Logo
image

ছট পূজা উদযাপনৰ মাজতেই ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা

আমাৰ অসম, ২১ নৱেম্বৰঃ ছট পূজা উদযাপনৰ মাজতেই ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা। যোৰহাটৰ হৰিজন কলনীত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতেই সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। পাঁচটাকৈ বাসগৃহ সম্পূৰ্ণৰূপে জুইত জাহ যায়। পিছত অগ্নি-নিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিয়ন্ত্ৰণলৈ আহে।