Logo
image

বিমানতে মূল্যবৃদ্ধিক লৈ মন্ত্ৰী স্মৃতি-কংগ্ৰেছ নেত্ৰীৰ বাক্যযুদ্ধ

সংবাদমেল বাতিল কৰি গুৱাহাটী এৰিলে অপমানিত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে

আমাৰ অসম,১১ এপ্ৰিলঃ মহিলা আৰু শিশু বিকাশ মন্ত্ৰণালয়ৰ অনুষ্ঠানলৈ আহি অপমানিত হোৱা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানীয়ে সংবাদমেল বাতিল কৰি এৰিলে গুৱাহাটী৷ বিমানত মূল্যবদ্ধিক লৈ কংগ্ৰেছ নেত্ৰী নীতা ডিছ’জাৰে বাক্যযুদ্ধত লিপ্ত হ’বলগীয়া হৈ অপমানবোধ কৰিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে৷ উল্লেখ্য,দেওবাৰে কেন্দ্ৰীয় মন্ত্ৰী বিজেপি নেত্ৰী স্মৃতি ইৰানীক গুৱাহাটী অভিমুখী বিমানত মূল্যবৃদ্ধি সন্দৰ্ভত জবাবদিহি কৰে কংগ্ৰেছ নেত্ৰী  নীতা ডিছ’জাই৷ ইয়াকে লৈ কাৰ্যতঃ দুয়োগৰাকী নেত্ৰীক বিমানৰ ভিতৰতে দেখা গ’ল যুযুধান ৰূপত৷ এখন যাত্ৰীবাহী বিমানযোগে দেওবাৰে পুৱাৰ ভাগত গুৱাহাটী অভিমুখে আহি আছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকী৷ একেখন বিমানত গুৱাহাটী অভিমুখে আহি আছিল মহিলা কংগ্ৰেছ সভানেত্ৰী নীতা ডিছ’জা৷ অসমসহ দেশত পেট্ৰ’ল-ডিজেলৰ উপৰি ৰন্ধন গেছৰো অভাৱনীয় মূল্যবৃদ্ধিয়ে জুৰুলা কৰাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰে বিমানতে মুখামুখি হৈ কেন্দ্ৰীয় মন্ত্ৰী ইৰানীক জবাবদিহি কৰে৷ তেওঁ কয়– ‘পেট্ৰ’ল-ডিজেলৰ উপৰি ৰন্ধন গেছৰ ধাৰাবাহিকভাৱে মুল্যবৃদ্ধি হৈ আছে৷ চৰকাৰৰ একো কৰিবলগীয়া নাই নেকি?’ মন্ত্ৰী ইৰাণীয়ে এনে প্ৰশ্নৰ উত্তৰত কয়– ‘পেট্ৰ’ল-ডিজেল বা ৰন্ধন গেছৰ মূল্যবৃদ্ধি কিয় হৈ আছে প্ৰত্যেকে জানে৷’লগে লগে কংগ্ৰেছ নেত্ৰী নীতা ডিছ’জাই পুনৰ প্ৰশ্ন কৰে– ‘মন্ত্ৰী ডাঙৰীয়ানী,পেট্ৰ’ল-ডিজেল আৰু ৰন্ধনগেছৰ মূল্যবৃদ্ধিৰ বাবে প্ৰতিজন নাগৰিক আজি ভুক্তভোগী৷ ’এই প্ৰসংগ এৰি চলিব বিচাৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসমবাসীক বিহুৰ শুভেচ্ছা জনায়৷ লগে লগে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানীক উদ্দেশ্যি প্ৰশ্ন কৰে– ‘আপুনি অসমবাসীক বিহুৰ শুভেচ্ছা জনাইছে৷ কিন্তু ঘৰত ষ্টোভ নজ্বলোৱাকৈ বিহুৰ শুভেচ্ছাৰ কি মূল্য আছে?’তাৰ পাছত কেন্দ্ৰীয় মন্ত্ৰী ইৰানীয়ে কংগ্ৰেছ নেত্ৰীগৰাকীক উদ্দেশ্যি কয় –‘আপুনি মূল্যবৃদ্ধিক লৈ সামঞ্জস্যহীন কথা কৈ আছে৷’ এই সমগ্ৰ বাক্যযুদ্ধ দুয়োগৰাকী নেত্ৰীয়ে পৰস্পৰে পৰস্পৰক মোবাইলত ভিডিঅ’কৰি ৰখাও পৰিলক্ষিত হয়৷ ইয়াকে লৈ ছ’চিয়েল মিডিয়াত সৰৱ চৰ্চা চলিছে৷ ইফালে,মূল্যবৃদ্ধিক লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক বিমানত কংগ্ৰেছ নেত্ৰীয়ে উভতি ধৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই৷ তেওঁ কয়– আমাৰ গণতান্ত্ৰিক ব্যৱস্থাত যদি কোনোবাই কিবা বিষয়ত বিৰোধিতা কৰে সেই বিষয়ে উচিত মঞ্চত কোৱাৰ ব্যৱস্থা আছে৷ কিন্তু এনেকৈ বিমানৰ ভিতৰত মানুহক বেয়া ব্যৱহাৰ কৰা,সন্মুখত কোনো মানুহৰ বেয়াকৈ কোৱা,অন্য যাত্ৰীক সমস্যাত পেলোৱা আমাৰ ভাৰতৰ পৰম্পৰাৰ পৰিপন্থী৷ অসমীয়া পৰম্পৰাৰ ক্ষেত্ৰত আৰু পৰিপন্থী৷ মই মহিলা কংগ্ৰেছৰ নেত্ৰী নীতা ডিছ’জাৰ কাৰ্যক ধিক্কাৰ দিছোঁ৷ গৰিহণা দিছোঁ আৰু এনেকুৱা কাম যাতে ভৱিষ্যতে অসমত অন্ততঃ নকৰে তাৰ বাবে সকীয়াই দিছো৷ অসমলৈ অহা এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীক এনে ব্যৱহাৰ কৰা বাবে আন্দোলন কৰি থাকক৷ কিন্তু বিমানত কাৰোবাক বেয়া ব্যৱহাৰ কৰিব সেয়া মানি ল’ব নোৱাৰি৷ আনহাতে টুইটত মন্ত্ৰী হাজৰিকাই কয়– আমাৰ সংস্কৃতিত অতিথি সাক্ষাৎ ভগবান৷ মহিলা কংগ্ৰেছ সভানেত্ৰী ডি নীতাই কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানীক গুৱাহাটী বিমান বন্দৰত যি অভব্য আচৰণ কৰিলে সেই আচৰণে অসমৰ সংস্কৃতিক প্ৰতিফলিত নকৰে৷ তেওঁৰ এনে আচৰণে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক বিৰক্ত কৰিছে¸৷ বিতৰ্ক কৰিবলৈ আমাৰ হাতত গণতান্ত্ৰিক মঞ্চ আছে৷ মই আচৰিত হৈছোঁ যে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেত্ৰীগৰাকীৰ অসমীয়া ৰীতি-নীতি আৰু মূল্যবোধ সন্দৰ্ভত সামান্যও জ্ঞান নাই৷ বিজেপি ৰাজ্যিক সমিতিয়েও দেওবাৰৰ এই ঘটনাক গৰিহণা দিয়ে৷ বিজেপিৰ ৰাজ্যিক নেতৃত্বই কয়–এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীক কোনো বিষয়ক লৈ বিমানৰ ভিতৰত অপদস্থ কৰাটো দুৰ্ভাগ্যজনক৷ কিবা কৰিব লগা থাকিলে গণতান্ত্ৰিক ব্যৱস্থাৰে কৰিব লাগে৷ তাকে নকৰি বাটে পথে আগভেটি ধৰি কাৰোবাক আক্ৰমণ কৰাটো গণতন্ত্ৰৰ পৰিপন্থী৷ লক্ষণীয় যে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানীয়ে দেওবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত হোটেল বিৱান্টাত উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট মন্ত্ৰণালয়ৰ জ’নেল কনফাৰেন্সত ভাগ লয়৷ কনফাৰেন্সৰ পাছত বিয়লি ৪ বজাত এখন সংবাদমেল সম্বোধন কৰাৰ কথা আছিল৷ সেইমতে সাংবাদিকসকলক আমন্ত্ৰণো জনোৱা হৈছিল৷ কিন্তু নিৰ্ধাৰিত সময়ৰ প্ৰায় ৫ মিনিট পূৰ্বে হোটেল বিৱাণ্টাৰ পৰা প্ৰস্থান কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে৷

