Logo
image

‘জ্ঞানপীঠ’ বঁটা অসমৰ বিনন্দীয়া প্ৰকৃতি, পাহাৰ-ভৈয়ামৰ মাটিৰে ভগাই ল’বলৈ পাই পুলকিত হৈছোঁ

অমাৰ অসম, ১২ এপ্ৰিলঃ  হে মোৰ সপোনৰ সূৰ্যৰ মানুহ, 

জয় জয়তে সমবেত সুধীসমাজৰ ওচৰত মই মূৰ দোঁৱাইছোঁ৷ নমস্কাৰ জনাইছোঁ৷ 

২০২১ বৰ্ষৰ জ্ঞানপীঠ সন্মান এই অকিঞ্চনলৈ আগবঢ়োৱা হৈছে,ই এক অসামান্য মানবিশিষ্ট বঁটা৷ মোৰ কবিতাৰ বাবে এয়া এক ওখ খাপৰ স্বীকৃতি৷ অসমীয়া ভাষাত কবিতা লিখা কবি এজনলৈ এই সন্মান আগবঢ়োৱাৰ মানসেৰে জ্ঞানপীঠ সমিতিয়ে মোৰ নাম বিবেচনা কৰাত মই ভাল পাইছোঁ,সুখী হৈছোঁ৷ সমিতিৰ লগত যুক্ত হৈ থকা সকলোকে ধন্যবাদ জনোৱাৰ লগতে অসমৰ মাননিয় মুখ্যমন্ত্ৰী প্ৰমুখ্যে      

অসম চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷ 


চাৰিওপিনে হিংসা– নিৰ্বিচাৰ নিৰ্মম

নিৰ্যাতন

নিপীড়ণ হত্যাৰ খবৰৰ লগত মিল নোখোৱা খবৰ এইটো৷ 

ধৰ্মান্ধৰ উন্মাদনা

ৰাজনীতিৰ দুৰ্বৃত্তায়ন– দিনে দিনে বাঢ়ি অহা পৰিৱেশ প্ৰদুষণ

অনিশ্চয়তা

দৌৰা-দৌৰি৷ 

ভয়ৰ মাজত মোলৈ অহা এই ভাল খবৰটোৱে মুকলিকৈ উশাহ ল’ব পাৰিছেনে? 


চকিয়াল নামৰ অখ্যাত গাঁওখনৰ এমূৰত থকা হাবিখনৰ পৰা হাতৰ মুঠিত জোনাকী এটা লৈ তাহানিতেই গুৱাহাটী ওলাইছিলোহি৷ অন্তৰত বিষণ্ণ এক সেউজীয়া স্তব্ধতা

সোণাৰুৰ অকণমান সোণহালধীয়া লৈ

গেজেপনি হাবি এখনৰ পৰা ওলাই আহিছিলোঁ

নেঘেৰেটিঙৰ শিৱদৌল,দেওপাহাৰৰ শিলামূৰ্তিবোৰ আৰু আমাৰ গাঁৱৰ কাষেৰে বৈ যোৱা গেলাবিল নামৰ ৰূপহী নৈখনে মোৰ মন-প্ৰাণ প্ৰবাহিত কৰি নৰখা হ’লে মই আজিৰ এই ঠাই ওলাব নোৱাৰিলোহেঁতেন,সি খাটাং৷ তাৰ লগতে আছে এই চুটি ভাষণত নামোল্লেখ কৰিব নোৱাৰা মোৰ পুথিৰ প্ৰকাশকসকল,আলোচনীৰ সম্পাদকসকল,ঘৰখন,পৰিয়ালৰ সদৌতিকে ধৰি অসংখ্য শুভানুৰাগী,অনুৰাগীৰ মৰম-ভালপোৱা আৰু পূজনীয় পিতৃ-মাতৃৰ লগতে জ্যেষ্ঠ জনৰ আশীৰ্বাদ৷ 

জৰোশ্লাভ চিফাৰ্টৰ এফাঁকি কবিতাৰ প্ৰতিধবনি কৰি কওঁ,পৃথিৱীৰ কেইবা নিযুত কবিতাৰ মাজত মই মাত্ৰ কেইটামান কবিতাহে যোগ দিছোঁ,উঁইচিৰিঙাৰ মাততকৈ তাত বেছি জ্ঞানগৰ্ভ কথা একো নাই৷

