Logo
image

বিপৰ্যস্ত অৰ্থনীতি বনাম ৰাজনৈতিক সংস্কৃতি

২০১৫-১৬ চনৰ পৰা ২০২০-২১ চনলৈকে অসমৰ জিডিপি,জনমূৰি উপাৰ্জন,জনমূৰি ঋণ,বাজেট ঘাটিৰ পৰিমাণ আদিৰ বিশ্লেষণ কৰিলে দেখা যায় যে অসমৰ অৰ্থনৈতিক পৰিস্থিতি উন্নত হোৱাৰ পৰিৱৰ্তে শোচনীয় অৱস্থালৈহে ধাৱমান হৈছে৷ ২০১৫-১৬ চনত ৰাজ্যৰ জনমূৰি ঋণৰ পৰিমাণ আছিল ১০,৭৬০ টকা; ২০২০-২১ বৰ্ষত এই পৰিমাণ বৃদ্ধি হৈছে ২৩,৬১ৰ টকালৈ৷ অৰ্থাৎ আজিৰ দিনত ৰাজ্যৰ প্ৰতিগৰাকী লোকে বহন কৰা ঋণৰ পৰিমাণ হ’ল ২৩,৬১১ টকা৷ সেই অনুপাতে মুঠ ঘৰুৱা উৎপাদন ২০১৫-১৬ চনৰ ১৬.৪৭ শতাংশৰ পৰা হ্ৰাস পাই ২০২১ চনত ০.৯৫ শতাংশ হৈছে৷ জনমূৰি আয়ো পূৰ্বৰ তুলনাত হ্ৰাস পাইছে৷ ৰাজ্য এখনৰ অৰ্থনীতিক শক্তিশালী কৰি ৰখাৰ বাবে প্ৰয়োজনীয় আটাইকেইটা বিষয়তে এনে হতাশজনক স্থিতিৰ বিষয়ে স্বয়ং ৰাজ্যৰ বিত্তমন্ত্ৰীগৰাকীয়েই সদৰি কৰিছে বিধানসভাৰ মজিয়াত৷ ২০২১-২২ বিত্তীয় বৰ্ষৰ অন্তত কৰ সংগ্ৰহৰ পৰিমাণ বৃদ্ধি পাইছে যদিও সামগ্ৰিকভাৱে ৰাজ্যখনত অব্যাহত থকা বিত্তীয় পৰিস্থিতি মুঠেই সুখৰ নহয়৷ ৰাজ্য এখনে কেন্দ্ৰীয় চৰকাৰকে ধৰি বিভিন্ন উৎসৰ পৰা ঋণ লোৱাটো এক স্বাভাৱিক প্ৰক্ৰিয়া৷ কিন্তু এই বৃহৎ ঋণক সৎ ব্যৱহাৰৰ যোগেদি সম্পদ আহৰণ,আন্তঃগাঁথনি সৱলীকৰণ আদিৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিলেহে ৰাজ্যৰ উন্নয়নৰ গতি ত্বৰান্বিত হয়,আয়ৰ পৰিমাণ বৃদ্ধি হয়৷ কিন্তু সমগ্ৰ দেশতে ৰাজনৈতিক ক্ষমতা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত ৰাজনৈতিক দলসমূহে হিতাধিকাৰী ৰাজনীতিত অধিক গুৰুত্ব আৰোপ কৰাৰ বাবে হিতাধিকাৰীক প্ৰদান কৰাৰ নামতে ৰাজকোষৰ বৃহৎ পৰিমাণৰ ধন ব্যয় হৈ আহিছে৷ হিতাধিকাৰীৰ পৰিমাণ যিমানেই বৃদ্ধি হয় সিমানেই শাসনত থকা ৰাজনৈতিক দলৰ ভোটাৰৰ সংখ্যা বৃদ্ধি হয়,এই বিষয়টো কাৰ্যকৰী হোৱা দেখি হোৱাই নোহোৱাই অসমতো বহু আঁচনি ঘোষণা কৰা হ’ল৷ শস্যে-মৎস্যে ভোগালী হৈ থকা গ্ৰামাঞ্চলসমূহত হিতাধিকাৰীয়ে নিজৰ ভৰালত পৰ্যাপ্ত ধান থকাৰ পাছতো বিনামূলীয়া চাউল লাভ কৰাৰ বাবে কৃষিকৰ্ম ত্যাগ কৰিবলৈ আৰম্ভ কৰিলে৷ বিগত কংগ্ৰেছ চৰকাৰৰ আমোলত আৰম্ভ হোৱা হিতাধিকাৰীৰ ৰাজনীতিয়ে ব্যাপক প্ৰসাৰতা লাভ কৰাৰ পাছত বিজেপি চৰকাৰৰ দিনত বিভিন্ন আঁচনিত হিতাধিকাৰীৰ সংখ্যা এনে এক অভাৱনীয় হাৰত বৃদ্ধি পালে,যাৰ বাবে চৰকাৰক প্ৰয়োজন হ’ল বৃহৎ পৰিমাণৰ ধনৰ৷ ৰাজনৈতিকভাৱে ইয়াৰ পৰা দল-চৰকাৰ উপকৃত হ’লেও অৰ্থনীতিৰ ক্ষেত্ৰত ই অভূতপূৰ্ব নেতিবাচক প্ৰভাৱ বিস্তাৰ কৰিলে৷ অৱধাৰিতভাৱে প্ৰতি বছৰে বিভিন্ন উৎসৰ পৰা গ্ৰহণ কৰিব লগা ঋণৰ পৰিমাণ বৃদ্ধি পাই গৈ থাকিল– যি প্ৰভাৱ বিস্তাৰ কৰিছে