বিহুৰ দিনৰ চিন্তন
বিহু অসমীয়াৰ প্ৰাণ৷ বিহুতেই নিহিত থাকে অসমীয়া জাতিৰ প্ৰাণ স্পন্দন,আৱেগ,জাতীয় জীৱনৰ ভেটি সৰলতা,উদাৰতা আদি অনেক৷ বিহুৰ এনে এক ‘শক্তি’ক উপলব্ধি কৰি সুধাকণ্ঠ ভূপেন হাজৰিকাই বিশেষকৈ ব’হাগক অসমীয়া জাতিৰ আয়ুসৰেখা,গণ জীৱনৰ সাহৰূপে অভিহিত কৰিছে৷ লগতে সুধাকণ্ঠই বিহুটিক বছৰি আহিবলৈ আহ্বান জনাই অসমী আইক জগাবলৈ কৈছে,বিপদ কালতো মাহ-হালধিৰে জাতিৰ মন-প্ৰাণ ধুৱাবলৈ কৈছে৷ জাতি-বৰ্ণ,ধৰ্ম নিৰ্বিশেষে বিহুৱে মানুহক একত্ৰিত কৰাৰ ধাৰাটো লক্ষ্য কৰি তেওঁ বিহুৱে মৰমৰ দীঘেৰে,হেঁপাহৰ আচুৰে জাতিটোক একতাৰে ৰাখিব বুলি গীতেৰে দৃঢ় বিশ্বাস ৰাখিছে৷ সময়ে মূলতঃ কৃষিভিত্তিক উৎসৱ বিহু উদ্যাপনৰ ক্ষেত্ৰত বহু পৰিৱৰ্তন আনিলেও জনপ্ৰিয়তাৰ ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাই৷ সময় যিমানেই বাগৰিছে,বিহুক লৈ উৎসাহ-উদ্দীপনা,মাদকতা ৰাইজৰ মাজত অধিক বৃদ্ধিহে পাইছে৷ একালত গছতলৰ বিহু,ডেকা-গাভৰুৰ মাজতে আৱদ্ধ থকা বিহুক স্বৰ্গদেউ ৰুদ্ৰসিংহই ৰাজকীয় মৰ্যাদা প্ৰদান কৰি ৰংঘৰ বাকৰিত ডা-ডাঙৰীয়াৰ সৈতে উদ্যাপনৰ দ্বাৰা জাতীয় উৎসৱলৈ উত্তৰণ ঘটোৱাৰ পৰা গৃহস্থৰ চোতাল গৰকি পৰৱৰ্তী পৰ্যায়ত মঞ্চলৈ যোৱালৈকে বা তাৰ পাছত তথ্য-প্ৰযুক্তিৰ আগ্ৰাসনৰ আলম লৈ অধিক জাক-জমকতাৰে পৰিপূৰ্ণ হোৱালৈকে বিহু উদ্যাপনত বহু সংযোজন হ’ল,বহু পৰিৱৰ্তন হ’ল৷ গ্ৰাম্য জীৱনৰ সৰলতা, জীৱনশৈলী,কৃষিকৰ্মৰ ভিত্তিত গঢ় লৈ উঠা বিহু উৎসৱত সময়ে সময়ে আৰ্থ-সামাজিক দিশত ঘটা পৰিৱৰ্তনবোৰে স্পৰ্শ কৰাটো অস্বাভাৱিক নহয়৷ এনে পৰিৱৰ্তনসমূহ বিহুগীত,হুচৰি,বিহুনাচ সকলোতে দেখা দিছে৷ এক কথাত ক’বলৈ গ’লে আজিৰ সময়ৰ বিহু তাহানিৰ নিয়ন্ত্ৰক কৃষিকৰ্মৰে জড়িত চহা জীৱন যাপন কৰা লোকৰ পৰিৱৰ্তে ইয়াৰ সৈতে একপ্ৰকাৰ বিচ্ছিন্ন মধ্যবিত্ত সমাজলৈ আৰু পৰ্যায়ক্ৰমে ব্যৱসায়িক গোষ্ঠী,বহুজাতিক প্ৰতিষ্ঠান,বিত্তৱান লোকলৈ হস্তান্তৰ হোৱাৰ বাবে বিহু উদ্যাপনত আধুনিকতাৰ অধিক পৰশ লাগিল৷ অৱশ্যে এনেবোৰ পৰশ পৰা স্বত্বেও বিহুত সাধাৰণ শ্ৰেণীৰ লোকৰ অংশগ্ৰহণ হ্ৰাস পোৱা নাই৷ ৰঙালী বিহুৰ কিছু আগৰে পৰা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিভিন্ন দল-সংগঠন,অনুষ্ঠান আদিৰ উদ্যোগত আয়োজন কৰা কৰ্মশালা সমূহত সমাজৰ সকলো স্তৰৰ পাছৰ পৰা যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে৷ নতুন প্ৰজন্মৰ বহুলোকে এনেদৰে ঢোল,পেপা,গগনা,শুতুলি বজাবলৈ শিক্ষা,বিহুনাচ শিকাটো এক সুন্দৰ দিশ৷ ঢুলীয়াৰ ঢোলৰ গুমগুমনিত বিহুনাচ শিকাসকলৰ ক্ষেত্ৰত