৰ্ভত চৰকাৰৰ সিদ্ধান্ত ঘোষণা কৰি কয় যে, অহা দেওবাৰৰ পৰা দেশৰ সকলো প্ৰাপ্তবয়স্ক নাগৰিকে ক’ভিড প্ৰতিৰোধী বুষ্টাৰ ড’জ ল’ব পাৰিব৷ ইতিমধ্যে ক’ভিডৰ প্ৰতিষেধকৰ দুপালিকৈ লোৱা ১৮ বছৰৰ ঊধবৰ্ৰ সকলোৰে বাবে কেন্দ্ৰীয় চৰকাৰে বুষ্টাৰ অৰ্থাৎ ক’ভিড প্ৰতিষেধকৰ তৃতীয়টো ড’জ ল’বলৈ অনুমোদন জনাইছে৷ অৱশ্যে বুষ্টাৰ ড’জ ল’বলৈ হ’লে ক’ভিড প্ৰতিষেধকৰ তৃতীয় পালি লোৱা ৯ মাহ বা তাতকৈ অধিক দিনৰ ব্যৱধান থাকিব লাগিব৷ বুষ্টাৰ ড’জ দেশৰ বে-চৰকাৰী ক্লিনিক বা নাৰ্ছিংহোম ইত্যাদিতহে দিয়া হ’ব আৰু তাৰ বাবে গ্ৰাহকে ধন ভৰিব লাগিব৷ এপালি বুষ্টাৰ ড’জৰ ক্ষেত্ৰত বেচৰকাৰী চিকিৎসালয়ে সৰ্বাধিক ৬০০ টকা ল’ব পাৰিব৷ চৰকাৰে সকলো প্ৰাপ্তবয়স্কৰ বাবে দেওবাৰৰ পৰা বুষ্টাৰ ড’জ মুকলি কৰি দিয়াৰ পাছতে ক’ভিশ্বিল্ড প্ৰস্তুতকৰ্তা পুনেৰ ছিৰাম ইনষ্টিটিউটে প্ৰতিটো পালিৰ ক্ষেত্ৰত ৬০০ টকা মূল্য নিৰ্দ্ধাৰণ কৰা বুলি প্ৰকাশ কৰিছে৷

দেশত বুষ্টাৰ ড’জ চলিত বছৰৰ ১০ জানুৱাৰীৰ পৰা আৰম্ভ কৰা হৈছে৷ এতিয়া এক্স-ই নামৰ নতুন ক’ভিডৰ প্ৰজাতিৰ আগমনৰ সম্ভেদ পোৱাৰ পাছত চৰকাৰে জৰুৰী ব্যৱস্থা হিচাপে দেশৰ সকলো প্ৰাপ্তবয়স্কৰ বাবে বুষ্টাৰ মুকলি কৰি দিছে৷ ইয়াৰ পূৰ্বে কেৱল স্বাস্থ্যকৰ্মী, জৰুৰী সেৱাত নিয়োজিত, সাংবাদিক আৰু ৬০ বছৰৰ ঊধবৰ্ৰ লোকৰ বাবে বুষ্টাৰ ড’জ প্ৰদানৰ অনুমতি দিছিল৷ সেই অনুসৰি দেশত এই পৰ্যন্ত প্ৰায় ৰ কোটি লোকক বুষ্টাৰ প্ৰদান কৰা হৈছে৷ আনহাতে দেশৰ ৯৬ শতাংশ নাগৰিকে ক’ভিডৰ প্ৰতিষেধকৰ অন্ততঃ এটা পালি আৰু ১৫ বছৰৰ ঊধবৰ্ৰ দেশৰ যিকোনো বয়সসীমাৰ ৮৩ শতাংশ নাগৰিকে দুপালিকৈ ক’ভিডৰ প্ৰতিষেধক লাভ কৰিছে৷