দিনক দিনে অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ প্ৰতিদিনেই মূল্যবৃদ্ধি হৈ আছে৷ এই মূল্যবৃদ্ধিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলৰ উপ-দলপতি তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে৷ যোৱা নিশা হঠাৎ ডবকাত উপস্থিত হোৱা প্ৰাক্তন মন্ত্ৰীজনে কয় যে এই চৰকাৰৰ দিনত নিতৌ প্ৰতিবিধ অত্যৱশ্যকীয় সা-সামগ্ৰীৰ মূল্যবৃদ্ধি হৈ আছে৷ অসমৰ ৰাইজে শাসনাধিস্থ চৰকাৰখনক শাসনৰ বাঘজৰী হাতত তুলি দিছে,তাকে লৈ চৰকাৰে জনতাৰ ফালে নাচায় নিজ ইচ্ছামতে সকলো বস্তুৰ দাম বৃদ্ধি কৰিয়েই আছে৷ এনে হৈ থাকিলে এদিন শ্ৰীলংকাৰ দৰে অৱস্থা হোৱাটো একেবাৰে নিশ্চিত৷  তেওঁ চৰকাৰক অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধি ৰোধ কৰাৰ লগতে ঋণ কমকৈ লোৱাৰ বাবে চৰকাৰৰ আহ্বান জনায়৷ আনহাতে অসমত দশম শ্ৰেণীলৈকে হিন্দীভাষা বাধ্যতামূলক কৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰকিবুল হুছেইনে কয় যে শাসনৰ বাঘজৰী তেওঁলোকৰ হাতত দিয়াৰ বাবেই নিজ খেয়াল খুচিমতে সকলো কাম কৰি গৈছে৷ প্ৰথমে অসমৰ ৰাইজৰ ওপৰত‘কা’জাপি দিলে এতিয়া আকৌ হিন্দী ভাষাটোক জাপি দিছে৷ এনেদৰেই অসমীয়া ভাষা-সংস্কৃতিক বিজেপিয়ে বিলুপ্ত কৰাৰ চেষ্টা চলোৱা বুলি অভিযোগ কৰে৷ এনেকাৰ্যৰ পৰা বিৰত থাকিবলৈ চৰকাৰক তেওঁ অনুৰোধ জনায়৷ আনহাতে ডবকা পৌৰসভা গঠনৰ ক্ষেত্ৰত কংগ্ৰেছে,এআইইউডিএফৰ সহায় লব নেকি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত তেওঁ বিষয়টোৰ পৰা ফালৰি কাটি কয় যে নগাওঁ,কৰিমগঞ্জ আৰু দৰং জিলা পৰিষদ গঠনত বিজেপিয়ে এআইইউডিএফৰ সহায় লৈছে৷