ধনী-দুখীয়া,উচচ-নীচ,জাত-পাত একোৰে বিচাৰ নহয়৷ অভিভাৱকসকলৰ মাজত আধুনিক জীৱনশৈলীয়ে প্ৰভাৱ বিস্তাৰ কৰিলেও নিজৰ পুত্ৰ-কন্যাক বিহু শিকোৱাৰ ক্ষেত্ৰত অধিকাংশই আগ্ৰহ প্ৰকাশ কৰে৷ বৰ্তমান কেৱল অসমতে নহয়,বিহুৰ জনপ্ৰিয়তা ভাৰতৰ বিভিন্ন ৰাজ্যলৈয়ো প্ৰসাৰিত হৈছে৷ বিহুৰ বিষয়ে জ্ঞান থকাটো এতিয়া একপ্ৰকাৰ বাধ্যতামূলক হোৱাৰ দৰে হৈছে৷ অসমৰ বিদ্যালয়সমূহৰ পাঠ্যক্ৰমতো বিহুক অন্তৰ্ভুক্ত কৰা হৈছে৷ বিহুৰ এনে জনপ্ৰিয়তা,বিহুক লৈ পাৰভঙা উছাহৰ সময়ত বিহুৰ উৎপত্তিৰ মূল বিষয়সমূহক লৈ যদি ৰাইজ নিৰ্লিপ্ত হয় তেন্তে জাতিৰ বাবে নিশ্চয় মংগলজনক নহয়৷ নতুন চামে ঢোল বজাবলৈ শিকক,বিহুনাচ শিকক বিহুগীত শিকক– এয়া আমাৰ আশাৰ বতৰা৷ বিহুৰ মূল কাণ্ডাৰী অৰ্থাৎ চহা জীৱন,কৃষিকৰ্মৰে জড়িতসকলেহে বিহু উদ্যাপন কৰিব,তাক বিচৰাটো আজিৰ দিনত সমিচীন নহ’ব৷ কিন্তু শস্যে-মৎস্যে ভোগালী ৰাজ্যখনত গোহালিত গৰু,পুখুৰীত মাছ,বাৰীত তামোল-পাণ বুলি গোৱা বিহু গীতবোৰ আজিৰ সময়ত অসাৰ্থক যেন লগাতো এক উদ্বেগজনক বিষয়৷ শইচৰ পথাৰসমূহ এতিয়া একপ্ৰকাৰ উদং হৈ পৰি থাকে বিনামূলীয়া চাউল বিতৰণৰ বাবে৷ চৰকাৰী আঁচনিৰ হিতাধিকাৰী অৰ্থাৎ নিজকে দুখীয়া প্ৰতিপন্ন কৰি চৰকাৰী সুবিধা লোৱাৰ বাবে গৰিষ্ঠসংখ্যক লোক তৎপৰ৷ প্ৰধানমন্ত্ৰী কিষাণ বিকাশ নিধিত ভুৱা কৃষকৰূপে সমগ্ৰ দেশৰ ভিতৰতে অসমে শীৰ্ষস্থানত থাকি ৰাজ্যখনক লজ্জানত কৰিছে৷ চ’তৰ সংক্ৰান্তিৰ দিনাৰ পৰা আৰম্ভ কৰি ব’হাগৰ ৬ তাৰিখলৈকে ৭ দিন উদ্যাপন কৰিব লগা বিহু অৰ্থাৎ সাতবিহুৰ পৰম্পৰা কাহানিবাই লোপ পালে৷ মাহ-হালধিৰে গৰু গা ধুওৱা, দীঘলতী-মাখিয়তীৰে গৰুৰ গাত কোবোৱা,লাও-বেঙেনা ছাট মৰা আদি পৰম্পৰাসমূহ এতিয়া এক ছেটেলাইট চেনেল,সামাজিক মাধ্যমৰ বাবেহে এক দৃশ্যত পৰিণত হৈছে৷ গ্ৰাম্য অৰ্থনীতিক সৱল কৰাৰ বাবে চৰকাৰে বহু আঁচনি ঘোষণা কৰিছে যদিও বিহুক কেন্দ্ৰ কৰি প্ৰকৃত কৰ্ম-সংস্কৃতিৰ ধাৰাটো অক্ষুণ্ণ ৰখাৰ বাবে যি প্ৰচেষ্টা চলিব লাগিছিল সেয়া হোৱা নাই৷ গ্ৰাম্য সমাজৰ হাজাৰ হাজাৰ লোকে নিজৰ কৃষিভূমি থকা সত্ত্বেও সামান্য দৰমহাৰ বাবে চেন্নাই,বেংগালুৰু, কেৰালা,মুম্বাইলৈ ঢাপলি মেলিছে,অথচ বিপুল সম্ভাৱনা থকা শইচৰ পথাৰসমূহ অনুৎপাদনশীল হৈ পৰি আছে৷ এচামে নতুন কৃষিকৰ্মলৈ আহিছে যদিও সেয়া এপাচি শাকত এটা জালুক৷ আজি বিহুৰ দিনত এফালে বিহুৰ উৎসৱমুখিতাক লৈ আহ্লাদিত হোৱাৰ সময়ত ৰজাঘৰ-প্ৰজাঘৰ সকলোৱে এই কথাবোৰ চিন্তা কৰাৰ সময় সমাগত৷ অসমীয়া জাতিৰ আয়ুসৰেখা ব’হাগৰ এই দিনকেইটাতে ৰাইজখনে তঙালি বন্ধাৰ সময়!