জনমূৰি আয়,জনমূৰি ঋণ, জিডিপি আদিত৷ ইফালে বিনামূলীয়া চাউল পোৱা বহু লোকে কৃষিকৰ্মক বিভিন্ন অজুহাতত বাদ দিয়াৰ বাবে ৰাজ্যত কৰ্মসংস্কৃতিৰ অভাৱ ঘটিছে,হাজাৰ হাজাৰ বিঘা কৃষিভূমি ছন পৰি আছে৷ অৱশ্যে পূৰ্ববংগীয় লোকে বসতি কৰা অঞ্চলসমূহত ইয়াৰ এক সম্পূৰ্ণ বিপৰীত প্ৰতিচ্ছবি পৰিলক্ষিত হয়৷ চৰকাৰী সা-সুবিধাৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰি সেই অঞ্চলসমূহৰ লোকে কৃষিকৰ্ম,পশুপালন,মৎস্য পালন আদিৰ ক্ষেত্ৰত বিশেষ সফলতা অৰ্জন কৰিছে৷ ৰাজ্যৰ সামগ্ৰিক অৰ্থনৈতিক পৰিস্থিতি আশাপ্ৰদভাৱে অগ্ৰসৰ নোহোৱাৰ বাবে আন বহুতো কাৰক থাকিলেও বৃহৎ পৰিমাণৰ হিতাধিকাৰী,অপ্ৰয়োজনীয়ভাৱে ঋণ ৰেহাই,উন্নয়নৰ বাবে প্ৰযোজ্য আঁচনি-প্ৰকল্পৰ ৰূপায়ণত ব্যৰ্থতা আদি অন্যতম প্ৰধান কাৰণ বুলি অভিহিত কৰিব পাৰি৷ এনে এক পৰিৱেশৰ মাজতে স্ক’চ গ্ৰুপে প্ৰদান কৰা ৰাজ্যিক পৰ্যায়ৰ ‘গৱৰ্নেন্স ৰিপ’ৰ্ট কাৰ্ড-২০২১’-এ এক আশাৰ বতৰা কঢ়িয়াই আনিছে অসমৰ বাবে৷ কৃষি,বিত্ত,ৰাজহ,ই-গৱৰ্নেন্স,স্বাস্থ্য,গ্ৰামোন্নয়ন,ইজ অৱ ডুয়িং বিজনেছ,সমাজ কল্যাণ,পৰিবহণ আদি দিশসমূহ সামৰি স্ক’চ গ্ৰুপে প্ৰদান কৰা সমীক্ষামতে অসমে ২০২০ চনত লাভ কৰা ২৩ সংখ্যক স্থানৰ পৰা বহু আগুৱাই তালিকাৰ নৱম স্থানত উপনীত হৈছে৷ উল্লেখ্য,এই তালিকাত শীৰ্ষস্থানত থকা ৰাজ্যসমূহ হ’ল অন্ধ্ৰপ্ৰদেশ,পশ্চিমবংগ,উৰিষ্যা,গুজৰাট,মহাৰাষ্ট্ৰ৷ ৰাজ্য এখনে বিকাশ সাধন কৰিবলৈ হ’লে উপৰিউক্ত দিশসমূহত অগ্ৰাধিকাৰ দিবই লাগিব আৰু ইয়াৰ বাবে প্ৰয়োজন হ’ব সু-প্ৰশাসন৷ উল্লেখ্য,শীৰ্ষস্থানত থকা ৰাজ্যসমূহেও বিভিন্ন উৎসৰ পৰা ঋণ গ্ৰহণ কৰে আৰু ঋণৰ সফল ব্যৱহাৰ কৰাৰ ক্ষেত্ৰতো সফল হোৱাৰ বাবেহে আশাপ্ৰদ সাফল্য লাভ কৰিছে৷ অসমতো প্ৰশাসনিক দিশত বৰ্তমানৰ চৰকাৰে বহু নতুন পদক্ষেপ গ্ৰহণ কৰি জনসাধাৰণক সকাহ দিয়াৰ চেষ্টা কৰিছে৷ মুখ্যমন্ত্ৰীৰ নেতৃত্বত প্ৰায় প্ৰতিটো বিভাগতে আৰম্ভ হোৱা সংস্কাৰমূলক পদক্ষেপসমূহ সঠিকভাৱে কাৰ্যকৰী হ’লে অসমে বিকাশৰ ক্ষেত্ৰত আৰু ভাল প্ৰদৰ্শন কৰাৰ সম্ভাৱনা আছে৷ কিন্তু ব্ৰিটিছ আমোলতে প্ৰযোজ্য হোৱা ফাইলৰ মেৰপাকবোৰ খুলিবলৈ আজিও চৰকাৰ,প্ৰশাসন সমৰ্থ হোৱা নাই৷ ৰাজ্য চৰকাৰে বহু কাৰ্যালয়,সঞ্চালকালয়,সচিবালয়ত সু-প্ৰশাসন এতিয়াও সুদূৰ পৰাহত৷ সু-প্ৰশাসনৰ যোগেদি অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন‘আপ’দলে পঞ্জাৱতো নিৰংকুশ সংখ্যাগৰিষ্ঠতা অৰ্জন কৰি এক নতুন ৰাজনৈতিক সংস্কৃতিৰ সৃষ্টি কৰিছে৷ অৰ্থনৈতিক বিপৰ্যয়ৰ পৰা উদ্ধাৰ কৰাৰ বাবে অসমতো প্ৰয়োজন হোৱা সেই সংস্কৃতি সৃষ্টিত মুখ্যমন্ত্ৰী কিমান সফল হ’ব তাক সময়েই উত্তৰ দিব৷