চহৰত সুদীৰ্ঘকাল কটোৱাৰ পাছতো স্মৃতি-স্বপ্ন,বিষাদ-আনন্দ হৈ সেই গাঁওখনেই অজস্ৰ কথা সুৰ-গন্ধ-বৰ্ণ,দিন আৰু ৰাতিৰ ৰহস্যময় দৃশ্য হৈ আজিও প্ৰতিনিয়ত মোৰ মন হূদয় আৰু কল্পনাক আলোড়িত কৰি ৰাখিছে৷ গাঁওখনৰ কাষেদি বৈ যোৱা বৰ্ষা-শীতৰ নৈখনৰ পাৰত থিয় হৈ আজিও যেন দূৰ দিগন্তলৈ চাইছোঁ আবেলি উৰি যোৱা চৰাইজাকৰ ফাললৈ৷

ওখ ওখ গছবোৰৰ ওপৰলে হাত মেলি দিছোঁ

নৈ-সাগৰ অৰণ্যানি পৰ্বত-পাহাৰ মৰুভূমি পাৰ হৈ ক’ৰবাত মানুহ গৈ কোন সুদূৰত ওলাইছোঁগৈ৷

কোনোবা জনমৰ সুহূদ বুলি ইজনৰ পিছত সিজনক আঁকোৱালি লৈছোঁ

নিজকে পাহৰি গৈছোঁ,আকৌ নতুনকৈ নিজকে বিচাৰি পাইছোঁ

চিৰকালৰ মানুহৰ অমিত শক্তি

আশা-আকাংক্ষা

জয়-পৰাজয়ৰ গৌৰৱ-আনন্দ-গ্লানি-যন্ত্ৰণাৰ অংশীদাৰ হৈছোঁ

যেতিয়া পৃথিৱীৰ সৰ্বত্ৰ মানুহ আছে

জড় জীৱন্ত বস্তুবোৰ আছে

জুই-পানী আছে

হাঁহি আৰু চকুলোৰ জোন-বেলি তৰাবোৰ অনন্ত কাল ধৰি একেখন আকাশতে জ্বলি আছে৷

চি জি য়ুঙে এবাৰ কৈছিল– আধুনিক মানুহে এটা আত্মা বিচাৰি ফুৰিছে৷ আমাৰ বিশ্বাস,কবিতাৰ মাজেৰেই আধুনিক মানুহে এদিন সেই আত্মাৰ সন্ধান পাব,সন্ধান পাব এখন প্ৰেমৰ পৃথিৱীৰ– নতুন আধ্যাত্মিক প্ৰমূল্যৰ,সৰ্বাত্মক এটা মানৱিক যুগৰ৷

কবিতা ভাষা শিল্প,জীৱন শিল্পও৷ সমাজবোধ আৰু ইতিহাসবোধৰ পৰাই উৎসাৰিত হয় কবিতাৰ ভাষা৷

কিন্তু শেষত এই ভাষাৰো বন্ধন ছিঙি কবিতাই বিচাৰে অন্তহীন ব্যাপ্তি–

মানুহৰ তেজত

মঙহত-বতাহত-আকাশত

লিখিছোঁনে এনে এটা কবিতা যি ‘বচনাতীতৰ আস্বাদ’

আনন্দ ৰূপ অমৃত

নীল নিনাদি উঠা হুংকাৰ

যি জীৱনৰ প্ৰতিকল্প

য’ত কালাতীত মহাজীৱনৰ ধবনিময়-ৰূপময়-গন্ধময়-বৰ্ণময় বাণী সোণৰ সংগীত হৈ বাজি উঠিছে

গুঁজৰি গুমৰি মৰিছে

বহু প্ৰস্তুতি আৰু প্ৰতিক্ষাৰ পিছত পাওঁ এটা তন্ময়ৰ মুহূৰ্ত৷ লিখোঁ এটা কবিতা বা অকবিতা৷ তাৰ পাছত আকৌ সেই অতৃপ্তি৷

সেই ব্যৰ্থতাৰ ক্লেশ আৰু যন্ত্ৰণা৷ আকৌ সেই ৰৈ থকা আৰু সেই এজাক বৰষুণলৈ বাট চাই থকা৷

মানুহক মানুহ কৰাই সকলো কলাৰ লক্ষ্য৷ কবিতাৰো৷

মানুহৰ সৃজনীশক্তি,উপলব্ধি শক্তি,মংগলবোধক উদ্ৰেক কৰা বোধ-অনুভূতিক জীপাল, তেজাল, ধাৰাল কৰা– মানুহৰ সৃজনশীল চৈতন্যক সম্প্ৰসাৰিত কৰা

মানুহক দ্ৰষ্টা কৰা

স্ৰষ্টা কৰা৷

পৃথিৱীৰ সকলো কবিয়েই সম্ভৱতঃ বাঞ্ছা কৰে,পৃথিৱীৰ সকলো মানুহেই কবি হওক,বিদ্ৰোহী হওক,প্ৰেমিক হওক৷

জীৱনৰ অখণ্ড ৰূপৰ সাধনাই কবিৰ সাধনা৷

আৰু কবিতা– প্ৰেম,শক্তি,শান্তি,ঐক্য,সৌন্দৰ্যত আৰু সৃজনশীলতাত মানুহৰ অটল আস্থা৷ এই কাৰণেই ই অক্ষয় আৰু অনন্ত৷ প্ৰতিটো কবিতাই এটা মানৱিক মুহূৰ্ত,যি আনন্দ বেদনাৰ,শেষ হয় চেতনাৰ নিস্তব্ধ উজ্জীৱনত৷ কবিতা মানৱতাৰ কণ্ঠস্বৰ৷ কাণ পাতিলেই প্ৰতিজনে নিজৰ মনৰ নিজানত শুনিবলৈ পাব পুৱা-সন্ধ্যাৰ,সত্য আৰু সৌন্দৰ্যৰ সেই আৱহমান ৰাগমালা৷

সাৰ্থক কবিতা এটা পঢ়িলে

বা শুনিলে আমি নিজকে পাওঁ

আনকো পাওঁ

হঁহা দেখোঁ

কন্দা দেখোঁ

জীৱন্ত জড় বস্তুবোৰক নিজৰ মাজত দেখোঁ

ক’ৰবাত নিজকে এৰি থৈ কাৰোবাক বিচাৰি ক’ৰবালৈ গুচি যাওঁ৷


বিশ্ব প্ৰকৃতি আৰু জীৱনৰ ৰহস্যৰ লগত জনা-নজনাকৈ আমাৰ এটা সম্পৰ্ক হয়৷ নিজৰ কল্পনা আৰু বোধ অনুভূতিৰে মানুহৰ অস্তিত্ব,অস্তিত্বৰ যন্ত্ৰণা,সত্য অসত্যক,অতীত,বৰ্তমান আৰু ভৱিষ্যতক জীৱনৰ পূণতা,অপূৰ্ণতাক,জনা-নজনাক অনুভৱ উপলব্ধি কৰোঁ৷ ব্যক্তিমন সাৰ্বজনীন মনৰ লগত কালস্ৰোত আৰু ইতিহাসৰ লগত অন্বিত হয়৷

কবি মাত্ৰেই তেওঁ এজন সৰ্বপ্ৰাণবাদী,প্ৰেমিক,বিদ্ৰোহী,মানৱতাবাদী,মানুহৰ মৈত্ৰী-মমতাবোধত শান্তি-ঐক্য আৰু মানুহৰ ভৱিষ্যতত বিশ্বাসী৷ পৃথিৱীৰ সকলো কবিয়েই বাঞ্ছা কৰে,সৰ্বত্ৰ শোষণ-পীড়নৰ অন্ত হওক, ভ্ৰাতৃঘাতী আত্মঘাতী সংঘাত,সংঘৰ্ষ,যুদ্ধ-বিগ্ৰহ,ৰক্তপাতৰ অন্ত হওক,মানুহৰ মানুহলৈ ভয় নোহোৱা হওক৷


পৃথিৱীৰ প্ৰতিজন মানুহেই প্ৰতিজন মানুহৰ মাজত বিচাৰি পাওক চিৰকালৰ এজন পৰম সুহূদ৷ মানুহৰ জীৱনৰ প্ৰতিটো মুহূৰ্তই হওক একোটা মানৱিক মুহূৰ্ত– একোটা আধ্যত্মিক মুহূৰ্ত৷

ছাঁ জাঁ পেৰ্ছৰ এফাঁকি কথাৰ প্ৰতিধবনি কৰি কওঁ–

কবিতা মাটিৰ চাকি৷

কবিৰ হাতত থকা এই মাটিৰ চাকিটিৰ পোহৰেই আজিৰ এই পৰিস্থিতিত যথেষ্টনে? যথেষ্ট– যদি মানুহে কেৱল মনত ৰাখে মাটিক৷

প্ৰখ্যাত সমালোচক চি এম বাওৰাৰ কথাৰ সুৰত কওঁ– মোৰ প্ৰতিটো কবিতা সভ্যতাৰ বাটেৰে আহি থকা আধুনিক মানুহৰ মনৰ বিকাশ– উন্মুখ এটা এটা নৱীন খোজহে মাথোঁন৷ মানুহ,মানুহ,মানুহ,মানুহ,মানুহ– মোৰ সপোনৰ সূৰ্যৰ মানুহ– মোৰ অপাৰ অগাধ-অটল আস্থাৰ থলী৷

তাৰ পিছতো মোৰ মনলৈ এই ভাব আহে– আপুনি কবিতা পঢ়েনে?নিচেই কমসংখ্যক মানুহেহে কবিতা পঢ়ে আৰু কাচিৎ কোনোবাজনেহে কবিতাৰ দ্বাৰা সামান্য প্ৰভাৱিত হয়৷ মানুহ য’তেই আছে,তাতেই জড় জীৱন্ত বস্তুবোৰ আছে৷ তাতেই কবিতা আছে৷ জীয়াই থকাটোৱেই কবিতা৷ জীৱনেই কবিতা৷ কেৱল মানুহৰেই গান আছে৷ মানুহৰেই আছে এটা চিন্তাশীল আৱেগিক ভাব জীৱন,এটা বৃহত্তৰ জীৱন৷ মানুহৰ অন্তৰাত্মাৰ ব্যাকুলতাৰ অন্ত নাই৷ মানুহেই কেৱল কল্পনা আৰু সৃজনীশক্তিৰ অধিকাৰী৷ এই কল্পনাই জ্ঞান,আৰু সৃজনীশীল চৈতন্যই পোহৰ৷ সৃজনীশীল চৈতন্যৰ সমৃদ্ধি আৰু ব্যাপ্তিতেই মৰণশীল মানুহৰ শৌৰ্য আৰু মনুষ্যত্বৰ গৌৰৱ৷

আহক কবিতা পঢো কবিতাই অমৃত মণি,অভয়৷ পাৰাপাৰহীন প্ৰেমৰ মাজত অনাবিল সৌন্দৰ্যৰ মাজত নগ্ন হওক,মগ্ন হওক,স্তব্ধ হওক– মুক্ত কৰক মন আৰু হূদয়ক৷ আৰু আপুনি নিজেই হৈ উঠক এটা কবিতা৷

আপুনিও এটা শুভবাৰ্তাৰ কাৰণে ৰৈ আছে,মানৱতাৰ মুহূৰ্তবোৰৰ কাৰণে৷ আহক উপলব্ধি কৰোঁ অনিৰ্বচনীয় এক আনন্দ আৰু বেদনাক,যি আনন্দৰ,বেদনাৰ শেষ হয় চেতনাৰ নিস্তব্ধ বোধনত৷

আহক অনুভৱ কৰোঁ–

মনৰ ভিতৰত ৰঙা হালধীয়া ফুলবোৰ ফুলি উঠা,

এটা শংখৰ ভিতৰত এটা শংখ বাজি উঠা৷

অনুভৱ কৰোঁ– মানুহ মুক্ত,জীৱন সুন্দৰ,জুই সুন্দৰ,পানী সুন্দৰ,উঁইচিৰিঙাৰ মাতটো সুন্দৰ,টিপচি চৰাইটো সুন্দৰ,সুন্দৰ মানুহৰ মৃত্যু৷

মই এক অসমীয়া,মোৰ কবিতাৰ ভাষা অসমীয়া,তাৰ মাজেৰেই মই বিশ্বমন, হূদয় আৰু প্ৰাণৰ সৈতে যুক্ত হৈ থাকোঁ৷ দেশ,কাল,ভাষাৰ সীমা চেৰাই গৈ পোৱা মুকুতিৰ স্নিগ্ধ আনন্দত লালিত মোৰ কল্পনা৷

অসমৰ বিনন্দীয়া প্ৰকৃতিয়ে মোৰ কল্পনাক প্ৰাণৱন্ত কৰি ৰাখে৷ ইয়াৰ পাহাৰ,ভৈয়ামৰ মাটি, শইচৰ সেউজ-সোণালীয়ে মোৰ সংবেদনত জোকাৰ তুলি থাকে অনবৰতে,ইয়াৰ কলৰৱমুখৰ নৈবোৰৰ সৌন্দৰ্য-মাধুৰ্য,নৈৰ পাৰৰ ছোৱালীহঁতৰ ৰূপ-জেউতীয়ে মোৰ সৃজনশীল মনটোক নিয়ত আলোড়িত কৰি ৰাখে৷ মোলৈ অহা অতিকে সন্মানজনক জ্ঞানপীঠ বঁটা এই সকলোৰে লগত মই ভগাই ল’বলৈ পাই পুলকিত হৈছোঁ৷

শেষত,পুনৰবাৰ সমৱেত সুধী সমাজক কৃতজ্ঞতা জনাই মূৰ দোৱাইছোঁ,সেৱা জনাইছোঁ৷